এখন কাগজ আৰু অচিনাকি মানুহ এজনে কৰা প্ৰশ্নৰ পৰা এই পৰিক্ৰমা আৰম্ভ হৈছিল।

তেতিয়া কমলেশৰ বয়স ১২ বছৰ। তেওঁ নিজ গাওঁ ৰাথেড়ত থকা অতিথিশালা এটাৰ আশে-পাশে আছিল, তেনেতে এজন পৰদেশী (অচিনাকি) মানুহক তেওঁ লগ পালে। “মই ভাৰিয়া ভাষা জানো নেকি তেওঁ সুধিছিল।” কমলেশে কিবা উত্তৰ দিয়াৰ আগেয়ে “মানুহজনে মোক কাগজ এখন হাতত দি পঢ়িবলৈ কৈছিল।”

অচিনাকি লোকজনে ঠিকেই বিচাৰি উলিয়াইছিল - তামিয়া ব্লকৰ পাতালকোট উপত্যকাত ভাৰিয়া সম্প্ৰদায়ৰ ভালেমান লোক আছে, এই সম্প্ৰদায়টো মধ্য প্ৰদেশৰ বিশেষভাৱে বিপন্ন জনজাতীয় গোষ্ঠী ( পিভিটিজি ) হিচাপে তালিকাভুক্ত। কমলেশ ভাৰিয়া সম্প্ৰদায়ৰ আৰু সম্প্ৰদায়টোৰ নিজৰ ভাষা ভাৰিয়াতি সলসলীয়াকৈ ক’ব পাৰে।

চেঙেলীয়া কমলেশে কাগজখন ঠিকেই পঢ়িলে, সম্পূৰ্ণ আত্মবিশ্বাসেৰে। তাত তেওঁৰ সম্প্ৰদায়টোৰ বিষয়ে সাধাৰণ তথ্য আছিল। কাগজখন দেৱনাগৰী লিপিত আছিল, “সেয়ে পঢ়িবলৈ উজু আছিল।” কিন্তু দ্বিতীয়টো শিতানত যেতিয়া তেওঁক কিছুমান বস্তুৰ নাম ক’বলৈ দিয়া হ’ল, তেওঁৰ খোকোজা লাগিবলৈ ধৰিলে। “শব্দবোৰ ভাৰিয়াতিৰে আছিল,” তেওঁ মনত পেলায়, “সেই আৱাজবোৰ চিনাকি যেনেই লাগিছিল, কিন্তু শব্দবোৰ অচিনাকি আছিল।”

তেওঁ কিবা এটা মনত পেলোৱাৰ যত্ন কৰি সামান্য থমকি ৰ’ল। “এটা শব্দ আছিল। জংলি জৰিবুতি জাতীয় কিবা এটা শব্দ আছিল। মই সেই শব্দকেইটা লিখি থোৱা হ’লে ভাল আছিল,” মূৰটো জোকাৰি আক্ষেপত তেওঁ কয়। “এতিয়া শব্দকেইটা বা তাৰ অৰ্থ মই মনত পেলাব পৰা নাই।”

কমলেশৰ হতাশাই তেওঁক ভাবিবলৈ বাধ্য কৰালে, “ভাৰিয়াতি ভাষাৰ কিমান যে শব্দ মই নাজানিছিলো।” তেওঁ জানিছিল যে ভাষাটো তেওঁ সাৱলীলভাৱে ক’ব জানে - তেওঁ ককা-আইতাকহঁতৰ মুখত ভাৰিয়াতি ভাষা শুনি, নিজে কৈ ডাঙৰ হৈছিল। “কৈশোৰ অৱস্থালৈকে মই কেৱল সেই ভাষাটোৱেই জানিছিলো। হিন্দী কওতে মোৰ খোকোজা লাগিছিল,” তেওঁ হাঁহি এটা মাৰি কয়।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: বিশেষভাৱে বিপন্ন জনজাতীয় গোষ্ঠী (পিভিটিজি) ভাৰিয়া সম্প্ৰদায়ৰ ২৯ বৰ্ষীয় কমলেশ দাণ্ডোলিয়া। সোঁফালে: মধ্য প্ৰদেশৰ চিণ্ডৱাৰা জিলাৰ ৰাথেড় গাঁৱৰ নিজ ঘৰত কমলেশ

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: সাতপুৰা পৰ্বতমালাৰ দাঁতিৰ ১২ খন গাঁৱত সিঁচৰতি হৈ থকা ভাৰিয়া জনগোষ্ঠীৰ বসতিস্থল পাতালকোট উপত্যকালৈ যোৱাৰ বাটত এইখন তামিয়া ব্লকৰ চাইনব’ৰ্ড। এই ঠাইৰ পৰাই স্থানীয় লোকে লগে-ভাগে টেক্সি ভাৰা কৰি ঘৰলৈ উভতে। সোঁফালে: কমলেশৰ ঘৰৰ কাষৰ ৰাস্তাটোৰে মধ্য প্ৰদেশৰ ভালেকেইখন জনপ্ৰিয় পৰ্য্যটনস্থলীলৈ যাব পাৰি

মধ্যপ্ৰদেশত প্ৰায় দুই লাখ ভাৰিয়া সম্প্ৰদায়ৰ লোক আছে (অনসূচিত জনজাতিৰ পাৰিসাংখ্যিক ৰূপৰেখা, ২০১৩ অনুসৰি), কিন্তু কেৱল ৩৮১ গৰাকী লোকেহে নিজৰ মাতৃভাষা ভাৰিয়াতি বুলি লিখিছে। এয়া ২০০১ৰ ভাৰতীয় ভাষা পিয়লৰ সন্মিলিত ডেটা , ২০১১ৰ এনে কোনো ডেটা নাই, কিয়নো ২০১১ৰ লোকপিয়লত ভাৰিয়াতি ভাষাক সুকীয়াকৈ তালিকাত ৰখা নাই। সেয়া অনামাংকৃত মাতৃভাষাসমূহ বোলা শিতানত ৰখা হৈছে। তাত তেনেবোৰ ভাষা আছে, যিটো ভাষাটো কোৱা লোকৰ সংখ্যা ১০ হাজাৰতকৈ কম।

এই সম্প্ৰদায়টোৱে এটা সময়ত মহাৰাষ্ট্ৰৰ ৰজাঘৰৰ ভাৰ কঢ়িওৱাৰ কাম কৰিছিল, চৰকাৰী ভিডিঅ ’ এটাত এই কথা কোৱা হৈছে। নাগপুৰৰ মুধৌজী-২ (আপ্পা চাহেব বুলিও জনা যায়)য়ে ১৮১৮ৰ তৃতীয় ইংৰাজ-মাৰাঠা যুদ্ধত পৰাজিত হৈ পলাই যাবলগীয়া হোৱাত বহু ভাৰিয়াই মধ্য প্ৰদেশৰ চিণ্ডৱাৰা, বেতুল আৰু পাচ্চমৰ্হি আদিৰ হাবিত গৈ থিতাপি লয়।

এতিয়া এই সম্প্ৰদায়টোকে ভাৰিয়া (বা ভাৰতি) বুলি জনা যায়।

তেওঁলোকৰ পৰম্পৰাগত খেতি জুম খেতি। বন দৰৱ আৰু ঔষধি শাক-পাতৰো ক্ষেত্রতো তেওঁলোকৰ ব্যুত্পত্তি আছিল। সেইটো কাৰণতে তেওঁলোকে সঘনে ওলাই আহি গাঁৱৰ মানুহৰ লগত কথা-বতৰা পাতিছিল। “তেওঁলোকে আমাৰ পৰা জৰি-বুতি কিনিবলৈ আহিছিল। বহু বয়সস্থ মানুহৰ এতিয়া অনুজ্ঞাপত্ৰ আছে আৰু তেওঁলোকে যিকোনো ঠাইলৈ বন দৰৱ বিক্ৰী কৰিবলৈ যাব পাৰে,” কমলেশে কয়।

কিন্তু ভাষাটোৰ দৰে এই ঔষধি দৰৱবোৰৰ জ্ঞানো “গাঁৱৰ বয়সীয়া মানুহবোৰৰ মাজতে সীমাবদ্ধ,” তেওঁ কয়।

পাৰম্পৰিক জ্ঞান আহৰণ নকৰা নতুনচামে কৰা ভুৰ্তা (মাকৈ)ৰ খেতি আৰু হাবিৰ পৰা পোৱা ঋতুগত বনজ সম্পদ যেনে চাৰখ (চিৰঞ্জি/কাঠবাদামজাতীয় এবিধ ফল), মহু (Madhuca longifolia), আমলা (আমলখি) আৰু খৰি সংগ্ৰহ কৰে আৰু তেনেকৈয়ে গোটেই বছৰটো চলে।

সম্প্ৰদায়টোৰ ৰাস্তা-ঘাটৰ অৱস্থা বৰ বেয়া। আনকি তেওঁলোকৰ উপত্যকাৰ জনপ্ৰিয় পৰ্য্যটনস্থলী যেনে মহাদেৱ মন্দিৰ আৰু ৰাজা খোহ গুফা আদিলৈ যোৱা বাটো শোচনীয়। তেঁওলোক ঘাইকৈ সাতপুৰা পৰ্বতমালাত পাদদেশৰ পাতালকোট অঞ্চলত সিঁচৰতি হৈ থকা ১২ খন গাঁৱত থাকে। তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে সাধাৰণতে কাষৰে চহৰ যেনে ইণ্ডোৰ আদিত পঢ়া-শুনাৰ বাবে আৱাসিক বিদ্যালয়ত থাকে।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: নিজৰ ঘৰৰ বাহিৰত কমলেশ (একেবাৰে বাওঁফালে)। তেওঁৰ ভাই-বোৱাৰী আৰু ভাই-বোৱাৰীগৰাকীৰ সন্তান, সন্দীপ (কমলাৰঙৰ গেঞ্জী পৰিহিত) আৰু অমিত, কমলেশৰ মাতৃ ফুল্লেবাই (একেবাৰে সোঁফালে), আইতাক সুক্তিবাই (গুলপীয়া ব্লাউজ পৰিহিতা)। সোঁফালে: সম্প্ৰদায়টোৰ পৰম্পৰগাত জীৱিকা ঝুম খেতি। নতুনচামে মাকৈৰ খেতি কৰিবলৈ লৈছে আৰু খৰিকে ধৰি ঋতুগত বনজ উত্পাদিত সামগ্ৰী সংগ্ৰহ কৰে

*****

দহ বছৰ আগৰ কথা, তেতিয়া কমলেশ অলপ ডাঙৰ হৈছে, পথাৰত গৰু-ছাগলী চৰাই থাকোতে তেওঁ আন এজন অচিনাকি লোকক লগ পায়। কমলেশৰ এনে লাগিল যেন আগৰ দৰেই এইজন লোকেও তেওঁক কাগজ এখন দি কিবা সুধিব। কাৰখন ৰখাই মানুহজনে তেওঁক কিবা এটা সুধিবলৈ লওতে কমলেশে ভাবিছিল, “বোধহয় তেঁৱো এখন কাগত (কাগজ) উলিয়াই লৈ মোক পঢ়িবলৈ দিব!”

কমলেশে দ্বাদশ শ্ৰেণীতে পঢ়া এৰি পৰিয়ালৰ খেতিত সহায় কৰিবলৈ লৈছিল। সাতটাকৈ ভাই-ভনীক পঢ়ুৱাবলৈ পৰিয়ালৰ সম্বল নাছিল। গাওঁখনত ৫ম মানলৈ পঢ়িব পৰাকৈ স্কুল এখন আছিল। তাৰপিছত ল’ৰাবোৰে তামিয়াৰ আৱাসিক স্কুল এখনলৈ নাইবা কাষৰে চহৰলৈ পঢ়িবলৈ গৈছিল, আনহাতে ছোৱালীবোৰৰ পঢ়া সিমানতে সাং হৈছিল।

সেই অচিনাকি লোকজনে এতিয়াৰ ২২ বৰ্ষীয় কমলেশক সুধিলে যে তেওঁ নিজৰ মাতৃভাষা সংৰক্ষিত কৰিব বিচাৰে নেকি যাতে তেওঁৰ পৰৱৰ্তী প্ৰজন্মই জানিব পাৰে যে ভাৰিয়াতি ভাষা কেনেকৈ কয়। সেই প্ৰশ্নই তেওঁৰ মনত ৰেখাপাত কৰিলে আৰু তেওঁ ততালিকে সন্মতি দিলে।

সেই অচিনাকি লোকজন আছিল ভাষা গৱেষক পৱন কুমাৰ। দেৰাডুনৰ ইনষ্টিটিউট অৱ লেংগুৱেজেচ এণ্ড লিংগুইষ্টিকচ্ প্ৰতিষ্ঠানৰ পৰা গাওঁখনলৈ ভাৰিয়াতি ভাষা নথিবদ্ধ কৰিবলৈ ভাষা গৱেষকজন আহিছিল। তেওঁ ভালেকেইখন গাওঁ ঘূৰি-ফুৰি আহিছিল য’ত ভাষাটো সলসলীয়াকৈ ক’ব পৰা মানুহ তেওঁ বিচাৰি পোৱা নাছিল। পৱন কুমাৰ সেই এলেকাত তিনি-চাৰিবছৰ থাকিল আৰু “আমি ভালেমান গল্প আৰু আনকি এখন কিতাপো ভাৰিয়াতি ভাষাত প্ৰকাশ কৰিলো,” কমলেশে মনত পেলায়।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: কমলেশ এগৰাকী খেতিয়ক। তেওঁ পৰিয়ালটোক খেতি-বাতিক সহায় কৰিবলৈ দ্বাদশ মানৰ পৰা পঢ়া এৰে। সোঁফালে: কমলেশৰ আইতাক সুক্তিবাই দাণ্ডোলিয়া, বয়স প্ৰায় ৮০ বছৰ, তেওঁ কেৱল ভাৰিয়াতি ভাষাই কয় আৰু কমলেশক তেঁৱেই নিজৰ ভাষাটো শিকাইছে

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: কমলেশ আৰু ভাষা বিকাশ গোটৰ লগত লগ লাগি প্ৰস্তুত কৰা ভাৰিয়াতি ভাষাৰ বৰ্ণমালাৰ চাৰ্ট। সোঁফালে: তেওঁলোকে ভাৰিয়াতি ভাষাৰ উচ্চাৰণৰ নিৰ্দেশিকাৰ লগতে ভালেকেইখন কিতাপো লিখিছে

কমলেশে সন্মতি দিয়াৰ পাছত প্ৰথমটো কাম আছিল এনে এখন ঠাই বিচাৰি উলিওৱা য’ত তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ কাম কৰিব পাৰে। “য়হা বহুত শৌৰ-চৰাবা হোতা থা, ক্যু কী টুৰিষ্টৌ কা আনা জানা লগা ৰেহতা থা (ইয়াত পৰ্য্যটকৰ আহ-যাহ বেছি কাৰণে বৰ হৈ-হাল্লা লাগি থাকিছিল)।” তেওঁলোকে ভাৰিয়া ভাষা বিকাশ গোট এটা খুলিবলৈ আন এখন গাঁৱলৈ যোৱাৰ সিদ্ধান্ত ল’লে।

এমাহৰ ভিতৰতে কমলেশ আৰু তেওঁলোকৰ গোটটোৱে ভাৰিয়াতি ভাষাৰ বৰ্ণমালাৰ তালিকাখন প্ৰস্তুত কৰি উলিয়ালে। “প্ৰতিটো আখৰৰ বিপৰীতে থকা আটাইবোৰ ছবি মই আঁকিছিলো।” বয়োজ্যেষ্ঠসকলে শব্দবোৰ বাচনি কৰাত সহায় কৰিছিল। কিন্তু তেওঁ তাতে থমকি নৰ’ল। গৱেষকৰ সহায়ত তেওঁলোকৰ গোটটোৱে বৰ্ণমালাৰ তালিকাখনৰ ৫০০ প্ৰতিলিপি ছপা কৰি উলিয়ালে। দুটা দল হৈ তেওঁলোকে মটৰ চাইকেলেৰে নৰসিংহপুৰ, ছেৱনি, চিণ্ডৱাৰা আৰু হোচাংগাবাদ (এতিয়া নৰ্মদাপুৰ) আদি চহৰলৈ গৈ প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰত বৰ্ণমালাৰ চাৰ্টবোৰ বিতৰণ কৰিলে। “মই অকলে তামিয়া, হাৰ্ৰাই আনকি জুন্নাৰদেউলৈ গৈ ২৫০ খনৰো অধিক প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰত এই বৰ্ণমালাৰ চাৰ্ট দিছিলো,” কমলেশে পাৰিক কয়।

দুৰত্ব অধিক আছিল, কেতিয়াবা ৮৫ কিলোমিটাৰ পৰ্য্যন্ত দূৰত্ব তেওঁ অতিক্ৰম কৰিছিল, “হম তীন-চাৰ দিন ঘৰপে নহী আতে থ্যে। হম কিচি কে ভি ঘৰ ৰুক জাতে থে ৰাত ম্যে ঔৰ সুবহ ৱাপচ চাৰ্ট বাতনে লগতে। (আমি তিনি-চাৰিদিনলৈ ঘৰলৈ উভতা নাছিলো। আমি যাৰে ঘৰ পাও, তাতেই ৰাতি কটাইছিলো আৰু দিনত চাৰ্ট বিতৰণ কৰিছিলো।)”

তেওঁলোকে লগ পোৱা প্ৰাথমিক শিক্ষকসকলে নিজৰ সম্প্ৰদায়ৰ বিষয়ে নাজানিছিল, কমলেশে কয়, “কিন্তু তেওঁলোকে আমাৰ প্ৰচেষ্টাৰ বৰ শলাগ লৈছিল, তেওঁলোকৰ সহায়তে আমি ভাৰিয়াতি ভাষা বন্ধ হৈ যোৱা গাওঁবোৰলৈ যাব পাৰিছিলো।”

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

আৰীয়া (মধেচি) হৈছে এখন সৰু চেলফ্ বা কাপব’ৰ্ড যিখনত দৈনন্দিন সামগ্ৰী ৰখা হয়। কমলেশে তেনে শব্দ ভাৰিয়াতি বৰ্ণমালাৰ চাৰ্টখনত যোগ দিছে যাতে সৰু ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ আশে-পাশে থকা সামগ্ৰীৰ নাম নিজৰ ভাষাটোত বুজি মনত ৰাখিব পাৰে

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: ভাৰিয়াতি ভাষা নথিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা শেষৰ কেইখনমান চাৰ্ট পেপাৰ তেওঁ আমাক দেখুৱাইছে, সেইকেইখন এতিয়া বাকচ এটাৰ ভিতৰতে ভৰাই থোৱা আছে। আন বহু নথি অতিমাৰীৰ সময়ত ইফাল-সিফাল হ’ল। সোঁফালে: দলীয় আলোচনাৰ পাছত চাৰ্ট পেপাৰকেইখন বনোৱা হৈছিল, তাত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় বাৰ্তা আছে

এটা বছৰৰ ভিতৰতে কমলেশ আৰু তেওঁলোকৰ ভাষা বিকাশ গোটটোৱে ভাষাটোৰ উচ্চাৰণৰ নিৰ্দেশিকাকে ধৰি তিনিখন স্বাস্থ্য সম্পৰ্কীয় কাহিনী আৰু তিনিখন নৈতিকতাৰ কাহিনী আদিৰে ভালেকেইখন কিতাপ লিখি উলিয়ালে। “আমি প্ৰথমতে আটাইবোৰ কাগজত লিখিছিলো,” তেওঁ কথাৰ মাজতে বাকচটোৰ পৰা কেইখনমান ৰঙীন চাৰ্ট পেপাৰ উলিয়াই দেখুৱালে। সম্প্ৰদায়টোৰ এই প্ৰচেষ্টাতে ভাৰিয়াতি ভাষাৰ এটা ৱেবছাইট গঢ়ি তোলা হ’ল।

“আমি ৱেবছাইটোৰ দ্বিতীয়টো পৰ্য্যায়টোৰ বাবে বৰ উত্সাহী আছিলো,” ৰাথেড়ত নিজ ঘৰত বহি আমাৰ সৈতে কথা পাতি তেওঁ কয়। “মই পকেট বুক, লোকগীত, সাঁথৰ, শব্দৰ খেল আদি বিভিন্ন সামগ্ৰীৰ ডিজিটেল কপি শ্বেয়াৰ কৰিবলৈ সাজু হৈছিলোহে…তেনেতে অতিমাৰী আহিল।” গোটটোৰ প্ৰচেষ্টাত যতি পৰিল। তাতোকৈও বেয়া ঘটনাটো তেতিয়া ঘটিল, যেতিয়া কমলেশৰ ফোনটো ৰিছেট হৈ গ’ল আৰু ফোনত থকা আটাইবোৰ ডেটা ৰাতিটোৰ ভিতৰতে উৰি গ’ল। “আমি হাতেলিখা কপিখিনিও ৰাখিব নোৱাৰিলো।” তেওঁৰ স্মাৰ্টফোন নাছিল, এই বছৰহে তেওঁ মেইল কেনেকৈ কৰিবলৈ জনা হৈছে।

যিখিনি তেওঁৰ হাতত ৰৈ গ’ল, সেইখিনি তেওঁ আন গাঁৱত থকা গোটটোৰ সদস্যৰ হাতত গতাই দিলে। তেওঁলোকৰ লগত এতিয়া তেনেকৈ কথা-বতৰা নহয়, “তেওঁলোকৰ তাত এতিয়াও সেইখিনি আছে নে নাই, নাজানো।”

কেৱল অতিমাৰীয়েই যে কমলেশক নিজৰ মাতৃভাষা নথিবদ্ধ কৰাত অন্তৰায় হিচাপে থিয় দিছিল, তেনে নহয়। তেওঁৰ সম্প্ৰদায়ৰ ডেকা-বুঢ়া সকলৰ আগ্ৰহৰ অভাৱেও তেওঁক ভাৰিয়াতি ভাষা লিপিবদ্ধ কৰাৰ ক্ষেত্রত হতাশ কৰিছিল। “বুজুৰ্গৌ কৌ লিখনা নহী হ্যে ঔৰ বচ্চৌ কৌ বৌলনা নহী হ্যে (ডাঙৰে লিখিবলৈ নিবিচাৰে আৰু সৰুবোৰে ক’বলৈ নিবিচাৰে),” তেওঁ কয়। “লাহে লাহে মই নিৰাশ হ’বলৈ ধৰিলোঁ আৰু এদিন এই কাম এৰি দিলো।”

PHOTO • Ritu Sharma

কমলেশ আৰু ভাৰিয়াতি ভাষা বিকাশৰ বাবে গঢ়ি তোলা গোটটোৱে এটা ইংৰাজী আৰু ভাৰিয়াতি দুয়োটা ভাষাতে থকা বহুভাষিক ৱেবছাইট খুলিছিল

PHOTO • Ritu Sharma

ৱেবছাইটটো সৃষ্টিৰ প্ৰথমটো পৰ্য্যায়ত কমলেশ আৰু তেওঁৰ টিমটোৱে তেওঁলোকৰ জনগোষ্ঠীটোৰ বিষয়ে, ভাষা আৰু জীৱিকাৰ লগতে তেওঁ লিখা ভাষাটোৰ উচ্চাৰণৰ নিৰ্দেশিকা, স্বাস্থ্য আৰু নৈতিকতা বিষয়ক কাহিনী আদি বিষয়ক লৈ লিখা ভালেমান কিতাপ আপলোড কৰিছিল

কমলেশৰ টিমটোত কেইগৰাকীমান খেতিয়ক আছিল যিয়ে দিনটো ফিল্ডত কাম কৰিছিল। দিনটো কাম কৰি আহি তেওঁলোকে খায় আৰু সোনকালে শোৱে। কিন্তু এটা সময়ৰ পাছত তেওঁলোকেও এইবোৰ কামত লাগিবলৈ এৰিলে।

“মই অকলে কামটো আগবঢ়াই নিব নোৱাৰিলো,” কমলেশে কয়। “এয়া এজন মানুহৰ কাম নহয়।”

*****

গাওঁখনৰ মাজেৰে খোজকাঢ়ি গৈ থাকোতে কমলেশে এটা ঘৰৰ বাহিৰত ৰৈ গ’ল। “আমি বন্ধুবৰ্গ লগ লাগিলে দিবলু ভাইয়াৰ কথা প্ৰায়ে পাতো।”

দিবলু বাগদৰিয়া এগৰাকী ৪৮ বৰ্ষীয় লোকনৃত্য শিল্পী আৰু গায়ক। তেওঁ মধ্য প্ৰদেশ চৰকাৰৰ সাংস্কৃতিক অনুষ্ঠানবোৰত ভাৰিয়া জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি আহিছে। “তেঁৱেই একমাত্ৰ ব্যক্তি যিয়ে আমাৰ সংস্কৃতিৰ সৈতে ভাষাটোৰ তাত্পৰ্য্য সঁচাকৈয়ে ভালদৰে বুজি পায়।”

পাৰিয়ে দিবলুক লগ পাইছিল ৰাথেড়ত, তেওঁৰ ঘৰৰ বাহিৰত। তেওঁ নিজৰ নাতি-নাতিনীহঁতৰ আগত ভাৰিয়াতি ভাষাৰ গীত এটা গাই আছিল। সিহঁতে খৰি সংগ্ৰহ কৰিবলৈ হাবিলৈ যোৱা মাক ঘূৰি অহাৰ অপেক্ষা কৰি আছিল।

“লিখা আৰু কোৱা দুয়োটাই গুৰুত্বপূৰ্ণ,” কমলেশৰ ফালে সামান্য হাউলি দিবলুয়ে কয়। “বিষয় হিচাপে হিন্দী আৰু ইংৰাজী যেনেকৈ পঢ়ুওৱা হয়, ভাৰিয়াতি আৰু আন আদিবাসী ভাষাও তেনেদৰে বিকল্প বিষয় হিচাপে পঢ়াবপৰা নাযায়নে?” তেওঁ কমলেশৰ বৰ্ণমালাৰ চাৰ্টখন সৰুটো চাৱা (নাতি)ক দেখুৱাবলৈ লয়।

তেওঁৰ নাতিল’ৰাই চাৰ্টখনত থকা ধদুচ (বান্দৰ)টোলৈ আঙুলিয়াই দি হাঁহে। “সি সোনকালেই ভাৰিয়া ভাষা শিকিব,” দিবলুয়ে কয়।

PHOTO • Ritu Sharma
PHOTO • Ritu Sharma

বাওঁফালে: কমলেশৰ টিমটোৰ সদস্য দিবলু বাগদৰিয়া (বাওঁফালে) এগৰাকী ৪৮ বৰ্ষীয় লোকনৃত্য শিল্পী আৰু গায়ক; তেওঁ মধ্য প্ৰদেশ চৰকাৰে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত ভাৰিয়া জনগোষ্ঠীক প্ৰায়ে প্ৰতিনিধিত্ব কৰে। সোঁফালে: নাতিল’ৰা অমৃতৰ সৈতে দিবলুৱে ভাৰিয়াতি বৰ্ণমালাখন চাইছে

কমলেশ ইমান সহজে পতিয়ন নাযায়। সম্প্ৰদায়টোৰ সৈতে কাম কৰোঁতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ অভিজ্ঞতাৰে ভাষা সংৰক্ষকজনে কয়, “সি যদি আৱাসিক স্কুললৈ যাবলৈ লয়, কেতিয়াও ভাৰিয়াতি ভাষা শিকিব নোৱাৰিব। সি ইয়াত আমাৰ লগত থাকিলেহে শিকিব পাৰিব।”

“ৱেইচে তৌহ ১০০ ম্যে চে ৭৫ প্ৰতিশত তৌহ বিলুপ্থ হি হৌ চুকি মেৰি ভাষা (এনেয়েতো আমাৰ ভাষাটোৰ প্ৰায় ৭৫ শতাংশ বিলুপ্তই হৈছে),” কমলেশে কয়। “আমি ভাৰিয়াতি ভাষাত বস্তুবোৰৰ নাম পাহৰিছো। আটাইবোৰ এতিয়া ধীৰে ধীৰে হিন্দীৰ সৈতে মিহলি হৈ গৈছে।”

মানুহে বেছিকৈ বাহিৰলৈ ওলাই যোৱাৰ বাবে আৰু শিশুবোৰে স্কুললৈ যাবলৈ ধৰাত নতুন নতুন হিন্দী শব্দ আৰু প্ৰকাশভংগীৰ আমদানি ঘটিছে, মাক-দেউতাকবোৰেও শিকিছে। আনকি পুৰণি প্ৰজন্মৰ লোকসকলেও নতুন ল’ৰা-ছোৱালীহঁতৰ দৰে কথা ক’বলৈ ধৰিছে আৰু ভাৰিয়াতি ভাষাৰ ব্যৱহাৰ হ্ৰাস পাব ধৰিছে।

“স্কুললৈ যোৱাৰ পিছৰেপৰা মইয়ো ভাৰিয়াতি ভাষা কমকৈ ক’বলৈ ধৰিছিলো। হিন্দী ভাষা কোৱা বন্ধুবৰ্গৰ লগত বেছিভাগ সময় কটাইছিলো। সেয়া মোৰ ক্ষেত্রতো অভ্যাসত পৰিণত হ’ল,” কমলেশে কয়। তেওঁ হিন্দী আৰু ভাৰিয়াতি ভাষা দুয়োটাই কয়, কিন্তু মন কৰিবলগীয়া যে তেওঁ দুয়োটা ভাষা একেলগে ব্যৱহাৰ নকৰে। “মই আনসকলৰ দৰে দুয়োটা ভাষা সহজে মিহলি কৰি কথা ক’ব নোৱাৰো, কিয়নো মই ভাৰিয়াতি ভাষা কোৱা আইতাৰ লগত ডাঙৰ হৈছো।”

কমলেশৰ আইতাক সুক্তিবাইৰ বয়স প্ৰায় ৮০ বছৰ, তেওঁ তথাপি হিন্দী ভাষা নকয়। কমলেশে ভালদৰে বুজি পায় যদিও মাতৃভাষাত ভালকৈ উত্তৰ দিব নোৱাৰে। তেওঁৰ সম্পৰ্কীয় ভায়েককেইটাই বেছি কথা নকয়, “তেওঁলোকে ক’বলৈ সংকোচবোধ কৰে। হিন্দীতে কথা পতাটো বিচাৰে।” তেওঁৰ পত্নী অনীতাই নিজে মাতৃভাষাত কথা নাপাতে যদিও তেওঁ অনীতাক নিজৰ ভাষাত কথা ক’বলৈ উত্সাহ যোগায়।

PHOTO • Ritu Sharma

কমলেশে কয় যে মানুহে বাহিৰলৈ গৈ আন ভাষা শিকিছে, আন ভাষাত কথা পাতিছে, ভাৰিয়াতি ভাষাত বস্তুবোৰৰ কি নাম, সেয়া বিস্মৃতিৰ গৰাহলৈ যাবলৈ ধৰিছে

“ভাৰিয়াতি ভাষাৰ কি কাম আছে? এই ভাষাই আমাক ‘ৰোজগাৰ’ দিব জানো? চিৰ্ফ অপনি ভাষা বৌলনে চে ঘৰ চলতা হ্যে? (মাতৃভাষা ক’লে ঘৰখন চলে নেকি বাৰু?),” ভাষাটোক লৈ উদ্যমী ব্যক্তি দুয়োগৰাকীৰ বাবে এয়া এক চিন্তাৰ বিষয়।

“আমি হিন্দী ভাষা এৰাই চলিব নোৱাৰো,” বাস্তৱিক দৃষ্টিভংগীৰে দিবলুয়ে কয়। “কিন্তু আমি আমাৰ ভাষাটো জীয়াই ৰাখিব লাগিব।”

কমলেশে কয়, “আপুনি আজিকালি আধাৰ কাৰ্ড বা চালকৰ অনুজ্ঞাপত্ৰৰে নিজৰ পৰিচয় দিব পাৰে।”

দিবলুয়ে কমলেশৰ কথাত মাত দিয়ে, “কিন্তু এইবোৰ অবিহনে যদি তুমি নিজৰ পৰিচয় দাঙি ধৰিবলগীয়া হয়, তেতিয়া কেনেকৈ দিবা?”

কমলেশে হাঁহি মাৰি কয়, “মই ভাৰিয়াতি ভাষা ক’ম।”

“এৰা। তাকেই। ভাষাটোও তোমাৰ পৰিচয়,” দিবলুৱে হয়ভৰ দি কয়।

ভাৰিয়াতি ভাষাৰ ভাষিক বৰ্গীকৰণ ভাষাটোৰ জটিল ইতিহাসৰ ফলত অনিশ্চিত হৈ ৰৈছে। এটা সময়ত দ্ৰাৱিড়মূলৰ ভাষা হয় বুলি অনুমান কৰা ভাষাটোত এতিয়া ইণ্ডো-আৰ্য্য বৈশিষ্ট ফুটি উঠে, বিশেষকৈ শব্দসম্ভাৰ আৰু ধ্বনিগত দিশৰ পৰা। ই মধ্য ভাৰতৰ সৈতে সম্পৰ্ক বুজায় আৰু ভাষাটোক দুয়োটা ভাষা পৰিয়ালৰ সৈতে সংযোজিত কৰে। ভাষাটোৰ বৰ্গীকৰণৰ ক্ষেত্রত থকা দ্ব্যৰ্থবোধে সময়ৰ সোঁতত পৰি ভাৰতীয় ভাষা আৰু দ্ৰাৱিড়মূলৰ ভাষাৰ প্ৰভাৱান্বিত হোৱাৰ স্পষ্ট ইংগিত দিয়ে। ইয়ে ভাষাটোক স্পষ্ট ৰূপত কোনো এটা শ্ৰেণীত সন্নিবিষ্ট কৰাত বিমোৰত পেলায়।

প্ৰতিবেদকে পৰাৰ্থ সমিতিৰ মঞ্জিৰি চান্দে আৰু ৰামদাস নাগৰেক আৰু পল্লৱী চতুৰ্বেদীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে। খালচা কলেজৰ গৱেষক আৰু প্ৰবক্তা অনাঘা মেনন আৰু আইআইটি কানপুৰৰ মানৱিক বিদ্যা আৰু সমাজবিজ্ঞান বিভাগৰ ভাষাবিদ আৰু সহকাৰী অধ্যাপক ড. চিন্ময় ধাৰুৰ্কৰ ডাঙৰীয়াই বৰ উদাৰতাৰে তেওঁলোকৰ জ্ঞান-অভিজ্ঞতা এই প্ৰতিবেদকৰ সৈতে ভাগ-বতৰা কৰিছে।

পাৰিৰ বিপন্ন ভাষাৰ প্ৰকল্প চমুকৈ ই.এল.পি. আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ দ্বাৰা সমৰ্থিত এক পদক্ষেপ। ভাৰতৰ বিপন্ন ভাষাসমূহ সেই ভাষা কোৱা লোকৰ মাত-কথা আৰু দৈনন্দিন অভিজ্ঞতাৰ যোগেদি নথিবদ্ধ কৰাৰ লক্ষ্য হাতত লোৱা হৈছে।

অনুবাদ: পংকজ দাস

Ritu Sharma

Ritu Sharma is Content Editor, Endangered Languages at PARI. She holds an MA in Linguistics and wants to work towards preserving and revitalising the spoken languages of India.

Other stories by Ritu Sharma
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das