মহাত্মা জ্যোতিৰাও ফুলেয়ে আৰম্ভ কৰা স্কুল এখনৰ দলিত ছাত্ৰী মুক্তা চালভেয়ে ১৮৮৫ৰ ১৫ ফেব্ৰুৱাৰীত এখন ৰচনা লিখিছিল। নাম আছিল ‘মাংগ-মহাৰাঞ্চা দুক্ষাবিষয়ী’ (মাংগ আৰু মহাৰসকলৰ শোক)। মাৰাঠী পষেকীয় আলোচনী দ্যানোদয়ত এই ৰচনাখন প্ৰকাশ পাইছিল। চোকা ভাষাৰে তেওঁ ধৰ্মৰ ৰক্ষকসকলক প্ৰত্যাহ্বান জনাইছিল: “এজনক সুবিধা দি আনক বঞ্চিত কৰা ধৰ্ম নাইকিয়া হৈ যাব দিওঁ আহক আৰু এনে ধৰ্মক (বৈষম্যমূলক) লৈ গৌৰৱ কৰিবলৈ এৰো আহক।”
মুক্তা চালভেয়ে নিজৰ মাংগ মানুহখিনিক লৈ এই চিঠিখন লিখাৰ সময়ত তেওঁৰ বয়স আছিল কেৱল ১৫ বছৰ। চিন্তা উদ্ৰেককাৰী তেওঁৰ এই ৰচনাখনে দলিতসকলক ব্ৰাহ্মণ শাসকসকলে কেনেকৈ অত্যাচাৰ কৰিছিল, সেইবিষয়ে লিখিছিল। তেওঁৰ দৰে কাৰুবাই খাৰাতে আলান্দিৰ আধ্যাত্মিক গুৰুসকলক প্ৰত্যাহ্বান জনআই তেওঁলোকক আধ্যাত্মিকতা আৰু ধৰ্মৰ তৰ্কযুঁজত হৰুৱাইছিল। কাৰুবাইয়ে সৰ্বসাধাৰণৰ দুখ-কষ্টক লৈ গীত গায়। কাৰুবাইৰ গীতত জীৱনৰ গভীৰ অৰ্থ আৰু দৰ্শনৰ আভাস পোৱা যায়। গীতত সমতাৰ মূল্যৰ বিষয়ে কোৱাৰ উপৰিও বাবাচাহেব আম্বেদকাৰৰ প্ৰতি তেওঁৰ কৃতজ্ঞতাও যাঁচে।
*****
काखेत पोरगं हातात झाडनं डोईवर शेणाची पाटी
कपडा न लत्ता, आरे, खरकटं भत्ता
फजिती होती माय मोठी
माया भीमानं, भीमानं माय सोन्यानं भरली ओटी
मुडक्या झोपडीले होती माय मुडकी ताटी
फाटक्या लुगड्याले होत्या माय सतरा गाठी
पोरगं झालं सायब अन सुना झाल्या सायबीनी
सांगतात ज्ञानाच्या गोष्टी
सांगू सांगू मी केले, केले माय भलते कष्ट
नव्हतं मिळत वं खरकटं आणि उष्टं
असाच घास दिला भीमानं
झकास वाटी ताटी होता
तवा सारंग चा मुळीच पत्ता नव्हता
पूर्वीच्या काळात असंच होतं
बात मायी नाय वं खोटी
माया भीमानं, मया बापानं,
माया भीमानं माय, सोन्यानं भरली ओटी
কোলাত কেঁচুৱা, হাতত ঝাড়ু
মুৰত গোবৰৰ পাচি এটাই মোৰ অলংকাৰ,
এখুদমান ভাত মোৰ মজুৰি।
বিশ্বাস কৰক,
জীৱনটো আছিল কালিমাৰ আন এক নাম
মোৰ ভীম, হয় মোৰ ভীমে আহি জীৱনটো সোণোৱালী কৰিলে
মোৰ ভঙা পঁজাৰ দুৱাৰখনো ভগা আছিল
মোৰ চাদৰখন গণি শেষ কৰিব নোৱাৰাকৈ ফিঁচিকিছিল
এতিয়া মোৰ ল’ৰাটো বাবু, বোৱাৰীও বিষয়া
সিহঁতে মোক কি জ্ঞানৰ বাট দেখুৱাব
মই কত যে কষ্ট সহিছো, হাড়ভঙা শ্ৰম কৰিছো
এৰেহা কিম্বা খুদকণো ভাগত নপৰিছিল
কিন্তু ভীমে আহি আমাক খুৱালে
ডাঙৰ থাল আৰু বাটিত
তেতিয়া কবি সাৰংগ তাত নাছিল
এনেকৈয়ে আমি দিন নিয়াইছিলো
মই মিছা কোৱা নাই বন্ধু,
মোৰ ভীম, মোৰ দেউতা, তেঁৱেই মোৰ জীৱনটো সোণোৱালী কৰিছিল
![](/media/images/03b-IMG-20221004-WA0005-KV-Ambedkars_emiss.max-1400x1120.jpg)
![](/media/images/03a-IMG-20221004-WA0007-KV-Ambedkars_emiss.max-1400x1120.jpg)
টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স, তুলজাপুৰত আয়োজিত ড. আম্বেদকাৰ সোঁৱৰণী বক্তৃতা অনুষ্ঠানত বহুবছৰ আগতে কাদুবাই খাৰাত আৰু তেওঁৰ একতাৰী
ড. বাবাচাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আমি হাজাৰটা গান শুনিছো। কিন্তু কেইটামান আমাৰ হৃদয় চুইছে আৰু ইমানেই জনপ্ৰিয় হৈছে যে সেই গানে গণস্মৃতিৰ এক অংশ হৈ পৰিছে। কাদুবাইৰ এই গীতটোৱে সেই পৰ্য্যায় লাভ কৰিছে। সাধাৰণজনৰ মাজত এই গীতটো অতি জনপ্ৰিয়, তেওঁলোকৰ ঘৰ আৰু হৃদয় দুয়োটাতে এই গীতৰ স্থান আছে। আম্বেদকাৰক লৈ এই গীতটি ঘৰে ঘৰে চলে।
এই গীতটো জনপ্ৰিয় হোৱাৰ কেবাটাও কাৰণ আছে। আৱেগৰ জোখাৰে সঠিক শব্দ, স্পষ্ট কণ্ঠ, সুকীয়া শব্দ আৰু বাদ্যযন্ত্ৰ আৰু বিশেষকৈ সুগভীৰ কণ্ঠ। সাধাৰণ ব্যক্তি হিচাপে তেওঁ কালাৰ্চ চেনেলৰ জলসা মহাৰাষ্ট্ৰচা টিভি শ্বোত আহিছিল আৰু জি টিভিতো আহিছিল। কিন্তু জীৱনৰ সেই পৰ্য্যায় পোৱাৰ আগতে তেওঁ কি কণ্টকময় বাট বব লগা হৈছে, সেয়া আমি কমেই জানো। কাদুবাইৰ নামটোৱে তেওঁ জীৱনটোৰ অভিজ্ঞতাৰ তাৎপৰ্য্য বহন কৰিছে। (কাদু মানে তিতা, মাৰাঠৱাড়াত এই নামটো ছোৱালীক বৰকৈ দিয়া হয়, যাতে কাৰো মুখ নালাগে।)
কাদুবাইৰ পিতৃ আছিল তুকাৰাম কাম্বলে…
শৈশৱৰে পৰা দাৰিদ্ৰ্য জীৱন কটোৱা কাদুবাইয়ে ১৬ বছৰ বয়সত বিয়া হয় যদিও বৈবাহিক জীৱনৰ কেইটামান বছৰ নৌযাওতেই তেওঁৰ স্বামীৰ মৃত্যু ঘটে। দুই পুত্ৰ আৰু এজনী জীয়াৰীৰ সৈতে জীৱনটোৰ দায়িত্ব তেওঁৰ ওপৰত আহি পৰে। দেউতাকৰ একতাৰীখন লৈ তেওঁ মানুহৰ ঘৰৰ দুৱাৰে দুৱাৰে ভজন-কীৰ্তন গাবলৈ ধৰে। বৈদিক সময়ত গাৰ্গী আৰু মৈত্ৰেয়ী - এই দুই বিদূষী মহিলাই ধৰ্মৰ ৰক্ষকৰ বিষয়টোক লৈ প্ৰশ্ন তুলিছিল। একেদৰে কাদুবাইয়ে আলান্দি মন্দিৰৰ প্ৰাংগণত আধ্যাত্মিকতাৰ ৰক্ষকক লৈ যুক্তিতৰ্ক কৰিছিল। তেওঁ বহুবছৰ ভক্তিমূলক গীত গাই কটাইছিল, কিন্তু দুবেলা দুসাজ মিলাব পৰা নাছিল। সেয়ে তেওঁ জালনা জিলা (মহাৰাষ্ট্ৰ) এৰি ঔৰংগাবাদলৈ আহে।
![](/media/images/02a-KV-Ambedkars_emissary_Kadubais_ektari.max-1400x1120.jpg)
![](/media/images/02b-KV-Ambedkars_emissary_Kadubais_ektari.max-1400x1120.jpg)
কাদুবাইয়ে ঔৰংগাবাদ-বীড় বাইপাছ ৰাস্তাৰ কাষৰ চৰকাৰী চৰণীয়া ভূমিত এটা সৰু জুপুৰী সাজিছে। বৌদ্ধধৰ্ম গ্ৰহণ কৰা কাদুবাইয়ে কয় যে তেওঁ বাবাচাহেবৰ ভালপোৱা, সহানুভূতি, প্ৰেৰণা আৰু শক্তিৰে জগতখনৰ মুখামুখি হৈছে
কিন্তু তেওঁ ঔৰংগাবাদত থাকিব ক’ত? সেয়ে তেওঁ ঔৰংগাবাদ-বীড় বাইপাছ ৰাস্তাৰ কাষৰ চৰকাৰী চৰণীয়া ভূমিত জুপুৰী এটা সাজি লৈছে। তাতে তেওঁ বিজুলী-পানী আদিৰ সা-সুবিধা নোহোৱাকৈয়ে জীৱন নিৰ্বাহ কৰে। আজিও তেওঁ তাতেই থাকে। আৰম্ভণিতে কাদুবাইক মীৰা উমাপে তেওঁৰ মণ্ডলীত লৈছিল। কিন্তু তিনি সন্তানৰ লালন-পালন কৰিব পৰাকৈ পইচা নাছিল। কাদুবাইয়ে কয়, “বৰষুণ দি আছিল আৰু এসপ্তাহলৈ সুৰ্য্যৰ দেখা-দেখি নাছিল। ময়ো কামলৈ বুলি ঘৰৰ পৰা ওলাই যাব পৰা নাছিলো। তিনিওটা সন্তানে ভোকত কলমলাই আছিল। মই ঘৰে ঘৰে গৈ ভজন গালো। এগৰাকী মহিলাই ক’লে, ‘আম্বেদকাৰৰ গীত গোৱা।’ মই গীত এটি গালো আৰু সন্তানকেইটা ভোকত থকাৰ কথা ক’লো। মানুহগৰাকী পাকঘৰলৈ গৈ ঘৰলৈ বুলি অনা বস্তু এগালমান দিছিল। সেইখিনিৰে মোৰ এমাহ চলিছিল। তেওঁ সন্তানৰ ভোক কি জানিছিল।”
“আম্বেদকাৰৰ গীতে সিহঁতৰ পেটৰ ভোক দূৰ কৰিছিল। মোৰ গোটেই জীৱনটো সলনি হৈ গৈছিল। মই ভজন-কীৰ্তন এৰি ড. আম্বেদকাৰে দেখুওৱা বাট অনুসৰণ কৰিবলৈ ল’লো। সেই বাটত দৃঢ়তাৰে আগবাঢ়ি ২০১৬ত মই হিন্দুধৰ্ম আৰু মোৰ মাতংগ জাত এৰিলো। বৌদ্ধধৰ্ম গ্ৰহণ কৰিলোঁ!”
কাদুবাইয়ে দেউতাক আৰু স্বামীক হেৰুৱালে। কিন্তু তেওঁৰ সংগ্ৰামৰ সমগ্ৰ কালচোৱাত লগত থাকিল তেওঁৰ একতাৰী আৰু সুৱদী কণ্ঠ। দেউতাক আৰু স্বামীক হেৰুৱাই তেওঁ সাহস নেহেৰুৱালে।
কাদুবাইৰ সংগ্ৰামী জীৱনত দুটা বস্তুৱে সদায় লগ দিছিল - এটা হৈছে তেওঁৰ একতাৰী আৰু তেওঁ কণ্ঠ। তেওঁক জগতখনৰ মুখামুখি হ’বলৈ লগ দিছিল বাবাচাহেবৰ ভালপোৱা, কৰুণা, অনুপ্ৰেৰণা আৰু শক্তিয়ে।
ঘৰে ঘৰে গৈ গীত গাই ভিক্ষা মাগি খোৱাৰ পৰা মহাৰাষ্ট্ৰত আজি এগৰাকী যশস্বী লোক হোৱালৈ এই যাত্ৰা অগতানুগতিক। একতাৰীখন তিনিটা দশক ধৰি তেওঁৰ সংগী হৈ আহিছে।
*****
অজন্তা গুহাৰ ১৭ নম্বৰ গুহাটোত (মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত) একতাৰীৰ উল্লেখ আছে। গুহাৰ বেৰত একতাৰীৰ চিত্ৰ আছে। মহাৰাষ্ট্ৰত প্ৰতিটো জাতিৰে এবিধ পচন্দৰ বাদ্য আছে। ৰীতি-নীতি আৰু সাংস্কৃতিক পৰ্বত এই বাদ্যযন্ত্ৰ বজোৱা হয়। মাংসকলে হালগি বজায়, দাক্কালৱাৰসকলে কিংৰী, ধনগৰসকলে গাজি ধোল, য়াল্লামাৰ অনুগামীসকলে চৌন্দাক, গোচাৱিসকলে দাবৰু আৰু মাহাৰ সম্প্ৰদায়ে ধোলকি আৰু টুনটুনে বজায়।
মুম্বাই বিশ্ববিদ্যালয়ৰ অধ্যাপক ড. নাৰায়ন ভোসলেয়ে কয় যে গোচাৱি সম্প্ৰদায়টোক দাবৰু-গোচাৱি বুলি কোৱা হয়, কিয়নো তেওঁলোকৰ মাজত দাবৰু বাদ্যযন্ত্ৰ বজোৱাৰ পৰম্পৰা আছে। নাৰীপ্ৰধান সমাজক লৈ ভজন গোৱা ভাট সম্প্ৰদায়ে টুনটুনে আৰু চম্বল বজায়।
একতাৰী আৰু টুনটুনে দেখাত একে। কিন্তু বাদ্যযন্ত্ৰ দুবিধৰ শব্দ, বজোৱাৰ শৈলী আৰু বনোৱাৰ প্ৰক্ৰিয়াৰ পাৰ্থক্য আছে। মাহাৰ আৰু মাং পৰম্পৰাৰ ভজন গীতত একতাৰীৰে সংগত কৰা উচ জাতিৰ ক্ষেত্ৰত দেখা নাযায়, থাকিলেও অতি বিৰল। এই সম্প্ৰদায়কেইটাৰ সাংস্কৃতিক জীৱনৰ এই বাদ্যযন্ত্ৰকেইটা অবিচ্ছেদ্য অংগ। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ উপৰিও দৈনন্দিন জীৱনৰ বিভিন্ন পৰ্বত এই বাদ্যযন্ত্ৰসমূহ পৰিৱেশন কৰা হয়।
একতাৰী সন্দৰ্ভত জনপ্ৰিয় চাহিৰ সম্ভাজী ভগতে কয়, “ইয়াৰ শব্দ আৰু স্বৰ দুখৰ সৈতে নিবিড়ভাবে সম্পৰ্কিত। ‘দিং নাগ, দিং নাগ…’ এই শব্দই দুখ কঢ়িয়াই আনে। এই স্বৰ ভৈৰৱী, ভাৰতীয় ধ্ৰুপদী সংগীতৰ ধাৰাৰ এটা ৰাগ, যিটো শোক প্ৰকাশত ব্যৱহাৰ হয়। আপুনি একতাৰী শুনিলে ভৈৰৱী ৰাগ অনুভৱ কৰিব। একতাৰীৰে গোৱা প্ৰায় আটাইবোৰ ভজন ভৈৰৱী ৰাগত লিখা। ভৈৰৱীৰে এই গীত আৰম্ভণি হয় আৰু অন্ত পৰে।”
ভক্তি ধাৰাৰ দুটা ভাগ আছে: সগুণ (য’ত দেৱ-দেৱীৰ আকাৰ আছে) আৰু নিৰ্গুণ (য’ত ইশ্বৰক নিৰাকাৰ ৰূপত কল্পনা কৰা হৈছে)। আৰাধ্য সত্তাৰ মূৰ্তি আৰু মন্দিৰ সগুণ পৰম্পৰাৰ কেন্দ্ৰ। কিন্তু নিৰ্গুণত মন্দিৰ কিম্বা মূৰ্তিৰ স্থান নাই। এই ধাৰাৰ অনুগামীসকলে ভজন গায়। তেওঁলোকৰ বাবে গীতেই উপাসনা আৰু তেওঁলোকে গীতৰ মাজেৰে ইশ্বৰক মানুহৰ মাজলৈ লৈ যায়। বৌদ্ধধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগেয়ে মহাৰাষ্ট্ৰৰ মাহাৰসকলে কবীৰ আৰু ধাগোজী-মেঘোজীৰ আৰাধক আছিল।
आकाश पांघरुनी
जग शांत झोपलेले
घेऊन एकतारी
गातो कबीर दोहे
আকাশৰ তলত
জগতখন শুই আছে
একতাৰী বজাই
কবীৰে দোহা গাইছে (দ্বিপদী)
কবীৰৰ আটাইবোৰ ভজন একতাৰীৰে সংগত কৰিব পাৰি। তেওঁৰ সাধনা আৰু জীৱনৰ অভিজ্ঞতা, দৰ্শন আৰু বিশ্ব দৰ্শনৰ কথা এই গীতবোৰত পোৱা যায়।
নিপীড়িত আৰু উপান্ত শ্ৰেণীৰ লোকৰ বাবে কবীৰ হৈছে এক আধ্যাত্মিক আৰু সাংগীতিক অনুপ্ৰেৰণা। যাযাবৰী সম্প্ৰদায় আৰু পৰিভ্ৰমী গায়ক একতাৰী হাতত লৈ দেশৰ বিভিন্ন প্ৰান্তত তেওঁ সেই বাৰ্তা বিলাই ফুৰিছে। কবীৰৰ গৱেষক পুৰুষোত্তম আগৰৱালে কয় যে কবীৰৰ প্ৰভাৱ কেৱল হিন্দীভাষী অঞ্চল আৰু পাঞ্জাৱতেই নাছিল। তেওঁ ওড়িয়া আৰু তেলেগুভাষী লোকৰ উপৰিও গুজৰাট আৰু মহাৰাষ্ট্ৰলৈকো গৈছিল।
১৯৫৬ৰ আগত মাহাৰ আৰু আন সম্প্ৰদায়ৰ লোকসকল,যাক মহাৰাষ্ট্ৰত অস্পৃশ্য বুলি গণ্য কৰা হৈছিল, তাৰ লগতে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাহাৰসকল কবীৰৰ অনুগামী আছিল। তেওঁলোক কবীৰপন্থী আছিল। তুকাৰাম, মহাৰাষ্ট্ৰৰ দীক্ষিত সন্যাসীজনো কবীৰৰ পৰা প্ৰভাৱিত হৈছিল। বিশ্বাস কৰা হয় যে কবীৰ আৰু কবীৰপন্থীৰ পৰম্পৰাই এই সম্প্ৰদায়বোৰৰ মাজলৈ একতাৰী আনিছিল।
দলিত সম্প্ৰদায়, বিশেষকৈ মাহাৰ আৰু আনসকল অস্পৃশ্য বুলি বিবেচিত হৈ অহাসকলে একতাৰী লৈ গীত গোৱা পৰম্পৰা অনুসৰণ কৰি আহিছে। বাদ্যযন্ত্ৰবিধ দৈনন্দিন জীৱনতো ব্যৱহৃত হয়। তেওঁলোকে মৃতকৰ সোঁৱৰণত একতাৰী বজাই ভজন গায়। মাহাৰ সম্প্ৰদায়ৰ লোকে কবীৰৰ দৰ্শন ব্যাখ্যা কৰি ভজন গায়। জীৱনৰ সিদ্ধি, প্ৰকাশ, সজ কামৰ তাৎপৰ্য্য আৰু মৃত্যু কেনেকৈ আহে তাৰ নিশ্চয়তা আদি তেওঁৰ দোহা আৰু ভজনৰ জৰিয়তে প্ৰকাশ পাইছে। কাদুবাইয়ে কবীৰ, নাথ আৰু ৱাৰকাৰি পন্থীৰ (ভক্তিযুগৰ) ভালেমান গীত জানে।
কাদুবাইয়ে কবীৰৰ ‘গগন মে আগ লগী হ্যে ভাৰী’ (আকাশত জুইৰ লেলিহান শিখা)
গাইছে।
তুকাৰামে গোৱা অভাং:
करीन नामाचा या गजर
धन चोरला दिसत नाही
डोळे असून ही शोधत राही
অ’ ভিত্থাল, তোমাৰ নামৰ মহিমা অপাৰ
তোমাৰ নাম ল’ম
ধনৰ চোৰে দেখা নাপায়
চকুৰে নেদেখিলেও অন্তৰে বিচাৰি ফুৰে
কাদুবাইৰ দৰে বহুতে এনে গীত গাইছিল যদিও তেওঁলোকে ড. আম্বেদকাৰৰ সামাজিক ন্যায়ৰ আন্দোলনৰ প্ৰভাৱ বাঢ়ি অহা দেখি আন গীত গাবলৈ লয়।
মধ্যপ্ৰদেশৰ বালাই সম্প্ৰদায়ৰ প্ৰহ্লাদ সিংহ টিপানিয়াই কবীৰৰ ভজনক একতাৰীৰে সংগত কৰি বিভিন্ন ঠাইত পৰিৱেশন কৰিছিল। মহাৰাষ্ট্ৰৰ মাহাৰ সম্প্ৰদায়ৰ দৰেই এই সম্প্ৰদায়টোৰো সামাজিক স্থিতি একেই। বালাইসকলৰ মদ্যপ্ৰদেশৰ বুৰ্হানপুৰ, মালৱা আৰু খাণ্ডৱা অঞ্চলত বসতি। দলিতসকলে সন্মুখীন হোৱা জাতিগত বৈষম্যৰ কথা কওঁতে ড. আম্বেদকাৰে বালাই সম্প্ৰদায়ৰ কথাও উল্লেখ কৰিছে। আমি গাওঁবোৰৰ ৰাজহৰ তথ্য যদি পৰীক্ষা কৰি চাও, দেখিব যে মাহাৰসকলক এশ বছৰ আগতে গাঁৱত বাসিন্দাসকলক সুৰক্ষা দিয়া, মাটি জোখা, সম্পৰ্কীয়লৈ কোনোবা ঢুকোৱাৰ খবৰ দিয়া আদি কামত লগোৱা হৈছিল। সমাজত তেওঁলোকৰ সেয়াই কাম আছিল। মধ্যপ্ৰদেশত একেই কাম বালাই সম্প্ৰদায়ৰ লোকসকলক দিয়া হৈছিল। গাওঁখনৰ ৰখীয়াসকলক বালাই বোলা হৈছিল। ব্ৰিটিছৰ শাসনকালত একেখিনি লোকক বালাই নাম দিয়া হৈছিল। একেখিনি মানুহকে ব্ৰিটিছ কালত মাহাৰ নাম দিয়া হ’ল। খাণ্ডৱা আৰু বুৰ্হানপুৰৰ ব্ৰিটিছ প্ৰশাসনে দেখিলে যে মধ্যপ্ৰদেশৰ বালাইসকল আৰু মহাৰাষ্ট্ৰৰ মাহাৰসকলৰ কাম একেই, তেওঁলোকৰ জীৱন যাপন, নীতি-নিয়ম, সামাজিক প্ৰথা আৰু কাম সকলো একে। সেয়ে, মাহাৰ সম্প্ৰদায়ৰ লোকসকলক মধ্যপ্ৰদেশত বালাই বুলি ঘোষণা কৰা হয়। তেওঁলোকৰ জাতিটোক ১৯৪২-৪৩ত চৰকাৰী নথিত পুনৰাই মাহাৰ বুলি লিখা হয়। এয়াই বালাইসকলৰ কাহিনী।
*****
![](/media/images/04-DSCF0218-KV-Ambedkars_emissary_Kadubais.max-1400x1120.jpg)
কাদুবাই এতিয়া মহাৰাষ্ট্ৰৰ এগৰাকী যশস্বী ব্যক্তি। তিনিটা দশক ধৰি একতাৰী তেওঁৰ সংগী
প্ৰহ্লান সিংহ টিপানিয়া আৰু শৱনম বিৰমণি ( কবীৰৰ প্ৰকল্পৰ )য়ে কবীৰৰ ভজন গাওঁতে একতাৰী লৈ গায়।
একতাৰী বাদ্যযন্ত্ৰবিধ ভাৰতৰ বিভিন্ন অঞ্চলত ভজন গায়ক আৰু পৰিভ্ৰমী শিল্পী বজায় আৰু গায়। প্ৰায় ১০০-১২০ চেণ্টিমিটাৰ দীঘল একতাৰীৰ বিভিন্ন নাম আছে। কৰ্ণাটকৰ ইয়াক একনাদ, পাঞ্জাৱত টুম্বি, বংগত বাউল আৰু নাগালেণ্ডত তাতি বুলি কয়। টেলাংগনা আৰু চত্তীশগড়ত ইয়াক বুৰ্ৰা বুলি কয়। চত্তীশগড়ৰ আদিবাসীসকলে তেওঁলোকৰ নৃত্য-গীতত একতাৰী বজায়।
একতাৰীত এটা চেপেটা, শুকুৱাই ফোঁপোলা কৰা ৰঙালাও ৰিজনেটৰ হিচাপে ব্যৱহাৰ কৰা হয়। ৰিজনেটৰৰ ঠেক মুখখন এটুকুৰা চামৰাই ঢাকি ৰাখে। ৰিজনেটৰৰ ভিতৰত এটুকুৰা ফোঁপোলা বাঁহ (ভেলু বুলি কয়) ভৰাই ৰখা হয়। তলৰ ফালটোত এডাল তাঁৰ গাঠি দিয়া হয়। তাঁৰডাল ব্ৰীজত ৰাখি ভেলুৰ আনটো মুৰত গাঠি দিয়া হয়। মধ্যমা নাইবা তৰ্জনী আঙুলিৰে তাঁৰডালত আঘাত কৰি বজোৱা হয়।
একতাৰী ডিজাইন কৰা আৰু বনোৱাটো আন বাদ্যযন্ত্ৰতকৈ হজ। ৰঙালাও, কাঠ, বাঁহ আৰু তাঁৰ সহজেই পোৱা যায়। ৰঙালাও আটাইতকৈ ভাল ৰিজনেটৰ। আফ্ৰিকীয় বাদ্যযন্ত্ৰটো ইয়াৰ বহল ব্যৱহাৰ হয়। একতাৰীয়ে বুনিয়াদী নোট দিয়াৰ লগতে মৌলিক ছন্দও দিয়ে। গায়কে নিজৰ মাতটো আৰু গীতৰ ছন্দ সুন্দৰকৈ সেই শব্দৰ সৈতে মিলাব পাৰে। এয়া এক প্ৰাচীন আৰু থলুৱা বাদ্যযন্ত্ৰ। আগতে তাঁৰডালো চামৰাৰে বনোৱা হৈছিল, জন্তুৰ ছালৰ ভিতৰৰ অংশৰে। কৰ্ণাটকত য়াল্লাম্মাৰ পুজাত বজোৱা একতাৰীত এতিয়াও চামৰাৰ তাঁৰেৰে বজোৱা হয়। ইয়াক কুম্বাৰ্ক বুলি কয়। সেয়ে আমি ক’ব পাৰো যে প্ৰথম নোট আৰু প্ৰথম ছন্দ সৃষ্টি হৈছিল যেতিয়া চামৰাৰ ডিস্ক এখনত চামৰাৰ তাঁৰ এডালৰ অনুৰণন ঘটিছিল। তেনেকৈয়ে প্ৰথমটো বাদ্যযন্ত্ৰৰ সৃষ্টি হৈছিল। কৃষকৰ সমাজত ধাতুৰ আৱিস্কাৰৰ পিছতহে তাত ধাতুৰ তাঁৰ যোগ দিয়া হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত এডাল তাঁৰৰ বাদ্যযন্ত্ৰ আৱিস্কাৰ কৰা আৰু বজোৱা হৈছিল। ৰাস্তাৰ দাঁতিত গোৱা সংগীতশিল্পী আৰু যাযাবৰসকলে বজোৱা এই বাদ্যযন্ত্ৰবিধ তেওঁলোকৰ জীৱন ধাৰণৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত আছিল।
এয়া বিশ্বাস কৰা হয় যে ভাৰতৰ ভক্তি আন্দোলনৰ সময়ত সন্ত আৰু কবিসকলে একতাৰী ব্যৱহাৰ কৰিছিল। কিন্তু ঐতিহাসিকভাৱে এয়া সম্পূৰ্ণৰূপে সঁচা নহয়। কবীৰ, মীৰাবাঈ আৰু কিছুমান ছুফী সন্তই গান গাওঁতে একতাৰী ব্যৱহাৰ কৰিছিল, কিন্তু মহাৰাষ্ট্ৰত বহুতো কবি-সন্ত যেনে নামদেৱৰ পৰা আৰম্ভ কৰি তুকাৰামে তাল, চিপলি আৰু মৃদংগ আদি বজাইছিল। বহু চিত্ৰশিল্প আৰু ছবিত সন্তসকলৰ হাতত বীণা দেখা গৈছে।
মাৰাঠী বিশ্বকোষত কোৱা হৈছে: “বীণা হৈছে ভাৰতীয় সংগীতত ব্যৱহৃত প্ৰাচীন তন্ত্ৰীবাদ্য। বৈদিক মন্ত্ৰ পঢ়াৰ সময়ত সুৰৰ লহৰবোৰ গণনা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল।” আমি ইয়াৰ ছবি নামদেৱ আৰু তুকাৰামৰ ছবিত পাওঁ যদিও তুকাৰামে লিখা কোনো অভঙতে ইয়াৰ প্ৰসংগ নাপাও। কিন্তু আন কিছুমান বাদ্যযন্ত্ৰ যেনে তাল, চিপলি আৰু মৃদংগ আদি বজোৱাৰ ভালেমান ঠাইত প্ৰসংগ উল্লেখ আছে।
তুকাৰামে বীণা লৈ থকা ছবিখন সন্তজনৰ ব্ৰাহ্মণ্যবাদী উপস্থাপন।
মানুহৰ দৈনন্দিন জীৱনটো যিহে নিৰ্ধাৰণ কৰে সেয়া ব্ৰাহ্মণ্যবাদী চিন্তাই সদায় নিজাকৈ গঢ়ি লয়। দেৱ-দেৱী, সাংস্কৃতিক অনুশীলন আৰু আনৰ গণসংবেদনা ব্ৰাহ্মণ্যবাদী পৰম্পৰাই অধিকাৰ কৰা আহিছে আৰু সেইবোৰৰ মৌলিক চৰিত্ৰ আৰু প্ৰকৃতি সলনি কৰিছে। ব্ৰিটিছে ভাৰতীয় ভূমি দখল কৰাৰ পিছত পেছোৱাসকলৰ পতনৰ পিছত ব্ৰাহ্মণ্যবাদী শক্তিয়ে স্থিতি হেৰুৱাই পেলায়। সমাজত সেই স্থিতি হেৰুওৱাৰ ক্ষতিপূৰণ হিচাপে ব্ৰাহ্মণ সমাজে সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকৰ দখল আৰম্ভ কৰিলে। এই প্ৰক্ৰিয়াত বহুতো কলা আৰু সাংগীতিক বাদ্যযন্ত্ৰ, যিবোৰ আগতে শ্ৰমিক শ্ৰেণীৰ আছিল, সেইবোৰ কেন্দ্ৰীয় সাংস্কৃতিক শক্তিকেন্দ্ৰবোৰৰ প্ৰভাৱত সলনি হৈ পৰে।
শ্ৰমিক শ্ৰেণীয়ে এই শিল্পকলা আৰু বাদ্যযন্ত্ৰসমূহৰ ওপৰত নিজৰ মালিকীস্বত্ত্ব আৰু কৰ্তৃত্ত্বশীলতা হেৰুৱাই পেলায় আৰু যিসকলে এই শিল্প আৰু বাধ্যযন্ত্ৰ সৃষ্টি কৰিছিল, সেইসকলেই এই শিল্প-সংগীতৰ জগতখনৰ পৰা বৰ্খাস্ত হৈ পৰিল।
ৱাৰকাৰি পৰম্পৰাৰ মৃদংগ চামৰাৰে নিৰ্মিত এবিধ দ্ৰাৱিড়ীয় বাদ্যযন্ত্ৰ আৰু দক্ষিণ ভাৰতৰ অস্পৃশ্যসকলৰ দ্বাৰা নিৰ্মিত। আনহাতে বীণা ভাগৱত পৰম্পৰাৰ সৃষ্টি, যিটো উত্তৰ ভাৰতত অধিক প্ৰচলিত। এনে হ’ব পাৰে যে বীণাখন ৱাৰকাৰি ফৈদৰ সৈতে এইসকলেই পৰিচয় কৰোৱাইছিল। একতাৰী, চম্বল, টিমকি, টুনটুনে আৰু কিংৰী আদি ভাৰতৰ শোষিত আৰু অৱদমিত শ্ৰেণীৰ দ্বাৰা সৃষ্ট বাদ্যযন্ত্ৰ। আনহাতে বীণা, সন্তুৰ আৰু সাংৰগী আদি ধ্ৰুপদী সংগীতত ব্যৱহৃত, এইবোৰ পাৰ্ছীয় মূলৰ, চিল্ক ৰুটৰ যোগেদি সেয়া ভাৰতলৈ আহিছিল। বীণাৰ প্ৰসিদ্ধ বাদকসকল পাকিস্তানী আৰু ভাৰতীয় ধ্ৰুপদী সংগীতৰ ধাৰা তেওঁলোকৰ হাতত সুৰক্ষিত। পাকিস্তানৰ কেট্টাত এনে বহুত শিল্পী আছে যিয়ে বীণা আৰু সন্তুৰ আদি বাদ্যযন্ত্ৰ বনায়। সেয়া ঘাইকৈ ব্ৰাহ্মণ্যবাদী ধ্ৰুপদী সংগীতত ব্যৱহৃত হয়। ভাৰতত কানপুৰ, আজমেৰ আৰু মিৰাজত মুছলমান শিল্পীসকলে এয়া বনায়।
আমাৰ দেশৰ অৱদমিত আৰু উপান্ত শ্ৰেণীৰ লোকে দৰাচলতে চামৰাৰ আৰু বিভিন্ন তাঁৰৰ বাদ্যযন্ত্ৰ বনাইছিল। ব্ৰাহ্মণ্যবাদী সংগীত আৰু শিল্পৰ আছিল এয়া এক সাংস্কৃতিক বিকল্প। ব্ৰাহ্মণসকলে সাংস্কৃতিক জীৱনটো নিজৰ হাতত ৰাখিবলৈ ধ্ৰুপদী সংগীত আৰু নৃত্য চৰ্চা কৰিছিল।
*****
কাদুবাইয়ে একতাৰীৰে গোৱা গীতবোৰ শ্ৰুতিমধুৰ। বাদ্যযন্ত্ৰই তেওঁৰ কণ্ঠৰ স্পষ্টতা আৰু আৱেগিক গভীৰতাক ফুটাই তোলে।
‘আহক, এই কাহিনীটো শুনো,’ আম্বেদকাৰীয় শ্বাহিৰী যেনে বিলাস ঘোগাৰে, প্ৰহ্লাদ চিণ্ডে, বিষ্ণু চিণ্ডে আৰু কাদুবাই খাৰাটে এনেকৈয়ে বাটে-পথে, ঘৰে-ঘৰে একতাৰী লৈ আম্বেদকাৰৰ গীত আৰম্ভ কৰে। গোটেই বিশ্বজুৰি যাযাবৰী লোকৰ এই বাদ্যবিধ সদায় চলন্ত অৱস্থাতে থাকে।
একতাৰী যেনেকৈ অস্পৃশ্যসকলৰ জীৱনৰ এটা অভিন্ন অংগ, তেনেকৈ তেওঁলোকৰ আত্মিক অগ্ৰগতিতো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিজ্ঞানৰ বিকাশৰ লগে লগে ন ন বাদ্যযন্ত্ৰ আহিল, লোক-পৰম্পৰা আৰু পৰম্পৰাগত বাদ্যযন্ত্ৰ যেনে একতাৰী আদিৰ ঠাই নতুন বাদ্যযন্ত্ৰই ল’লে। কাদুবাইয়ে চাগে একতাৰী লৈ গীত গোৱা শেষৰজন শিল্পী। শেহতীয়া সময়ত ব্ৰাহ্মণ সমাজৰ আৰু আধুনিক সংগীতৰ প্ৰভাৱ আম্বেদকাৰী গীতত বাঢ়িছে, একতাৰী এলাগী হৈছে।
আম্বেদকাৰৰ নতুন গীতবোৰ আধুনিক মাৰাঠী গীত যেনে ‘ৱাট মাঝি বাগোতি ৰিক্সাৱালা’ [‘ৰিক্সাৱালা মোৰ বাবে ৰৈ আছে’]ৰ সুৰত গোৱা হৈছে। এয়া আধুনিক সংগীত বা বাদ্যযন্ত্ৰ যে ব্যৱহাৰ হ’ব নোৱাৰিব, এনে কথা নহয়, কিন্তু আপোনাৰ শৈলী বাদ্যযন্ত্ৰৰ লগত খাপ খাইছেনে? বাৰ্তা সমাজে পাইছেনে? মানুহক ঢুকি পাইছেনে? যি গোৱা হৈছে, সেই অৰ্থই সমাজে পাইছেনে? এয়া প্ৰাসংগিক প্ৰশ্ন। মানৱ সমাজত সৃষ্টি আধুনি বাদ্যযন্ত্ৰবোৰে আমাৰ গীতবোৰ অধিক সুৱদী কৰিব লাগিছিল। কিন্তু আম্বেদকাৰী গীতবোৰ চিনেমাৰ গীতৰ সুৰত গোৱা হৈছে। সেইবোৰ বৰ উচ্চ স্বৰৰ, কাণ তাল মাৰি ধৰাবিধৰ। সেই কৰ্কশ কৰি পেলোৱা হৈছে। সেইবোৰত আম্বেদকাৰৰ গভীৰ দৰ্শন নাই, আছে কেৱল অনুৰক্ত ফেন আৰু পৰিচয় জাহিৰ কৰা ধৰণৰ অভিব্যক্তি। চেতনা আৰু গভীৰ দৰ্শনবোধ অবিহনে পৰীক্ষা-নিৰীক্ষাই মানুহক কেৱল নচুৱাবহে পাৰিব। সেইবোৰ বেছিদিন নিটিকে, মানুহৰ মাজলৈ সোমাই নাযায়। গণস্মৃতিৰ অংশ হৈ নৰয়।
কাদুবাইৰ কণ্ঠত হাজাৰ বছৰৰ দাসত্বৰ বিৰুদ্ধে থিয় দিয়াৰ অনুভৱ পৰিস্ফুট। চৰম দাৰিদ্ৰ্য আৰু বিপৰ্য্যয়ৰ পৰা উঠি অহা তেওঁ মানুহৰ মাজৰ সংগীতশিল্পী। তেওঁৰ গানে আমাক জাত-পাত আৰু ধৰ্মৰ কথা কয়, অস্পৃশ্যতা আৰু দাসত্বৰ নিষ্ঠুৰতা আৰু অমানৱীয় আচৰণৰ বিৰুদ্ধে থিয় দিব শিকায়। তেওঁৰ একতাৰীৰ পৰিয়াল আৰু তেওঁৰ জাতিটোৰ গাঁথা সোমাই আছে। তেওঁৰ একতাৰীয়ে আমাৰ হৃদয় স্পৰ্শ কৰাটো স্বাভাৱিক।
मह्या भिमाने माय सोन्याने भरली ओटी
किंवा
माझ्या भीमाच्या नावाचं
कुंकू लावील रमाने
अशी मधुर, मंजुळ वाणी
माझ्या रमाईची कहाणी
মোৰ ভীম, হয় মোৰ ভীমে আহি জীৱনটো সোণোৱালী কৰিলে
ভীমৰ নামত ৰামাই সেন্দুৰ দিলে
ইমান সুৱদী সুৰীয়া মাত
এয়া মোৰ ৰামাইৰ কাহিনী
এই গীতটোৰ যোগেদি মানুহে সহজেই আম্বেদকাৰৰ দৰ্শন বুজিব পাৰে। ই আম্বেদকাৰলৈ কৃতজ্ঞতা নিবেদিছে; জীৱনৰ দৈনিক সংগ্ৰাম আৰু দুখ-কষ্ট, গভীৰ আধ্যাত্মবাদৰ লগতে জীৱনবোধৰ কথা কৈছে। খুব কমেইহে যাযাবৰী জীৱন কটাই জাত-পাত-ধৰ্মৰ বিৰুদ্ধে মাত মাতিছে। এফালে তেওঁলোকে সামাজিক বিভাজনৰ বিৰোধিতা কৰিছে, আনফালে তেওঁলোকৰ গীত-মাত আৰু বাদ্যৰ যোগেদি নিজৰ অতীতক জীয়াই ৰাখিছে। কাদুবাই তাৰে মাজৰ এগৰাকী।
এই ষ্ট’ৰিটো মূলতে মাৰাঠীত লিখা হৈছিল।
এই মাল্টিমিডিয়া ষ্ট’ৰিটো পিপল্চ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ সৈতে সহযোগত আৰ্কাইভ্চ এণ্ড মিউজিয়ামচ্ প্ৰগ্ৰেমৰ অধীনত ইণ্ডিয়া ফাউণ্ডেচন ফৰ দা আৰ্টচৰ ‘Influential Shahirs, Narratives from Marathwada’ শীৰ্ষক এক প্ৰকল্পৰ অধীনত যুগুতোৱা সংকলনৰ অংশ।
অনুবাদ: পংকজ দাস