ল’ৰাৰ দৰেই আপডাল কৰা ৰম্যাই পঞ্চম মানৰ পৰাহে নিজকে ছোৱালী হিচাপে চিনিব পাৰিছিল।
“মজলীয়া স্কুলত মই হাফ পেণ্ট পিন্ধিবলগীয়া হৈছিল আৰু মোৰ কৰঙন ওলাই থাকিছিল,” তেওঁ কয়। “ল’ৰাহঁতৰ লগত বহিবলগীয়া হোৱাত লাজ লাগিছিল।” এতিয়া ত্ৰিশ বছৰ বয়সৰ ৰম্যাই ৰঙা শাড়ী পিন্ধিছে আৰু দীঘলকৈ চুলি ৰাখিছে – নাৰী হিচাপে নিজকে আদৰি লৈছে।
ৰম্যাই চেংগালপট্টু জিলাৰ তিৰুপৰুৰ চহৰৰ সৰু আম্মান (দেৱী) মন্দিৰ পৰিচালনা কৰে। তেওঁৰ মাতৃ ভেংগম্মা তেওঁৰ কাষতে মজিয়াত বহি আছে। “সি (ৰম্যালৈ আঙুলিয়াই) সৰুৰে পৰা চুৰিদাৰ পিন্ধি ভাল পাইছিল, দৱানি (অৰ্ধ-শাড়ী) আৰু কাম্মাল (কাণফুলি) পিন্ধিছিল। আমি তাক ল’ৰা মানুহৰ নিচিনাকৈ থাকিবলৈ কৈছিলো। কিন্তু এনেকৈয়ে তেওঁ থাকিব বিচাৰিছিল,” ৰম্যাৰ ৫৬ বছৰ বয়সীয়া মাতৃয়ে কয়।
কান্নিয়াম্মা দেৱীৰ মন্দিৰটো বন্ধ থকা হেতুকে জন সমাগম নাই, আমাৰ কথা পতাত সুবিধা হৈছে। এইহাল মাক-জীয়েকৰ দৰে ইৰুলাৰ সম্প্ৰদায়ৰ লোকসকলে দিনৰ ভাগত দেৱী কান্নিয়াম্মাৰ উপাসনাৰ বাবে আহে।
ৰম্যা এই চাৰিজন ভাই-ভনীৰ মাজৰ এগৰাকী। ইৰুলাৰ সম্প্ৰদায়ৰ লোকেৰে ভৰা এইখন ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। ইৰুলাৰসকল তামিলনাডুত বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) হিচাপে তালিকাবদ্ধ। তেওঁৰ পিতৃ-মাতৃ সম্প্ৰদায়টোৰ আন লোকৰ দৰে কৃষিপাম, নিৰ্মাণ ছাইট আৰু মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি আইন)ৰ অধীনত ঋতুভিত্তিক শ্ৰমিকৰ কাম দিনে ২৫০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে।
“তেতিয়াৰ দিনত মানুহে তিৰুনাংগাই (ৰূপান্তৰিত মহিলাৰ বাবে তামিল ভাষাৰ অভিধা) সকলৰ কথা জনা নাছিল। সেয়ে মই ঘৰৰ পৰা ওলাই গ’লে চহৰত মানুহে বু বু-বা বা কৰিছিল,” ৰম্যাই কয়। “তেওঁলোকে কৈছিল ‘সিজনে ল’ৰাৰ পোছাক পিন্ধে, কিন্তু আচৰণবোৰ ছোৱালীৰ দৰে, ল’ৰা নে ছোৱালী বাৰু সিজন?’ এই কথাই মোৰ মনত আঘাত দিছিল।”
তেওঁ নৱম মানতে পঢ়া এৰি মাক-দেউতাকৰ সৈতে দিনহাজিৰাৰ কামত লাগিছিল। ৰম্যাই নিজকে ছোৱালী হিচাপে ব্যক্ত কৰি থাকিল আৰু আনফালে মাকে প্ৰায়ে তেওঁক “ল’ৰাৰ দৰে আচৰণ কৰিবলৈ” কাকূতি কৰি থাকিল। তেওঁৰ সম্প্ৰদায়টোৰ অন্য লোকসকলে কি ভাবিব, তাকে লৈ তেওঁৰ মাতৃ সেই সময়ত চিন্তিত হৈ থাকিছিল।
বিশ বছৰমান বয়সত তেওঁ ঘৰ এৰি নিজে বিচৰা ধৰণে জীয়াই থাকিবলৈ বিচাৰিলে। তেতিয়াহে তেওঁৰ মাক আৰু প্ৰয়াত পিতৃ ৰামচন্দ্ৰনে তেওঁৰ কথা শুনিবলৈ ল’লে। “আমাৰ চাৰিটা সন্তান আছিল। আমি ভাবিলোঁ যে সি আমাৰ ছোৱালী হওঁক, যিহেতু আমাৰ কন্যা সন্তান নাছিল,” ভেংগম্মাই কয়। “ল’ৰাই হওঁক বা ছোৱালী, সি আমাৰ সন্তান আছিল। কোন সতে বাৰু ঘৰ এৰি যাবলৈ দিওঁ?”
সেয়ে ৰম্যাক ঘৰৰ ভিতৰত মহিলাৰ পোচাক পিন্ধিবলৈ দিয়া হ’ল। ভেংগম্মাই তাৰ মাজতে ৰূপান্তৰিত মহিলাক লৈ সমাজত থকা দৃষ্টিভংগীৰ পৰাই তেওঁক কৈছিল, “নী কড়াই এৰাকূড়ধু” মানে ৰম্যাই পেট পুহিবলৈ কিন্তু দোকানে দোকানে হাত পাতি যাতে নুফুৰে।
“ঘৰৰ ভিতৰত মই নাৰী এগৰাকীৰ দৰে অনুভৱ কৰিছিলোঁ যদিও মানুহে বাহিৰৰ পৰা মোক ডাঢ়ি-মোচ আৰু পুৰুষৰ বৈশিষ্ট থকা মতা মানুহ বুলিয়ে ধৰিছিল,” ৰম্যাই কয়। ২০১৫ত তেওঁ নিজৰ আটাইখিনি সঞ্চিত ধন, প্ৰায় এক লাখ টকা জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰী আৰু লেজাৰ হেয়াৰ ৰিম’ভেলত খৰছ কৰিলে।
তিৰুপৰুৰৰ পৰা ১২০ কিলোমিটাৰ দূৰৰ পুডুচেৰীস্থিত মহাত্মা গান্ধী মেডিকেল কলেজ এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটত জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰীত তেওঁৰ ৫০ হাজাৰ টকা খৰছ হ’ল। দূৰত আৰু বিনামূলীয়া নোহোৱা সত্ত্বেও তালৈকে যোৱাৰ কাৰণ আছিল তেওঁৰ বন্ধু এগৰাকীৰ পৰামৰ্শ। ৰাজ্যখনৰ নিৰ্দিষ্ট কেইখনমান চৰকাৰী হস্পিতালত বিনামূলীয়া শল্য চিকিৎসা কৰোৱাৰ ব্যৱস্থা আছিল। ৫০ কিলোমিটাৰ দূৰৰ চেন্নাইৰ এখন ক্লিনিকত ছটা সাক্ষাতত তেওঁৰ মুখমণ্ডলৰ চুলিবোৰ আঁতৰোৱা হৈছিল।
ৱলৰমতি নামে ইৰুলাৰ সম্প্ৰদায়ৰ তিৰুনাংগাইয়ে তেওঁক হস্পিতাললৈ লৈ গৈছিল। শল্য চিকিৎসাৰ কেইমুহূৰ্তমান আগত হস্পিতালৰ বিচনাত বহি থকা ৰম্যাৰ মনলৈ তেওঁ ল’বলৈ ওলোৱা পদক্ষেপৰ কেনে এটা ভয়াৱহ পৰিণতিও হ’ব পাৰে, সেই কথা আহিছিল। কিছু ৰূপান্তৰকামী মহিলাৰ চাৰ্জাৰী সফল নোহোৱাৰ কথা তেওঁ শুনিছিল, “তেওঁলোকৰ কিছুমানৰ অংগ সম্পূৰ্ণৰূপে আঁতৰোৱা হোৱা নাছিল, কিছুমানে পেচাব কৰাত অসুবিধাত ভুগিছিল।”
তেওঁৰ চাৰ্জাৰী সফলতাৰে সম্পন্ন হৈছিল আৰু সেয়া আছিল যেন “এক পুনৰ্জন্ম,” ৰম্যাই কয়। “এই অপাৰেচন হোৱাৰ পিছৰ পৰাহে মোৰ মা-দেউতাই মোক ৰম্যা বুলি মাতিবলৈ লৈছিল। তাৰ আগলৈকে তেওঁলোকে মোক পান্থি (মৃত) নামেৰে মাতিছিল।”
তেওঁ বিশ্বাস কৰে যে সেই অপাৰেচনটোৰ পিছৰে পৰা তেওঁৰ আশে-পাশে থকা মহিলাখিনিৰো তেওঁৰ প্ৰতি দৃষ্টিভংগী সলনি হৈ গৈছিল। তেতিয়াৰে পৰা তেওঁলোকে তেওঁক নিজৰে মাজৰ এজন বুলি গ্ৰহণ কৰিছিল আৰু “মই টয়লেটলৈ যাব বিচাৰিলে তেওঁলোকে মোৰ লগত যোৱা হৈছিল,” তেওঁ হাঁহি এটা মাৰি কয়। ৰম্যা এতিয়া ১৪ জনীয়া সদস্যৰে কাট্টু মল্লি ইৰুলাৰ পেংগাল কুড়ু মহিলা আত্মসহায়ক গোটটোৰ মুৰব্বী।
সাপ ধৰাৰ অনুজ্ঞাপত্ৰ থকা হেতুকে তেওঁ আৰু তেওঁৰ ভাতৃয়ে ইৰুলাৰ স্নেক কেট্চাৰ ইণ্ডাষ্ট্ৰিয়েল কোপাৰেটিভ চ’চাইটিলৈ এণ্টি-ভেনম প্ৰস্তুতিৰ বাবে সাপ যোগান ধৰে। এনেকৈ তেওঁলোকে বছৰটোৰ ছটা মাহৰ বাবে (বৰ্ষাকালত) মাহে ৩,০০০ টকাকৈ উপাৰ্জন কৰে। তেওঁ দিনহাজিৰাও কৰে।
যোৱাবছৰ তেওঁলোকৰ ইৰুলাৰ সম্প্ৰদায়ৰ ৫৬ টা পৰিয়ালক তিৰুপৰুৰ চহৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ নতুন চৰকাৰী আৱাসগৃহৰ প্ৰকল্পৰ অধীনত চেম্বাক্কাম চুন্নাম্বু কালভাইলৈ স্থানান্তৰ কৰা হয়। ৰম্যাই চৰকাৰী বিষয়াবৰ্গক সাক্ষাৎ কৰি বিদ্যুতৰ নতুন সংযোগ আৰু নতুন পৰিচয় পত্ৰৰ বাবে সেইসকল লোকক সহায় কৰিছিল।
তেওঁৰ নাগৰিক আৰু ৰাজনৈতিক ভূমিকা আৰু বেছি সবল হৈ পৰে যেতিয়া তেওঁ ২০২২ৰ পঞ্চায়ত নিৰ্বাচনত তেওঁৰ সম্প্ৰদায়ৰ ভোটাধিকাৰক লৈ এক প্ৰতিবাদী কাৰ্য্যসূচীক নেতৃত্ব দিছিল। চেম্বাক্কাম পঞ্চায়ত অ-ইৰুলা সম্প্ৰদায়ৰ সদস্যসকলে তেওঁলোকে ভোট দিয়াক লৈ বিৰোধিতা কৰিছিল। “এতিয়া আমি আমাৰ চুবুৰিটো বিশেষ ৱাৰ্ড হিচাপে চিনাক্ত কৰোৱাৰ বাবে চেষ্টা কৰিম,” তেওঁ কয়। কোনোবা এদিন তেওঁলোকৰ সম্প্ৰদায়টোৰ সেৱাৰ্থে পঞ্চায়ত নিৰ্বাচনত ভাগ লোৱাৰো তেওঁৰ ইচ্ছা ব্যক্ত কৰে। “মানুহে নিজে বিচৰা জীৱন এটা জীয়াব লাগে। ভুৱা জীৱন এটা মই যাপন কৰি থাকিবলৈ নিবিচাৰোঁ।”
গোটেই ৰাজ্যখনত প্ৰায় দুই লাখ মানুহ ইৰুলাৰ সম্প্ৰদায়ৰ (২০১১ৰ জনগণনা অনুসৰি)। “আমাৰ বাবে ল’ৰাই হওঁক বা ছোৱালী, তিৰুনাংগাইয়ে হওঁক, আমি আমাৰ সন্তানক আদৰি লওঁ আৰু প্ৰতিপাল কৰোঁ,” তেওঁ কয়। তেওঁৰ বন্ধু সত্যবাণী আৰু সুৰেশ, দুয়োগৰাকীয়েই ইৰুলাৰ সম্প্ৰদায়ৰ, বিশৰ ডেওনা পাৰ কৰা তেওঁলোকে বিয়া হোৱাৰ ১০ বছৰ হ’ল। ২০১৩ৰ পৰা তেওঁলোকে তিৰুপৰুৰ চহৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ কুন্নাপাট্টুৰ ইৰুলাৰ চুবুৰি এটাৰ তিৰ্পাল তৰা জুপুৰি ঘৰ এটাত বা কৰি আহিছে।
ইৰুলাৰ সম্প্ৰদায়টো আৰু ৱলৰমতিহঁতৰ দৰে বান্ধবীৰ সুবাদতে তেওঁ ৰূপান্তৰিত নাৰী হিচাপে কোনো অসুবিধা নোহোৱাকৈ জীয়াই থাকিব পাৰিছে বুলি ৰম্যাই কয়। দুয়োট ৰম্যাৰ ঘৰৰ বাৰান্দাত বহি বিভিন্ন উৎসৱৰ কথা পাতিছে যিবোৰত তেওঁলোকে নিজৰ সম্প্ৰদায়টোৰ এক অংশ বুলি নিজেক উপলব্ধি কৰিব পাৰিছিল। তেনে উৎসৱ কেইটামান হৈছে আদি তিৰুভিঝা, তামিল মাহ আদিত উদযাপিত এক উৎসৱ আৰু তাৰ লগতে আছে মমাল্লপুৰম (জনপ্ৰিয় নাম মহাবলিপুৰম) উপকূলত আয়োজিত ‘মাচি মগম’ – এয়া ইৰুলাৰসকলৰ বাৰ্ষিক সমূহীয়া উৎসৱ।
তেওঁলোকে “ছোৱালীৰ দৰে পোচাক পিন্ধিবলৈ” তাত নৃত্য পৰিৱেশন কাৰ্য্যসূচীত ভাগ লৈছিল, ৱলৰমতিয়ে কয়। তেওঁ সদায় আদি উৎসৱৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল আৰু প্ৰায়ে ভাবিছিল যে কিয় তেওঁ তেনে পোচাক সদায় পিন্ধিব নোৱাৰে!
“পেণ্ট-চাৰ্ট পিন্ধাৰ দিন ধৰি আমি দুয়ো বন্ধু,” ৰম্যাই কয়। তেওঁলোকে প্ৰথম লগ হৈছিল ৬ম মানত, যেতিয়া ৱলৰমতিয়ে তেওঁক মাক ঢুকোৱাৰ বাবে দেউতাক আৰু দুই ভাই-ভনীৰ সৈতে কাঞ্চিপুৰম চহৰৰ পৰা উঠি আহি তিৰুপৰুৰ চহৰৰ এটা ইৰুলাৰ চুবুৰি এড়ায়ানকুপ্পমত থিতাপি লৈছিল। দুয়োৱে নিজৰ অনুভৱ আৰু চিন্তাক গাপ দি ৰাখিছিল আৰু শৈশৱত ইমান কম বয়সতে একেবোৰ আকাংক্ষাই পুহি ৰাখিছিল, সেই কথা আৱিষ্কাৰ কৰিছিল।
*****
প্ৰথমে ‘পুত্ৰসন্তান’ হিচাপে জন্ম পোৱা ৱলৰমতিৰ নিজৰ লিংগ পৰিচয়ক লৈ পিতৃৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছিল। তেওঁ কৈশোৰ অৱস্থাতে স্কুল এৰি ৩৫ কিলোমিটাৰ দূৰৰ তিৰুনাংগাই পৰিয়াল এটালৈ গুছি গৈছিল। “মই আন তিৰুনাংগাইসকলৰ সৈতে এটা ঘৰত একেলগে থাকিছিলোঁ। আমাক এগৰাকী বৃদ্ধা ৰূপান্তৰকামী গুৰুৱে তুলি লৈছিল।”
তিনিটা বছৰ ধৰি ৱলৰমতিয়ে স্থানীয় দোকানত গৈ পইচা বিচাৰিছিল আৰু মানুহক আশীৰ্বাদ দিছিল। “মই সদায় গৈছিলো। সেয়া স্কুললৈ যোৱাৰ দৰে আছিল,” তেওঁ মনত পেলয়। গোটেইখিনি উপাৰ্জন – তেওঁ হিচাপ কৰা মতে কেইলাখমান হ’ব, সেয়া তেওঁৰ গুৰুক দিছিল। সেইখিনি সময়ত তেওঁ আনকি তেওঁৰ জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰীৰ আৰু তাৰ পিছৰ সকামৰ বাবে তেওঁৰ নামত গুৰুৱে লোৱা (অভিযোগ অনুসাৰে) ঋণো পৰিশোধ কৰিবলগীয়া হৈছিল।
ঘৰলৈ পইচা পঠিয়াব নোৱাৰাৰ লগতে নিজৰ পিতৃ-মাতৃ তথা পৰিয়ালক দেখা কৰিবলৈ অনুমতি নিদিয়াৰ বাবে ৱলৰমতিয়ে সেই ঘৰ এৰাৰ বাবে আন এজন গুৰুৰ সহায় বিচাৰিলে। তেওঁ যিজন গুৰুৰ পৰিয়াল এৰিলে, তেওঁলোকক জৰিমনা হিচাপে ৫০,০০০ টকা দিবলগীয়া হ’ল আৰু চেন্নাইৰ নতুন তিৰুনাংগাই পৰিয়াল এটালৈ গ’ল।
“মই ঘৰলৈ পইচা পঠিয়াই মোৰ ভাই-ভনীহঁতক সহায় কৰিম বুলি দেউতাক প্ৰতিশ্ৰুতি দিছিলো,” তেওঁ কয়। সীমিত শিক্ষা আৰু ৰূপান্তৰিত মহিলাৰ বাবে কামৰ বিশেষ সুবিধা নথকা হেতুকে, বিশেষকৈ তেওঁৰ দৰে কৈশোৰ অৱস্থাৰ ৰূপান্তৰিত মহিলাই যৌনকৰ্মকে জীৱিকা হিচাপে বাচি ল’বলগীয়া হৈছিল। লগতে নগৰৰ উপকণ্ঠ অঞ্চলৰ ৰেলত উঠি মানুহক পইচাৰ বিনিময়ত আশীৰ্বাদ দিছিল। তেতিয়াই তেওঁ ৰাকেশক লগ পায়, তেতিয়া তেওঁৰ বয়স আছিল দুকুৰি। জাহাজ নিৰ্মাণ কাৰখানা এটাত তেওঁ কাম কৰিছিল।
দম্পতীহালে প্ৰেমত পৰে আৰু বিধি অনুসাৰে বিয়া হয় আৰু ২০২১ৰ পৰা একেলগে থাকিবলৈ লয়। তিৰুপৰুৰ চহৰত ভাল ঘৰ নোপোৱাৰ বাবে আৰু কোনো মালিকে সন্মান সহকাৰে আচৰণ নেদেখুওৱাৰ বাবে তেওঁলোকে প্ৰথমে এড়ায়ানকুপ্পমত থকা ৱলৰমতিৰ পিতৃ নাগাপ্পানৰ ঘৰত থাকিছিল। কিন্তু নাগাপ্পানে নিজৰ ঘৰত তেওঁলোকক আশ্ৰয় দিছিল যদিও হৃদয়ৰ পৰা তেওঁলোকক গ্ৰহণ কৰা নাছিল, সেয়ে দম্পতী হালে কাষতে জুপুৰি এটাত ভাৰাত থাকিবলৈ লয়।
“মই ৱচুল কৰা কামলৈ (দোকানে দোকানে পইচা বিচৰা) যাবলৈ এৰিলোঁ। হাতচাপৰি মাৰি কেই হাজাৰমান টকা পোৱা কামটো লোভনীয় আছিল যদিও ৰাকেশে সেয়া ভাল পোৱা নাছিল,” ৱলৰমতিয়ে কয়। সেয়ে তেওঁ পিতৃৰ লগত কাষৰে বিবাহ ভৱন এটাত কাম কৰিবলৈ লয়। তাত তেওঁ বাচন-বৰ্তন ধুইছিল আৰু দিনে ৩০০ টকা উপাৰ্জন কৰে।
“তাই মোক নিজৰ বিষয়ে সকলো খুলি কৈছিল। মই তাইৰ বিষয়ে সেই কথাটোৱে ভাল পাইছিলোঁ,” ৰাকেশে ২০২২ৰ ডিচেম্বৰত এই প্ৰতিবেদকক লগ পাওঁতে কৈছিল। আৰ্থিক আৰু মানসিক দিশত তেওঁ ৱলৰমতিক সমৰ্থন আগবঢ়াইছিল, যেতিয়া ৱলৰমতিয়ে পূৰ্বৰ জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰীৰ পিছত ব্ৰেষ্ট এনহেন্সমেণ্ট চাৰ্জাৰী কৰিবলৈ আগবাঢ়িছিল। তেওঁলোকে সেই চাৰ্জাৰী আৰু চাৰ্জাৰীৰ পিছৰ চিকিৎসাত এক লাখৰো অধিক টকা খৰচ কৰিছিল। “চাৰ্জাৰীৰ সিদ্ধান্ত মোৰ আছিল। আনে কৰা বাবে মই কৰিছিলোঁ, এনে নহয়। মই নিজৰ কথা আৰু মই কি হ’ব বিচাৰো সেয়া ভাবিছিলোঁ।”
বিয়াৰ পিছৰ প্ৰথমটো জন্মদিনত ৱলৰমতি আৰু ৰাকেশে কেক এটা কিনিবলৈ গৈছিল। তেওঁক দেখি দোকানীয়ে কেইটামান খুচুৰা পইচা উলিয়াই দিলে, ভাবিলে যে তেওঁ ৱচুলিৰ কাৰণে আহিছে। এই ঘটনাত তেওঁলোকে লাজ পালে আৰু তেওঁলোক অহাৰ কাৰণটো জনোৱাত দোকানীজনে ক্ষমা বিচাৰিলে। সেইদিনা ৰাতি ৱলৰমতিৰ জন্মদিন উদযাপন আছিল অনন্য, নিজৰ স্বামী, ভাই-ভনী, কেক-বাতাচা আৰু হাঁহি-ফূৰ্তিৰে ভৰা এক সময়।
আন এটা ঘটনাৰ কথা তেওঁৰ মনত পৰে, ৰাতি পলমকৈ বাইকত উঠি গৈ থকা অৱস্থাত পুলিচে তেওঁলোকক ধৰিলে। তেওঁ পুলিচক তাইৰ থালি (বিয়া হোৱা বুজোৱা পৱিত্ৰ সূতাডাল) দেখুৱালে। দম্পতিহালে ভয় খাইছিল যদিও তেওঁলোকক আচৰিত কৰি আৰক্ষীৰ লোকজন বিস্মিত হ’ল আৰু তেওঁলোকক শুভেচ্ছা জনালে আৰু যাবলৈ দিলে।
২০২৪ৰ আগষ্টত ৰাকেশে চৰকাৰী চাকৰি পোৱাৰ পিছত চেন্নাইলৈ গুছি যায়। “তাৰপিছত তেওঁ মোৰ ফোন নধৰা হ’ল আৰু উভতিও নাহিল,” তেওঁক বিচাৰি উলিয়াবলৈ দেউতাকে সাহস দিয়াৰ পিছত তেওঁ চহৰখনলৈ যোৱা ৱলৰমতিয়ে কয়।
“ৰাকেশৰ মাক-দেউতাকে মোক ভদ্ৰভাৱে ক’লে যে মই তেওঁক এৰিব লাগে যাতে তেওঁ সন্তান দিবপৰা কাৰোবাক বিয়া পাতিব পাৰে। মই কেতিয়াও আমাৰ বিয়াখনৰ পঞ্জীয়ন কৰোৱা নাছিলো। তেওঁ এৰি নাযাব বুলি বিশ্বাস কৰিছিলোঁ,” তেওঁ কয়। ৱলৰমতিয়ে ৰাকেশক বিচাৰি নোযোৱাৰ সিদ্ধান্ত লৈছে আৰু চেন্নাইৰ তিৰুনাংগাই পৰিয়ালটোলৈ উভতি আহিছে।
এই সকলো সত্ত্বেও তেওঁ তিৰুনাংগাই পৰিয়ালটোৱে তুলি লোৱা আৰ্থিকভাৱে পিছপৰা সম্প্ৰদায়ৰ দুগৰাকী ৰপান্তৰকামী কন্যাক চোৱা-চিতা কৰি আছে। তাৰে এগৰাকীয়ে আৰক্ষী বিষয়া হ’ব বিচাৰে আৰু ৱলৰমতিয়ে তাইৰ সেই সপোনক বাস্তৱ ৰূপ দিয়াত সহায় কৰিব বুলি ভাবি থৈছে।
অনুবাদ: পংকজ দাস