বিনা দোষতে সি মোক মাৰে।
মনতে সন্দেহৰ সান্দহ খুন্দে।
মোৰ একো দোষ নাথাকোতে
মোক মোৰ গৰখীয়া মালিকে মাৰে

এনেকুৱা এটা কথাৰে আৰম্ভ হোৱা গীত এটা শুনিলে আপুনি চক খাব পাৰে। কিন্তু সেয়াই যে বাস্তৱ। যি ৰুঢ় বাস্তৱ গুজৰাটৰ কচ্ছ অঞ্চলৰে নহয়, য’ৰপৰা এই গীত আহিছে, তাৰ বাহিৰৰ জগতখনতো এয়া এক চিন্তনীয় বিষয়।

স্বামীৰ দ্বাৰা নিপীড়িত হোৱাৰ সমস্যা এক বিশ্বজনীন সমস্যা। মহিলাৰ মানৱ অধিকাৰ ভংগ হোৱাৰ ফালৰ পৰাও, জনস্বাস্থ্যৰ ফালৰ পৰাও। মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি প্ৰতি তিনিগৰাকী মহিলাৰ এগৰাকী সংগীৰ দ্বাৰা কিবা নহয় কিবা প্ৰকৃতিৰ শাৰীৰিক আৰু যৌন হিংসাৰ বলি হৈ আহিছে।

পতিয়ে পত্নীক মাৰধৰ কৰাটো যুক্তিযুক্ত হয়নে?

ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষা ২০১৯-২১ ( এনএফএইছএছ-৫ )ৰ তথ্য অনুসৰি গুজৰাটৰ ৩০ শতাংশ মহিলা আৰু ২৮ শতাংশ পুৰুষে এই প্ৰশ্নৰ ইতিবাচক উত্তৰহে দিলে। এই সঁহাৰিদাতা পুৰুষ-মহিলাই পত্নীক মাৰধৰ কৰাৰ ক্ষেত্ৰত কি কি যুক্তি দিব পাৰে বাৰু? সঁহাৰিদাতাৰ বহুতেই বিভিন্ন কাৰণ দাঙি ধৰে – অবিশ্বাসী হোৱা, মুখে মুখে কোৱা, যৌন সম্পৰ্কৰ বাবে অস্বীকাৰ, গিৰীয়েকক নোকোৱাকৈ ওলাই যোৱা, ঘৰুৱা কাম-বনত মনযোগ নিদিয়া আৰু ভাল খাদ্য নৰন্ধা আদি।

ৰাষ্ট্ৰীয় সমীক্ষাই আমাৰ আগত পাৰিসাংখ্যিক তথ্য দাঙি ধৰিছে। আনহাতে লোকগীতে আমাক আকৰ্ষণীয় ধৰণে এই পৰিসংখ্যাৰ এক মনঃস্তাত্বিক দিশ দাঙি ধৰিছে। এই গীতে আমাক মহিলাৰ মনৰ অন্তঃকৰণৰ জগতখনৰ জটিল আৱেগ-অনুভূতিৰ লগতে তেওঁলোকৰ প্ৰাত্যহিক জীৱনৰ কামৰ আভাস দিছে।

আপুনি এই গীতসমূহক নিপীড়িতসকলৰ সবল কণ্ঠ বুলি নধৰিবও পাৰে। এইক্ষেত্ৰত আপুনি নিজে অৰ্থ অনুধাৱন কৰিব পাৰে। উদাহৰণ স্বৰূপে ইয়াত উল্লেখ লোকগীতত এই কথা স্পষ্ট নহয় যে তাই প্ৰণয়ৰ গীতৰ আঁৰ লৈ নিজৰ গিৰীয়েকে কৰা অত্যাচাৰৰ নিন্দা কৰিছে বা দমনৰ এই পৰম্পৰাক বিনাচৰ্তে মানি লৈ আগবাঢ়িছে। এয়াও স্পষ্ট নহয় যে তাই যেতিয়া গিৰীয়েকক “মালাধাৰী ৰানো” (গৰখীয়া চৰ্দাৰ) বুলি সম্বোধন কৰিছে, তেতিয়া আচলতে তাই নিজৰ খঙাল স্বামীৰ বিৰুদ্ধে তাইৰ মনত বাহ লৈ থকা বিদ্ৰোহৰ ভাৱক প্ৰশ্ৰয় দিছে নে নাই।

এই গীতত হয়তো মহিলাক ন্যায় দিব পৰা বা ইতিমধ্যে স্থাপিত ব্যৱস্থাটোক প্ৰত্যাহ্বান জনোৱাৰ ক্ষমতা নাথাকিব পাৰে। কিন্তু এনে গীতে তেওঁলোকক এক অৱকাশ দিয়ে য’ত তেওঁলোকে নিজৰ প্ৰাত্যহিক জীৱনৰ সৈতে জৰিত ৰুঢ় বাস্তৱক কথা আৰু গীতেৰে ব্যক্ত কৰিব পাৰে। এই সাংগীতিক আৰু প্ৰাঞ্জল ভাষাৰ প্ৰৱাহত হয়তো তাই নিজৰ সেই দুখ-কষ্ট উটুৱাই দিছে, যিটো অন্যথা তাই সহ্য কৰি থকাটো সম্ভৱপৰেই নহ’লহেঁতেন। নাইবা সেয়া হ’ব পাৰে এটা চিনাকি সুৰ, যাৰ আশ্ৰয় লৈ তাই এই যি ব্যৱস্থাৰে গঢ়ি উঠা সমাজ, তাত আৰু এটা দিন অসহনীয় সত্যক সাবটি আগবঢ়াৰ বাবে সাহস বিচাৰি পাইছে।

জুমা বাঘেৰে গোৱা গীতটো শুনক

કરછી

રે ગુનો જો મારે મૂ મે ખોટા વેમ ધારે,
મુંજા માલધારી રાણા મૂકે રે ગુનો જો મારે

રે ગુનો જો મારે મૂ મે ખોટા વેમ ધારે,
મુંજા માલધારી રાણા મૂકે રે ગુનો જો મારે

કડલા પૅરીયા ત છોરો આડી નજર નારે (૨),
આડી નજર નારે મૂ મેં વેમ ખોટો ધારે
મૂજો માલધારી રાણૂ મૂકે રે ગુનો જો મારે (2)
રે ગુનો જો મારે મૂ મેં ખોટા વેમ ધારે
મૂજો માલધારી રાણૂ મૂકે રે ગુનો જો મારે

બંગલી પૅરીયા ત મૂંજે હથેં સામૂં  નારે (૨)
હથેં સામૂં નારે મૂ મેં વેમ ખોટો ધારે
રે ગુનો જો મારે મૂ મેં ખોટા વેમ ધારે
મૂજો માલધારી રાણૂ મૂકે રે ગુનો જો મારે
માલધારી રાણા મૂકે રે ગુનો જો મારે (2)
રે ગુનો જો મારે મૂ મેં ખોટા વેમ ધારે
મૂજો માલધારી રાણૂ મૂકે રે ગુનો જો મારે

હારલો પૅરીયા ત મૂંજે મોં કે સામૂં નારે (૨)
મોં કે સામૂં નારે મૂ મેં ખોટા વેમ ધારે,
રે ગુનો જો મારે મૂ મેં ખોટા વેમ ધારે
મૂજો માલધારી રાણૂ મૂકે રે ગુનો જો મારે (2)
રે ગુનો જો મારે મૂ મેં વેમ ખોટો ધારે,
મૂજો માલધારી રાણૂ મૂકે રે ગુનો જો મારે

નથડી પૅરીયા ત મૂંજે મોં કે સામૂં નારે (૨)
મોં કે સામૂં નારે મૂ મેં વેમ ખોટો ધારે,
મૂજા માલધારી રાણૂ મૂકે રે ગુનો જો મારે (2)
રે ગુનો જો મારે મૂ મેં વેમ ખોટો ધારે,
માલધારી રાણૂ મૂકે રે ગુનો જો મારે

অসমীয়া

বিনা দোষতে সি মোক মাৰে।
মনতে সন্দেহৰ সান্দহ খুন্দে।
মোৰ একো দোষ নাথাকোতে
মোক মোৰ গৰখীয়া মালিকে মাৰে

বিনা দোষতে সি মোক মাৰে।
মনতে সন্দেহৰ সান্দহ খুন্দে।
মোৰ একো দোষ নাথাকোতে
মোক মোৰ গৰখীয়া মালিকে মাৰে

মই নূপুৰ পিন্ধিলে
সি খঙেৰে চায়, ৰঙা চকু দেখুৱায়
আৰু মনতে সন্দেহৰ সান্দহ খুন্দে

মোক মোৰ গৰখীয়া প্ৰভুই
একেবাৰেই বিশ্বাস নকৰে
মোক বিনা কাৰণতে মাৰে।
মনতে সন্দেহৰ সান্দহ খুন্দে।

মই খাৰু পিন্ধিলে
সি খঙেৰে চায়,
আৰু সন্দেহ কৰিবলৈ লয়
মোক মোৰ গৰখীয়া প্ৰভুৱে
একেবাৰেই বিশ্বাস নকৰে
মোক বিনা কাৰণতে মাৰে।

মই গলপতা পিন্ধিলে
সি মোক ৰঙা চকু দেখুৱায়
আৰু মোক সন্দেহ কৰিবলৈ লয়
মোক মোৰ গৰখীয়া প্ৰভুৱে
একেবাৰেই বিশ্বাস নকৰে
মোক বিনা কাৰণতে মাৰে।

মই চেইনৰ সৈতে নাকফুলি পিন্ধিলে
সি মোক ৰঙা চকু দেখুৱায়
আৰু সন্দেহ কৰিবলৈ লয়
মোক মোৰ গৰখীয়া প্ৰভুৱে
একেবাৰেই বিশ্বাস নকৰে
মোক বিনা কাৰণতে মাৰে।
মনতে সন্দেহৰ সান্দহ খুন্দে।

গীতৰ প্ৰকাৰ : পৰম্পৰাগত লোকগীত

গোটঃ চিন্তা-চেতনাৰে উদ্বুদ্ধ হোৱাৰ গীত

গীত : ১৪

গীতৰ শিৰোনামঃ মুঝো মালধাৰি ৰানো মুকে জে গুনো জো মাৰে

ৰচকঃ ডেৱাল মেহতা

গায়কঃ মুন্দ্ৰা তালুকৰ ভদ্ৰেশ্বৰ গাৱঁৰ জুমা বাঘেৰ

ব্যৱহৃত বাজনাঃ ঢোলক, হাৰমনিয়াম,বাঞ্জ’

ৰেকৰ্ডিং কৰা সময়ঃ ২০১২, কেএমভিএছ ষ্টুডিঅ’

কমিউনিটি পৰিচালিত ৰেডিঅ’ সুৰবাণীয়ে ৰেকৰ্ড কৰা এই ৩৪১ টা গীত কচ্ছ মহিলা বিকাশ সংগঠন(কেএমভিএছ)ৰ জৰিয়তে পাৰিলৈ আহিছে। আৰু এনে গীত শুনিবৰ বাবে ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোগসংগীতৰ ভঁৰাল - এই পৃষ্ঠাটি চাব পাৰে।

কেএমভিএছৰ সম্পাদিকা প্ৰীতি ছ’নি, অৰুণা ঢ’লাকীয়া, কেএমভিএছৰ প্ৰজেক্ট সমন্বয়ক আমাদ ছামেজালৈ  তেওঁলোকে আগবঢ়োৱা সহযোগিতা আৰু ভাৰ্তিবেন গৰে আগবঢ়োৱা অমূল্য সহায়ৰ বাবে বিশেষ ধন্যবাদ।

অনুবাদ: পংকজ দাস

Series Curator : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das