“যমুনা নদীৰ সৈতে আমি সম্পৰ্কিত। আমি সদায়েই নদীৰ কাষত থাকি আহিছো।”

সেয়া বিজেন্দৰ সিং, নদীখনৰ সৈতে তেওঁৰ পৰিয়ালটোৰ সম্পৰ্কৰ কথা কৈছে। মাল্লাহ (নাৱৰীয়া) সম্প্ৰদায়ৰ লোকসকলে দিল্লীৰ কাষৰীয়া যমুনা নদীৰ প্লাৱনভূমিত বসবাস কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি খেতি কৰি আহিছে। ১,৩৭৬ কিলোমিটাৰজোৰা নদীখন ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল মাজেৰে ২২ কিলোমিটাৰ বৈ গৈছে আৰু সেই প্লাৱনভূমি ৯৭ বৰ্গকিলোমিটাৰ আগুৰি আছে।

বিজেন্দৰৰ দৰে প্ৰায় ৫,০০০ খেতিয়কৰ ৯৯ বছৰ ধৰি মালিকীস্বত্ব থকা পট্টা আছিল।

সেয়া বুলড’জাৰ অহাৰ আগৰ কথা।

২০২০ৰ জানুৱাৰীৰ এটা শীতাৰ্ত পুৱাত পৌৰনিগম কৰ্তৃপক্ষই জৈৱবৈচিত্ৰ উদ্যান এখনৰ বাবে ঠাই মোকলাবলৈ বুলড’জাৰেৰে তেওঁলোকৰ শস্যভৰ্তি পথাৰখন মহতিয়াই নিয়ে। বিজেন্দৰৰ পৰিয়ালে তেওঁৰ পৰিয়ালটোক ওচৰৰে গীতা কলনিৰ ভাৰাঘৰ এটালৈ নিবলগীয়া হয়।

ৰাতিটোৰ ভিতৰতে ৩৮ বছৰ বয়সীয়া খেতিয়কজনে তেওঁৰ জীৱিকা হেৰুৱালে আৰু তেওঁৰ পত্নী, দহ বছৰৰ তলৰ তিনি পুত্ৰৰে পাঁচজনীয়া পৰিয়ালটোৰ পেট পুহিবলৈ গাড়ীচালকৰ কামত সোমাবলগীয়া হ’ল। এনেদৰে বিলাই-বিপত্তি ঘটা কেৱল তেঁৱেই নাছিল। নিজৰ মাটি আৰু জীৱিকা হেৰুওৱা আন বহুতেই ৰঙৰ কাম, মালিৰ কাম, চিকিউৰিটি গাৰ্ড আৰু মেট্ৰ’ ষ্টেছনত চুইপাৰৰ কাম বিচাৰিবলগীয়া হ’ল।

“আপুনি যদি লোহা পুলৰ পৰা আই.টি.অ’লৈ যোৱা বাটটোলৈ নজৰ কৰে, দেখিব যে কছৰি বিক্ৰী কৰা চাইকেল দোকানীৰ সংখ্যা বাঢ়ি গৈছে। এই সকলোবোৰ এসময়ৰ খেতিয়ক। নিজৰ খেতিপথাৰখন হেৰুওৱাৰ পিছত খেতিয়কে কৰিবইবা কি?”

PHOTO • Shalini Singh
PHOTO • Kamal Singh

বাওঁফালে: দিল্লীৰ যমুনা ইষ্টেট আছিল যমুনাৰ প্লাৱনভূমিৰ এটা অংশ, তাত খেতিয়কসকলে বিভিন্ন শস্যৰ খেতি কৰিছিল। জৈৱবৈচিত্ৰ উদ্যান নিৰ্মাণৰ বাবে ২০২০ত প্ৰথমে এই খেতিপথাৰেই উচন কৰা হৈছিল। সোঁফালে: ২০২০ৰ নৱেম্বৰত দিল্লী উন্নয়ন প্ৰাধীকৰণে দিল্লীৰ বেলা ইষ্টেটত আৰক্ষীৰ বেষ্টনীৰ মাজত থাকি উচ্ছেদ অভিযান চলাইছে

তাৰে কেইটামান মাহৰ পিছতে আহিছিল লকডাউন - ২০২০ৰ ২৪ মাৰ্চ। পৰিয়ালটোৰ বাবে ৰৈ আছিল গভীৰ সংকট। তেতিয়া জন্মগত পক্ষাঘাত (চেৰেব্ৰেল পালচি)ত ভুগি থকা ছবছৰীয়া বিজেন্দৰৰ মাজুটো ল’ৰাৰ লকডাউনৰ কাৰণে দৰৱ কিনাটো টান হৈ পৰিছিল। জীৱিকাৰ ভাত মৰা উচ্ছেদিত বিজেন্দৰৰ দৰে ৫০০ খেতিয়ক পৰিয়ালক পুনৰ্সংস্থাপিত কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশনা অহা নাছিল। ইফালে তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ উৎস আৰু আশ্ৰয়স্থল বুলড’জাৰে উছন কৰিছিল।

“অতিমাৰীৰ আগতে আমি ফুলকবি, কেঁচা জলকীয়া, সৰিয়হ, ফুল আৰু কিবাকিবি বিক্ৰী কৰি কোনোমতে ৮ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰিছিলো,” ১৬ আৰু ১২ বছৰীয়া দুই পুত্ৰ আৰু ১৫ বছৰীয়া জীয়ৰী আৰু পত্নীৰে পাঁচজনীয়া পৰিয়াল থকা কমল সিঙে কয়। নিজে খেতি কৰি অন্ন যোগাৰ কৰা ৪৫ বছৰ বয়সীয়া খেতিয়কজনে স্বেচ্ছাসেৱী সংগঠনে দিয়া খাদ্য খাই জীয়াই থাকিবলগীয়া হোৱাটো কেনে এক পৰিহাসৰ কথা, তেওঁ মনত পেলাই কয়।

অতিমাৰীৰ সময়ত তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ উপায় আছিল পৰিয়ালটোৰ এটাই মাত্ৰ ম’হৰ গাখীৰ বিক্ৰী। মাহত ৬,০০০ টকাৰ উপাৰ্জনেৰে পৰিয়ালটো টানি-টুনি চলিছিল। “মোৰ ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ ক্ষতি হৈছিল,” কমলে কয়। “আমি কৰা পাচলি খেতিৰ পৰা আমি খাবলৈ পাইছিলো। সেই ফচল চপাবলগীয়া আছিল, কিন্তু সিহঁতে (বিষয়া-বৰ্গই) এন.জি.টি. (ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণ)ৰ কথা কৈ সেই খেতিৰ ওপৰত বুলড’জাৰ চলাই দিলে,” তেওঁ কয়।

তাৰে কেইমাহমান আগৰ কথা, ২০১৯ৰ ছেপ্টেম্বৰত এন.জি.টি.য়ে দিল্লী উন্নয়ন প্ৰাধীকৰণ (ডি.ডি.এ.)ক যমুনা নদীৰ প্লাৱনভূমিত বেৰ দিয়াৰ নিৰ্দেশ দিছিল যাতে সেয়া জৈৱবৈচিত্ৰ উদ্যানলৈ ৰূপান্তৰ কৰিব পাৰি। সংগ্ৰাহালয় এটাৰো নিৰ্মাণৰ পৰিকল্পনা আছিল।

“আটাইতকৈ উৰ্বৰা ভূমি খাদাৰৰ হাজাৰ হাজাৰ লোক জীৱিকাৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল আছিল, সিহঁতে কি কৰিব?” বলজিত সিঙে প্ৰশ্ন কৰে। (পঢ়ক: সিহঁতে কয়, দিল্লীত হেনো কোনো খেতিয়ক নাই )। ৮৬ বছৰ বয়সীয়া লোকজন দিল্লী পিজেণ্টচ্ কোপাৰেটিভ মাল্টিপাৰপাজ ছ’চাইটিৰ সাধাৰণ সম্পাদক। তেওঁ খেতিয়কক ৪০ বিঘা মাটি লীজত দিছে, তেওঁ কয়, “চৰকাৰে জৈৱবৈচিত্ৰ উদ্যান বনাই যমুনা নদীখনত উপাৰ্জনৰ বাট উলিয়াব বিচাৰিছে।”

PHOTO • Courtesy: Kamal Singh
PHOTO • Shalini Singh

বাওঁফালে: পত্নী আৰু তিনি সন্তানৰ সৈতে খেতিয়ক কমল সিং (৪৫)। ২০২০ৰ অতিমাৰীৰ সময়ৰ শীতকালত তেওঁলোকে খাবলৈ বুলি কৰা খেতিখিনি ডি.ডি.এ.ৰ বুলড’জাৰে নষ্ট কৰে। সোঁফালে: দিল্লীৰ খেতিয়কসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যমুনা নদীৰ প্লাৱনভূমিত খেতি কৰি আহিছে, তেওঁলোকৰ হাতত সেই মাটিৰ পট্টা আছে

এতিয়া ডি.ডি.এ.য়ে খেতিয়কসকলক ঠাই খালি কৰি দিবলৈ কৈ আছে। আচলতে এটা দশক আগতেই পৌৰনিগম কৰ্তৃপক্ষই তেওঁলোকৰ ঘৰবোৰ ভাঙিবলৈ বুলড’জাৰ আনিছিল যাতে ‘মেৰামতি’ আৰু ‘পুনৰুজ্জীৱিতকৰণ’ৰ কাৰ্য্যসূচী চলাই যাব পাৰে।

যমুনাৰ পাৰৰ খেতিয়কৰ পাচলি খেতিবোৰ দিল্লীখনক ‘বিশ্বমান’ৰ চহৰ এখন বনোৱা, যিখন ৰিয়েল ইষ্টেটৰ হাঁতোৰাই গ্ৰাস কৰিবলৈ খাপ পিতি আছে, তাৰে প্ৰথম বলি। “দুখৰ কথা যে চহৰখন উন্নয়নৰ দায়িত্ববাহীসকলে নদীখনৰ প্লাৱনভূমিত উন্নয়নৰ থলি হিচাপে বাচি লৈছে,” অৱসৰপ্ৰাপ্ত ভাৰতীয় বনসেৱা বিষয়া মনোজ মিশ্ৰাই কয়।

*****

এখন ‘বিশ্বমান’ৰ চহৰত খেতিয়কৰ কোনো স্থান নাই। কেতিয়াও নাছিল।

৭০ৰ দশকত এছিয়ান গেমচৰ কাৰণে যমুনা প্লাৱনভূমি হোষ্টেল আৰু ষ্টেডিয়াম নিৰ্মাণৰ বাবে মুকলি কৰি পেলোৱা হৈছিল। পৰিস্থৈতিক মণ্ডল হিচাপে এইখিনি ঠাই চহৰখনৰ মাষ্টাৰপ্লেনত চিহ্নিত কৰি থোৱা কথাটো ইয়াত উলংঘা কৰা হৈছিল। একেদৰে, ৯০ৰ দশকৰ শেষৰফালে আইটি পাৰ্ক, মেট্ৰ ডিপ’ট, এক্সপ্ৰেছ হাইৱে, অক্ষৰধাম মন্দিৰ আৰু কমনৱেলথ গেমচ্ ভিলেজৰ হাউছিঙে আহি প্লাৱনভূমি অধিকাৰ কৰিলে। “আনকি ২০১৫ত এন.জি.টি.য়ে ৰায়দান কৰিছিল যে প্লাৱনভূমিত নিৰ্মাণকাৰ্য্য চলিব নোৱাৰে,” মিশ্ৰাই কয়।

প্ৰতিবাৰৰ নিৰ্মাণকাৰ্য্যৰ ফলত যমুনাৰ খেতিয়কৰ জীৱিকাৰ মুধা মৰে, বৃহৎ হাৰত হোৱা নিষ্ঠুৰ উচ্ছেদ অভিযানত তেওঁলোক উচ্ছেদিত হয়। “আমি দুখীয়া কাৰণে আমাক খেদে,” শেহতীয়া বছৰবোৰত এন.জি.টি.ৰ নিৰ্দেশনা ওলোৱাৰ আগলৈকে চাৰা জীৱন যমুনাৰ দিল্লী অংশত খেতি কৰি আহিছে। “মুষ্টিমেয় দৰ্শকৰ বাবে সংগ্ৰাহালয় আৰু উদ্যান নিৰ্মাণৰ বাবে ভাৰতৰ ৰাজধানীত খেতিয়কক এনে ব্যৱহাৰ কৰা হয়,” তেওঁ কয়।

একে সময়তে ভাৰতৰ উন্নয়নৰ বাবে চিকচিকীয়া কীৰ্তিস্তম্ভ নিৰ্মাণ কৰা, নদীৰ পাৰত জুপুৰি সাজি থকা শ্ৰমিকসকলকো নদীৰ পাৰৰ পৰা উচ্ছেদ কৰা হয়। ‘ৰাষ্ট্ৰীয় মৰ্য্যাদা’ৰ সুদৃশ্য অট্টালিকাৰ মাজত তেওঁলোকৰ জুপুৰীঘৰৰ কোনো স্থান নাই।

PHOTO • Shalini Singh
PHOTO • Shalini Singh

বাওঁফালে : শিৱ শংকৰ আৰু বিৰেন্দৰ সিং (পিছফালে) সোঁফালে : বিৰেন্দৰ সিঙে তেওঁৰ পৰিয়ালে কৰা খেতিডৰা দেখুৱাইছে, সেয়া বুলড’জাৰে মহতিওৱাৰ আগৰ দৃশ্য

“এন.জি.টি.য়ে নিৰ্দেশ (২০১৫ত) দিছিল যে এবাৰ অঞ্চলটো যমুনাৰ প্লাৱনভূমি বুলি চিনাক্ত হোৱাৰ পিছত সেয়া সংৰক্ষণ কৰিবই লাগিব, কিয়নো সেই ভূমি তোমাৰো নহয়, মোৰো নহয়, নদীখনৰহে,” এন.জি.টি. স্থাপিত যমুনা নিৰীক্ষণ সমিতিৰ অধ্যক্ষ বি.এছ. চাজনে কয়। তেওঁ কয় যে প্ৰাধীকৰণে ইয়াৰ নিৰ্দেশ অনুসৰণ কৰিছে।

“তাত জীৱিকা উপাৰ্জন কৰা আমাৰ দৰে মানুহৰ কথা কোনোবাই ভাবিছে?” নদীখনৰ পাৰতে জীৱনৰ ৭৫ টা বছৰ খেতি কৰি কটোৱা ৰমাকান্ত ত্ৰিবেদীয়ে কয়।

খেতিয়কসকলে প্ৰায় ২৪,০০০ একৰ মাটিত খেতি কৰে আৰু দিল্লীৰ বজাৰবোৰত ঘাইকৈ বিক্ৰী হোৱা বিভিন্ন শস্যৰ খেতি কৰে। তেওঁলোকে কৰি থকা খেতিবোৰত “নদীখনৰ প্ৰদূষিত পানী ব্যৱহৃত হৈ আছে যিটো খাদ্যশৃংখলত সোমাই গ’লে বিপজ্জনক কথা হ’ব” বুলি এন.জি.টি.য়ে দাবী কৰা দেখি শিৱ শংকৰৰ দৰে বহু খেতিয়ক আচৰিত হৈ পৰিছে। “তেনেহ’লে আমাক এই নদীখনৰ কাষত থাকি দশকৰ পিছত দশক ধৰি কিয় চহৰখনৰ কাৰণে খাদ্যশস্য উৎপাদন কৰি থাকিবলৈ দিয়া হ’ল?” তেওঁ সোধে।

পাৰিয়ে জলবায়ু পৰিৱৰ্তনে কেনেকৈ এই নৈকাষৰীয়া লোকৰ জীৱিকাৰ ওপৰত প্ৰভা পেলাইছে সেইবিষয়ে প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে ২০১৯ত শিৱ শংকৰ, বিজেন্দৰ আৰু আন পৰিয়ালবোৰক দেখা কৰিছিল। পঢ়ক: ডাঙৰ নগৰ, ক্ষুদ্ৰ খেতিয়ক আৰু এখন মৃতপ্ৰায় নৈ

*****

২০২৮লৈ আগন্তুক পাঁচটা বছৰত দিল্লীখন বিশ্বৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ চহৰ হৈ পৰিব, এয়া ৰাষ্ট্ৰসংঘৰ অধ্যয়নৰ তথ্য । এই জনসংখ্যা ২০৪১লৈ ২ কোটি ৮০ লাখৰ পৰা ৩ কোটি ১০ লাখৰ ভিতৰত থাকিব।

বৰ্দ্ধিত জনসংখ্যাই কেৱল নদীখনৰ পাৰত আৰু প্লাৱনভূমিতে হেঁচা দিয়া নহয়, জলাধাৰতো ভাৰাক্ৰান্ত পেলাইছে। “যমুনা হৈছে বৰ্ষাকালৰ নদী, বছৰত তিনিটা মাহৰ বাবে নদীখনে মাহত ১০ৰ পৰা ১৫ দিন বৰষুণ পায়,” মিশ্ৰাই কয়। ৰাজধানী চহৰখন খোৱাপানীৰ বাবে যমুনা নদীৰ ওপৰত নিৰ্ভৰশীল যিখন নদীয়ে ভূ-গৰ্ভৰ জলৰ পূৰ্তি কৰে, সেই কথা প্ৰসংগত তেওঁ কয়।

দিল্লী অৰ্থনৈতিক সমীক্ষা ২০২১-২২ত উল্লেখিত অনুযায়ী ডি.ডি.এ.য়ে গোটেই চহৰখনৰ নগৰীকৰণৰ প্ৰস্তাৱ উত্থাপন কৰিছে।

প্ৰতিবেদনত এয়াও কোৱা হৈছে যে “দিল্লীত কৃষিকৰ্ম ধাৰাবাহিকভাৱে হ্ৰাস পাইছে…”

PHOTO • Kamal Singh
PHOTO • Kamal Singh

বাওঁফালে : ২০২০ৰ নৱেম্বৰত দিল্লী বিকাশ প্ৰাধীকৰণে দিল্লীৰ বেলা ইষ্টেটৰ শস্যভৰ্তি পথাৰত বুলড’জাৰ চলায় সোঁফালে : ডি.ডি.এ.ৰ বুলড’জাৰৰ কাম শেষ হোৱাৰ পিছত খেতিপথাৰৰ দৃশ্য

২০২১ চনলৈকে দিল্লীৰ যমুনা নদীৰ পাৰত প্ৰায় ৫ৰ পৰা ১০ হাজাৰ লোকে জীৱিকাৰ বাট উলিয়াই চলি আছিল, মানু ভাটনগৰে কয়। তেওঁ কলা আৰু সাংস্কৃতিক ঐতিহ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাস (আই.এন.টি.এ.চি.এইছ.)ৰ প্ৰাকৃতিক ঐতিহ্য বিভাগৰ মুখ্য সঞ্চালক। তেওঁ কয় যে একেখিনি মানুহকে প্লাৱনভূমিৰ সৌন্দৰ্য্যবৰ্ধনৰ কামত নিয়োজিত কৰিবপৰা গ’লহেঁতেন। “প্ৰদূষণ কমিলে মৎস্যপালন ব্যৱসায় ভাল হ’ব, জলক্ৰীড়াও বিকল্প হিচাপে বাচি ল’ব পাৰি, তাৰোপৰি ৯৭ কিলোমিটাৰজোৰা প্লাৱনভূমিত তৰমুজ আদিৰ খেতিৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়,” ২০১৯ত সাক্ষাৎ কৰোঁতে তেওঁ কৈছিল। আই.এন.টি.এ.চি.এইছ.ৰ দ্বাৰা প্ৰকাশিত তেওঁৰ এখন কিতাপ - নেৰেটিভচ্ অৱ দা এনভাইৰ’মেণ্ট অৱ দিল্লী বুলি কিতাপ এখন তেওঁ আমাৰ হাতত তুলি দিছিল।

*****

অতিমাৰীয়ে ৰাজধানী চহৰখন গ্ৰাস কৰাৰ পিছত বিস্থাপিত ২০০ মান পৰিয়ালে ন্যূনতম ৰেচনৰ কাৰণেও হাবাথুৰি খাবলগীয়া হৈছিল। ২০২১লৈকে ৪ৰ পৰা ৬ হাজাৰ টকা উপাৰ্জন কৰা পৰিয়ালৰ উপাৰ্জন লকডাউনৰ সময়ত শূন্য হৈ পৰিছিল। “দিনৰ দুসাজ এৰি আমি এসাজ খাই থাকিবলগীয়া হৈছিল। আমি দিনটোত দুকাপ চাহৰ পৰিৱৰ্তে একাপ চাহ খাবলগীয়া হৈছিল,” ত্ৰিবেদীয়ে কয়। “আমি ডি.ডি.এ.ৰ উদ্যানখনতেই কাম কৰিবলৈ সাজু আছিলো, অন্ততঃ আমাৰ ল’ৰ-ছোৱালীকেইটাই কিবা এটা খাবলৈ পাওক। চৰকাৰে আমাক চাব লাগিছিল, আমাৰ অধিকাৰ আনবোৰৰ দৰেই সমান নহয় জানো? আমাৰ মাটিখিনি নিয়া, ঠিকে আছে, কিন্তু আমাক জীয়াই থকাৰ উপায় এটা দিব নালাগিছিল নে?”

২০২০ৰ মে’ত খেতিয়কসকলে উচ্চতম ন্যায়ালয়ত গোচৰটো হাৰে আৰু তেওঁলোকৰ পট্টাবোৰৰ বৈধতা শেষ হয়। আপিল কৰাৰ বাবে তেওঁলোকৰ হাতত ১ লাখ টকা নাছিল আৰু তেনেকৈ তেওঁলোকৰ বিস্থাপন স্থায়ী হৈ পৰে।

“লকডাউনৰ সময়ত দিনহাজিৰাৰ কাম আৰু গাড়ীত মাল বোজাই কৰা কাম নাইকিয়া হৈ পৰাত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে.” বিজেন্দৰে কয়। তেওঁৰ পিতৃ ৭৫ বছৰীয়া শিৱ শংকৰে চহৰখনত কিবা কাম পোৱাৰ আশাত ওলাই যাবলগীয়া হৈছিল।

“আমি আগতেই খেতি এৰি আন কামত ধৰিব লাগিছিল। শস্য নাথাকিলে মানুহে বুজি পালেহেঁতেন খাদ্য অত্যাৱশ্যকীয় আৰু খেতিয়কৰ গুৰুত্ব কিমান,” তেওঁ ক্ষোভেৰে কয়।

*****

শিৱ শংকৰে সেই দিনবোৰ মনত পেলায় যেতিয়া তেওঁলোকে ঐতিহাসিক লালকিল্লাৰ পৰা দুই কিলোমিটাৰমান দূৰত্বত পৰিয়ালসহ বাস কৰিছিল। সেই দুৰ্গৰ পৰাই প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰক সম্বোধন কৰে। ভাষণ শুনাৰ বাবে তেওঁক টিভি বা ৰেডিঅ’ৰ প্ৰয়োজন হোৱা নাছিল।

“বতাহ এনেকৈ বলিছিল যে শব্দবোৰ (প্ৰধানমন্ত্ৰীৰ) আমাৰ ওচৰলৈ ভাঁহি আহিছিল…দুখৰ কথা যে আমাৰ শব্দবোৰ কেতিয়াও গৈ তেওঁলোকক ঢুকি নাপালে।”

অনুবাদ: পংকজ দাস

Shalini Singh

Shalini Singh is a founding trustee of the CounterMedia Trust that publishes PARI. A journalist based in Delhi, she writes on environment, gender and culture, and was a Nieman fellow for journalism at Harvard University, 2017-2018.

Other stories by Shalini Singh
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das