ভিডিঅ চাওকঃ লক্ষ্মী পাৰধি আৰু অইন মুৰত বোজা কঢ়িওৱা মাথেৰাণৰ মহিলাই তেওঁলোকৰ কামৰ কথা কয়

পিলি পাৰধিয়ে ৫০ বছৰ বয়সতো কস্তুৰবা পথৰ কাষৰে এখন হোটেলৰ গেটত গ্ৰাহকৰ বাবে ৰৈছে। পুৱা ৯ বাজিছে আৰু হোটেলত চেক-আউটৰ সময় আৰম্ভ হৈছে। তেওঁৰ বোৱাৰী অৰুণাও তাতেই আছে। দুয়োৰে লগতে পিলিৰ লৰাটোৱে মাথেৰাণত মাল-বস্তু কঢ়িওৱাৰ কাম কৰে।

একে কাম জয়া পেধকাৰেও কৰে। অইনবোৰৰ দৰে জয়াই ৩০ বছৰ বয়সত দিনটোত ৩-৪ বাৰ হোটেলবোৰৰ পৰা দস্তুৰী পাৰ্কিং পইণ্টলৈ ১০ ৰপৰা ৪০ কিলোগ্ৰাম মাল-বস্তু কঢ়িয়ায়। মাথেৰাণৰ মূল বজাৰখনৰ পৰা সেই দুৰত্ব ৩.৫ কিলোমিটাৰমান হ'ব। কেতিয়াবা আকৌ বেছি দুৰৈৰ ওখ হিল ষ্টেছনত থকা হোটেলৰপৰাও মাল কঢ়িয়াবলগা হয়

জনপ্ৰিয় হিল ষ্টেছনটো সাক্ষাত কৰিবলৈ অহা পৰ্যটকে জয়া পেধকাৰ (বাওফালে) আৰু পিলি পাৰধি (সোঁফালে)ৰ দৰে পৰ্টাৰৰ দ্বাৰা মাল-বস্তুবোৰ হোটেলৰপৰা অনা-নিয়া কৰে

মাথেৰাণৰ আন এগৰাকী পৰ্টাৰ লক্ষ্মী পাৰধিয়ে ৪০ বছৰ বয়সত এই কাম কৰি প্ৰতিটো ট্ৰিপত ২৫০-৩০০ টকা আয় কৰে। উইকেণ্ডত পৰ্যটক বাঢ়িলে তেওঁলোকে ৩-৪ টালৈকে দিনে ট্ৰিপ মাৰিব পাৰে। উইকডেবোৰত গ্ৰাহকৰ সংখ্যা কমে আৰু মাল-বস্তু কঢ়িওৱাৰ হাৰ প্ৰতিটো ট্ৰিপত ২০০০ টকামান দৰ হয়।

মহাৰাষ্ট্ৰৰ ৰাজগঢ় জিলাৰ মাথেৰাণ এক জনপ্ৰিয় পৰ্যটনস্থলী। দস্তুৰী পাৰ্কিং পইণ্টৰপৰা বাহনবোৰ আগলৈ যাব দিয়া নহয়। সেয়ে দৰ্শনাৰ্থীয়ে নিজেই হোটেলৰপৰা মাল-বস্তু অনা-নিয়া কৰিবলগীয়া হয়, অথবা তেওঁলোকে পিলি, জয়া আৰু লক্ষ্মীৰ দৰে পৰ্টাৰক ভাড়াত লয়।

মাথেৰাণৰপৰা একেবাৰে ওচৰৰ ৰেলৱে ষ্টেছন হৈছে নেৰাল। এই দুই ঠাইৰ মাজত নেৰো গজ ৰেলসেৱা চলিছিল যিটো ২০১৬ চনৰ মে মাহত বন্ধ কৰি দিয়া হয়। মাথেৰাণৰ ভিতৰত গাড়ী সোমাব নিদিয়াত তাতে ঘোৰা, ঘোৰাৰখীয়া, হাতেটনা ৰিক্সা আৰু হেডপৰ্টাৰেৰে ভৰি আছে।

লক্ষ্মী পাৰধিয়ে জুমাপাট্টি এলেকাৰপৰা মাথেৰাণলৈ আহিছে, তাৰপৰা দুৰত্ব ৪.৫ কিলোমিটাৰ

আটাইবোৰ পৰ্টাৰক মাথেৰাণ আৰক্ষীয়ে পৰিচয় পত্ৰ দিছে। প্ৰত্যেকখন কাৰ্ডৰে একোটাকৈ ক্ৰমিক নং আছে। লক্ষ্মীৰ পুতেকে কোৱামতে মাথেৰাণত ৩০০ জনমান পৰ্টাৰ আছে আৰু তাৰে ১০০ গৰাকীমান মহিলা পৰ্টাৰ। লক্ষ্মীৰ কাৰ্ডৰ নং ৯০। দস্তুৰীৰ কাউণ্টাৰত তেওঁ নিজৰ পালৰ বাবে ৰৈছে। তাতেই দৰ্শনাৰ্থীয়ে মাথেৰাণত প্ৰৱেশ কৰাৰ বাবে টিকট ক্ৰয় কৰে। কাউণ্টাৰত থকা মানুহজনে তাইৰ নম্বৰটো মাতিবৰ উপক্ৰম হৈছে। কেতিয়াবা গ্ৰাহকে পোনপটীয়াকৈও তেওঁক মাতে।

প্ৰায়ভাগ পৰ্টাৰৰ ঘৰ দাঁতিকাষৰীয়া গাওঁবোৰত। লক্ষ্মী জুমাপাট্টি এলেকাৰপৰা আহিছে। সেয়া দস্তুৰীৰপৰা ৪.৫ কিলোমিটাৰ নিলগত অৱস্থিত। পিলিয়ে তিনি কিলোমিটাৰমান দুৰৈৰ গাঁওখনৰ পৰা আহিছে।

জয়াই মাথেৰাণৰ ষ্টাফ কোৱাৰ্টাৰত থাকে। তেওঁ তাইৰ বোৱাৰীৰ সৈতে হোটেল এখনত কাম কৰে। দুয়োজনে বাচন চাফা কৰে আৰু মাহে মুঠ ৪ হাজাৰ টকা আৰ্জে। জয়াৰ পৰিয়াল কাৰজাতৰ সমীপৱৰ্তী টেপাচিৱাড়ীৰ বাসিন্দা। তেওঁ হৈছে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। সেয়ে বাচন ধোৱাৰ পিছত তেওঁ হেডপৰ্টাৰ হিচাপে আবেলিৰ ভাগত এটা কি দুটামান ট্ৰিপ মৰাৰ চেষ্টা কৰে।

PHOTO • Suman Parbat

মাথেৰাণৰ হীৰাবাই আৰু অইন পৰ্টাৰসকলে হোটেল আৰু পাৰ্কিং লটৰ মাজত দিনে ৩-৪ বাৰকৈ ১০ ৰপৰা ৪০ কিলোগ্ৰামলৈকে মাল-বস্তু মুৰত বোজাই কৰে

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Suman Parbat

Suman Parbat is an onshore pipeline engineer from Kolkata, presently based in Mumbai. He has a B-Tech degree in civil engineering from the National Institute of Technology, Durgapur, West Bengal. He is also a freelance photographer.

Other stories by Suman Parbat
Sinchita Parbat

Sinchita Parbat is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker. Her earlier stories were under the byline Sinchita Maji.

Other stories by Sinchita Parbat