“কেৱল মোৰ পৰিয়ালে মোক আদৰি নল’লে। মাছমৰীয়াই অৱশ্যে আদৰিলে। নাৱৰ মালিকে মোক শুভংকৰ বুলিয়ে কয়,” মণীষাই কয়। ৰূপান্তৰিত মহিলা মাছ ব্যৱসায়ীগৰাকীয়ে হাঁহিমুখে আমাক কয়, “তেওঁলোকে মোক প্ৰত্যাখান নকৰিলে। মই কোন, সেয়া তেওঁলোকৰ বিচাৰ্য্য বিষয় নাছিল। মই মাছ বিক্ৰী কৰি যাওঁ, সেয়াই তেওঁলোকে বিচাৰিছিল।”

কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত কাম কৰি থকা ৩০ গৰাকী মহিলা নিলামদাৰৰ মাজৰ ৩৭ বৰ্ষীয় মণীষাও এগৰাকী। “মোৰ মাত ডাঙৰ, সেয়ে মই ভাল দাম পাওঁ। বহুতেই মোৰ পৰা মাছ কিনি নিয়ে,” মাত ডাঙৰ কাৰণে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে বুলি তেওঁ কয়।

লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰৰ আগৰেপৰাই তেওঁ মাছৰ নিলামদাৰ আছিল আৰু আৰু শুকান মাছৰো ব্যৱসায় কৰি আহিছিল। এই জীৱিকাত তেওঁ নিতৌ মাছমৰীয়া আৰু নাৱৰ মালিকৰ সৈতে যোগাযোগ কৰি থাকিবলগীয়া হয়। “তেওঁলোকৰ মোক লৈ কোনো দ্বিধাবোধ নাই। আনতকৈ মই ভাল দামত মাছ বিক্ৰী কৰিব পাৰো।” নাৱৰ মালিকৰ নৈতিক সমৰ্থন অবিহনে তেওঁ ২০১২ত সেই অস্ত্ৰোপচাৰ কৰাব নোৱাৰিলেহেঁতেন। অস্ত্ৰোপচাৰত সমৰ্থন আগবঢ়োৱা আন এজন আছিল তেওঁৰ ঘনিষ্ঠ আৰু বিশ্বাসী বন্ধু। সেই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে তেওঁ স্থানীয় মন্দিৰত তেওঁৰ সৈতে বিয়াত বহে।

Maneesha (right) is a fish auctioneer and dry fish trader. Seen here close to Cuddalore Old Town harbour (left) where she is one among 30 women doing this job
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

সোঁফালে : মাছৰ নিলামদাৰ আৰু শুকান মাছৰ ব্যৱসায়ী মণীষা। তেওঁ কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰৰ (বাওঁফালে) ৩০ গৰাকী মাছ ব্যৱসায়ীৰ মাজৰ এগৰাকী

No one discriminates against her, says Maneesha, a trans woman who interacts every day with boat owners and fishermen: 'They don’t have a problem '
PHOTO • M. Palani Kumar
No one discriminates against her, says Maneesha, a trans woman who interacts every day with boat owners and fishermen: 'They don’t have a problem '
PHOTO • M. Palani Kumar

কোনেও তেওঁৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ নেদেখুৱায়, নাৱৰ মালিক আৰু মাছমৰীয়াৰ সৈতে নিতৌ মিলা-মিচা কৰিবলগীয়া ৰূপান্তৰিত মহিলা মণীষাই কয় – ‘তেওঁলোকৰ মোক লৈ কোনো সমস্যা নাই’

১৭ বছৰ বয়সত মণীষাই শুকান মাছৰ ব্যৱসায়ৰ ভাল দিনত বেপাৰী এজনৰ হৈ কাম কৰিছিল। ভালদৰে ব্যৱসায়টো আয়ত্ব কৰাৰ পিছত তেওঁ পিছৰটো দশকত নিজাকৈ ব্যৱসায় আৰম্ভ কৰিলে। “এই ব্যৱসায়ত মই বহুত মানুহৰ সৈতে জড়িত হৈছো। কিছুমানে মোক এই তপত ৰ’দত মাছ শুকুৱাই থকাতকৈ নিলামত মন দিবলৈ কয়। লাহে লাহে সেই কামো কৰিম।”

মাছ নিলাম কৰাৰ অধিকাৰ পাবলৈ নিলামদাৰসকলে, তাৰে এশগৰাকীৰ নব্বৈগৰাকীয়েই মহিলা, নাৱৰ মালিকক আগধন দিয়াৰ নিয়ম। “ৰিং-চেইন নেট ব্যৱহাৰ কৰা চাৰিখন নাৱৰ মাছৰ নিলাম মই কৰি আহিছো। প্ৰতিখন নাৱৰ বাবদ মই ৩-৪ লাখ টকা দি এই নিলামত নামিছিলো। হাতত অলপ সাঁচতীয়া ধন আছিল আৰু অলপমান বন্ধুবৰ্গৰ পৰা ধাৰ কৰিছিলো,” মণীষাই কয়। “মই শুকান মাছ আৰু নিলামৰ মুনাফাৰে ধাৰ শুজিছিলো,” তেওঁ কয়।

মাছবোৰ বন্দৰলৈ অহাৰ পিছত নিলামদাৰ মণীষাহঁতৰ কাম আৰম্ভ হয়। এই মাছবোৰ ডাঙৰ জাহাজে ৰিং-চেইন নেট (সুৰুকুৱালাই)ৰ সহায়ত ধৰে। কেতিয়াবা মাছমৰীয়া পৰিয়ালে সৰু ফাইবাৰ-ৰিইনফ’ৰ্চড নাও ব্যাৱহাৰ কৰিও মাছ ধৰি আনে।

“মাছবোৰ গেলি গ’লে মই সেয়া পশুখাদ্য হিচাপে ব্যৱহাৰৰ বাবে শুকুৱাও। নহ’লে খাব পৰা শুকান মাছ কৰোঁ,” তেওঁ বুজাই কয়। লাভৰ ধনখিনি পুনৰ ব্যৱসায়ত খটুৱাই তেওঁ নিজৰ ব্যৱসায় বহলাব পাৰিছে।

Auctioneers like Maneesha get to work once the fish comes into the harbour. Some fish need to be kept in a ice box to prevent them from getting spoilt while some are kept in the open (left)
PHOTO • M. Palani Kumar
Auctioneers like Maneesha get to work once the fish comes into the harbour. Some fish need to be kept in a ice box to prevent them from getting spoilt while some are kept in the open (left)
PHOTO • M. Palani Kumar

মাছবোৰ বন্দৰলৈ অহাৰ পিছত নিলামদাৰ মণীষাহঁতৰ কাম আৰম্ভ হয়। কিছুমান মাছ গেলি নাযাবলৈ বৰফৰ বাকচত ৰাখিবলগীয়া হয়, কিছুমান মুকলিকৈ ৰখা হয় (বাওঁফালে)

Left: Maneesha waits with other women for the fish auction to begin. Right: All sellers leave the bridge around 5 p.m.
PHOTO • M. Palani Kumar
Left: Maneesha waits with other women for the fish auction to begin. Right: All sellers leave the bridge around 5 p.m.
PHOTO • M. Palani Kumar

বাওঁফালে: মণীষাই আন মহিলাৰ সৈতে মাছৰ নিলাম আৰম্ভ হোৱালৈ অপেক্ষা কৰিছে। সোঁফালে: আটাইবোৰ বিক্ৰেতাই সন্ধিয়া পাঁচ বজাতে ব্ৰীজ এৰে

বন্দৰ উন্নয়নৰ পৰিকল্পনাৰ অধীনত বোটহাউছ এটাৰ নিৰ্মাণৰ বাবে বাবে পাঁচবছৰ আগতে মণীষাই যিঠাইত মাছ শুকুৱাইছিল, সেই ঠাইখিনি অধিগ্ৰহণ কৰি লোৱাৰ পিছত মণীষাৰ জীৱনটো সলনি হৈ গৈছিল। আগতেও তেওঁ ব্যৱসায়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, দাঁতিকাষৰীয়া কিছুমান মানুহে অভিযোগ দাখিল কৰিছিল যে তেওঁৰ মাছ শুকুওৱা ঠাইৰ পৰা দুৰ্গন্ধ বিয়পে, আশে-পাশে থকা ঠাইবোৰ লেতেৰা হয়। অধিগ্ৰহণৰ বাবে মাছ শুকুৱাবলৈ আৰু ব্যৱসায় চলাবলৈ ঠাই নাইকিয়া হোৱাত তেওঁ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলগীয়া হৈছিল।

*****

২০২০ত ক’ভিডৰ কাৰণে পৰিবহন আৰু যোগাযোগৰ শৃংখল ব্যাহত হৈ পৰে আৰু কম সংখ্যক নাৱকহে বন্দৰত ৰখাবলৈ আৰু ওলাই যাবলৈ দিয়া হয়। তাৰ পিছে পিছে তামিলনাডু সামূদ্ৰিক মীনপালন নিয়ন্ত্ৰণ বিধিৰ সংশোধন যোগে ২০২১ত পাৰ্ছ-চেইন নেটৰ ওপৰত লগোৱা নিষেধাজ্ঞাই তেওঁলোকক জুৰুলা কৰি পেলায়। পঢ়ক: শুকান মাছ, জুৰুলা জীৱন

এইবোৰ ঘটনাৰ আগেয়ে মণীষাই ২০১৯ত গিৰীয়েকৰ ষ্টীলৰ নাও বনোৱা কামত ভালেখিনি ধন খটুৱাইছিল। “এই নাওবোৰত বিনিয়োগ কৰিবলৈ বহুতৰ পৰা আমি ঋণ লৈছিলো,” তেওঁ কয়। “আমাৰ হাতত নাও আছিল। চাৰিখন নাৱত মোৰ ২০ লাখ টকা খৰছ হৈছিল। কিন্তু চৰকাৰে নিষেধাজ্ঞা লগাই থোৱাৰ ফলত কোনেও আমাৰ পৰা নাও কিনা নাছিল। আকৌ জাহাজবোৰে মাছ মাৰিবলৈ যাব নোৱাৰা হ’লত, আমি একো এটা উপাৰ্জন কৰিব নোৱাৰা হৈ পৰিলো। ঋণবোৰ কেনেকৈ শুজিম?”

২০২৩ৰ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে পাৰ্ছ-চেইন নেটেৰে তামিলনাডুৰ জলক্ষেত্ৰৰ বাহিৰত মাছ ধৰাৰ অনুমতি দিলে, কিন্তু সুকীয়া অৰ্থনৈতিক মণ্ডলৰ ভিতৰত, তাতেও আকৌ কিছুমান চৰ্ত বান্ধি দিয়া হ’ল। কড়ালুৰত ৰিং-চেইন পদ্ধতিৰে মাছ ধৰাৰ ক্ষেত্ৰত বাধা-নিষেধ আহি পৰাৰ ফলত যিবোৰ নাও মণীষাই নিলামত লৈছিল, সেয়া পুডুচেৰীৰ জলক্ষেত্ৰত নামিবলগীয়া হ’ল। নিজৰ সোণখিনি (১০৫ টা স্বৰ্ণমূদ্ৰা) বিক্ৰী কৰাৰ লগতে তিনিটা কোঠাৰ ঘৰটোও বেংকত বন্ধকত ৰখা স্বত্বেও এতিয়াও তেওঁৰ ২৫ লাখ টকা ঋণ পৰিশোধ কৰিবলগীয়া আছে।

Maneesha in front of the house (left) she built with her earnings. She also keeps cows (right), goats and chickens to supplement her income from selling fish
PHOTO • M. Palani Kumar
Maneesha in front of the house (left) she built with her earnings. She also keeps cows (right), goats and chickens to supplement her income from selling fish
PHOTO • M. Palani Kumar

নিজৰ উপাৰ্জনেৰে নিৰ্মাণ কৰা মণীষাৰ ঘৰটো (বাওঁফালে)। উপাৰ্জন বঢ়াবলৈ মাছ বিক্ৰী কৰাৰ উপৰিও ঘৰত তেওঁ গৰু-ছাগলী আৰু কুকুৰাও পোহে

যদিওবা কড়ালুৰত ২০ টা আত্মসহায়ক গোট আছে আৰু তেওঁলোকক প্ৰয়োজনীয় নথিপত্ৰ তেওঁ দিবলৈ ইচ্ছুক, তথাপি ব্যৱসায়ত খটুৱাবলৈ তেওঁ ব্যক্তিগত ঋণদাতাৰ পৰা ঋণ লৈছে। “তেওঁলোকে মোক গ্ৰহণ নকৰে,” তেওঁ কয়। “ৰূপান্তৰিত মহিলা হোৱা হেতুকে মোক কোনো বেংকে ঋণ নিদিয়ে, তেওঁলোকে মোক বিশ্বাস নকৰে।”

তেওঁ ভাবে যে বেংকৰ ঋণ আৰু চৰকাৰী সাহায্যও তেওঁক কিছু সকাহ দিলেহেঁতেন। “চৰকাৰে প্ৰায় ৭০ গৰাকী ৰূপান্তৰিত ব্যক্তিক তিৰুমণিকুড়িত এটা কোঠালীৰ ঘৰ দিছে, কিন্তু সেয়া হাবিৰ মাজত। পানীৰ ব্যৱস্থা নাই, যাতায়তৰ সুবিধা নাই। কোন যাব তালৈ? ঘৰবোৰ সৰু আৰু দূৰে-দূৰে, কোনোবাই আমাক তাত মাৰি থৈ গ’লেও কোনোৱে গম নাপাব। আমি চৰকাৰক পট্টাবোৰ ঘূৰাই দিছো।”

*****

জন্মৰ সময়ত পুৰুষ হিচাপে চিনাক্ত মণীষাৰ পাঁচটা ভাই-ভনী। মণীষাই ১৫ বছৰ বয়সৰ পৰাই উপাৰ্জনৰ বাবে কাম কৰিবলৈ লৈছিল। তেওঁৰ দেউতাক এগৰাকী পিল্লইচাৱৰি গাঁৱৰ কাষত ঘৰ, কিন্তু তেওঁক কাষ্টমচ্ বিষয়া হিচাপে কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত মোতায়েন কৰা হৈছিল। তেওঁৰ মাক আছিল দেউতাকৰ দ্বিতীয় পত্নী। অনূসূচিত জাতিৰ মাকে ওচৰতে এখন চাহৰ দোকান চলাইছিল।

মণীষাৰ দেউতাকৰ প্ৰথমগৰাকী পত্নী সন্তানসহ তেওঁৰ গাঁৱত থাকিছিল। মদ্যাসক্ত দেউতাকে কড়ালুৰত থকা তেওঁৰ দ্বিতীয় পত্নীলৈ কেতিয়াও পইচা নপঠিয়াইছিল, কোনোধৰণৰ যত্ন নলৈছিল। মণীষাৰ ডাঙৰজন দদায়েক সৌন্দৰৰাজন (৫০)য়ে ১৫ বছৰ বয়সৰ পৰাই মাছ মাৰি মাক আৰু ভনীয়েককেইজনীৰ পোহপালৰ দায়িত্ব মূৰপাতি লৈছিল। তেওঁৰ তিনিগৰাকী ভনী আছে – শকুন্তলা (৪৫), শ্বকিলা (৪৩) আৰু আনন্ধী (৪০)। শ্বকিলা এগৰাকী মাছ বিক্ৰেতা, আন দুগৰাকীৰ বিয়া হৈছে আৰু নিজ নিজ ঘৰ চম্ভালে।

Besides fish, Maneesha also sells milk (right)
PHOTO • M. Palani Kumar
Besides fish, Maneesha also sells milk (right)
PHOTO • M. Palani Kumar

মাছ বেপাৰৰ উপৰি মণীষাই গাখীৰো বিক্ৰী কৰে (সোঁফালে)

আটাইকেইগৰাকী ভাই-ভনীয়ে ১৫ বছৰ বয়সতে কাম কৰিবলৈ লৈছিল। মণীষাৰ মাক আৰু ভনীয়েকে বন্দৰত চাহ-বিস্কুট বিক্ৰী কৰিছিল। ঘৰখনৰ আটাইতকৈ সৰু হোৱাৰ বাবে মণীষাই মাকে যি কাম যাঁচিছিল, সেয়াই কৰিছিল। ২০০২ত ১৬ বছৰ বয়সত তেওঁ কড়ালুৰস্থিত ভাৰতীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আই.টি.আই.ত যোগদান কৰি ৱেল্ডিঙৰ এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তাৰপিছত তেওঁ ৱেল্ডিঙৰ স্থানীয় দোকান এখনত এমাহ কাম কৰে যদিও সেই কামত তেওঁৰ মন নবহিল।

শুকান মাছৰ কামত সোমাওতে তেওঁ দিনে ৭৫ টকা পাইছিল – তেওঁৰ কাম আছিল মূৰত মাছ বোজাই কৰি নিয়া, চাফা কৰা, নিমখ সনা আৰু শুকুওৱা।

শুকান মাছৰ ব্যৱসায়ৰ বিষয়ে ভালদৰে জনা হোৱাৰ পিছত তেওঁ ২০০৬ত, ২০ বছৰ বয়সত গছ-গছনিৰে ভৰা ঠাই এখন চাফা কৰি লৈ তাত নিজাকৈ মাছ শুকুৱাবলৈ লয়। দুয়োজনী ভনীয়েকৰ বিয়াৰ পিছত ঘৰখনত ধাৰৰ বোজা বাঢ়ে। সেইখিনি সময়তে মণীষাই দুটা গাইগৰু আনি মাছৰ ব্যৱসায়ৰ লগতে গাখীৰ বিক্ৰী কৰিবলৈ লয়। এতিয়া তেওঁৰ পাঁচটা গৰু, সাতটা ছাগলী আৰু ৩০ টা কুকুৰা আছে, লগত মাছৰ নিলাম আৰু শুকান মাছৰ বিক্ৰীৰ ব্যৱসায়।

*****

১০ বছৰ বয়সৰ পৰাই নিজৰ লিংগ পৰিচয়ক লৈ সমস্যাৰ সন্মুখীন হোৱা মণীষাই কিশোৰী অৱস্থাত উপাৰ্জন কৰিবপৰা হোৱাৰ পিছতেই নিজৰ বিষয়ে স্পষ্টকৈ ক’বলৈ লয়। তেওঁ মাক আৰু ভনীয়েকহঁতৰ বাবে গহণা আৰু শাড়ী কিনে আৰু নিজলৈও ৰাখে। প্ৰায় ২০ বছৰ বয়সত তেওঁ লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়।

Maneesha with a friend (left) after work and outside her home (right)
PHOTO • M. Palani Kumar
Maneesha with a friend (left) after work and outside her home (right)
PHOTO • M. Palani Kumar

বাওঁফালে : বন্ধু এজনৰ সৈতে মণীষা। সোঁফালে : নিজৰ ঘৰৰ বাহিৰত

তেওঁ আন ৰূপান্তৰিত ব্যক্তিৰ সৈতে সংস্পৰ্শত আহিবলৈ ধৰে। তেওঁৰ এগৰাকী বন্ধু অস্ত্ৰপচাৰৰ বাবে মুম্বাইলৈ গৈছিল। তাত তেওঁ ১৫ বছৰ থকাৰ পিছত কড়ালুৰলৈ ঘূৰি আহে। তেওঁ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত সহায় কৰিম বুলি কৈছিল যদিও মণীষাই নিজৰ পৰিয়ালটোক এৰি মুম্বাইলৈ যাব বিচৰা নাছিল।

তাৰ পৰিৱৰ্তে তেওঁ কড়ালুৰৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতাললৈ গ’ল। তাত তেওঁ এগৰাকী মনস্তত্ত্ববিদ, এগৰাকী অধিবক্তাৰ পৰা প্ৰমাণপত্ৰ দিবলগীয়া হৈছিল। তাৰোপৰি তেওঁ কিয় লিংগ স্বীকৃতিৰ অস্ত্ৰোপচাৰ কৰাব বিচাৰিছে, সেয়া লৈ কৰ্তৃপক্ষক সৈমান নিয়াবলগীয়া হৈছিল। তেওঁ ব্যৱসায়ৰ পৰা পোৱা টকাৰে অস্ত্ৰোপচাৰৰ খৰছ উলিয়াইছিল আৰু গোটেই প্ৰক্ৰিয়াটোত নিজেই নিজৰ সাৰথি হৈছিল।

নিজৰ ৰূপান্তৰৰ কালচোৱাত মণীষাৰ নিজৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল নাছিল। তেওঁৰ মাক আৰু ভনীয়েকহঁতে অস্ত্ৰোপচাৰৰ পিছত কেবাবছৰলৈ তেওঁৰ সৈতে কথা পতা নাছিল। তেওঁ আছিল নিজৰ ঘৰৰ পৰা কেইঘৰমান দূৰৈত, নিজাকৈ ঘৰ বান্ধি তাত থাকিছিল। তেওঁৰ মাক তেওঁক লৈ বৰ অসুখী আছিল, খোৱা-বোৱা ভালকৈ নকৰিছিল। তেওঁ মণীষাক এই কথা লৈ নিশ্চিত হ’বলৈ ইংগিত দিছিল যাতে তেওঁ আন ৰূপান্তৰিত নাৰীৰ দৰে ৰাস্তাত ভিক্ষা মাগিবলগীয়া নহয়।

কেইবছৰমান আগতে মণীষাৰ মাকৰ অন্ত্ৰৰ কৰ্কট ৰোগ ধৰা পৰে। তেওঁৰ অস্ত্ৰোপচাৰৰ বাবে মণীষাই ৩ লাখ টকা দিয়ে, তেনেকৈ তেওঁলোকৰ মাজত পুনৰ মাত-বোল হয়। এটা বছৰ পিছত মাক ঢুকায়, কিন্তু মণীষাই লোৱা যত্নই তেওঁক মাকৰ ওচৰ চপায় আৰু ভনীয়েকহঁতৰ সৈতেও সম্পৰ্ক স্বাভাৱিক কৰি তোলে।

মণীষাই কয় যে প্ৰায়ভাগ ৰূপান্তৰিত ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমৰ বাবে সাজু, কিন্তু তেওঁলোকক চৰকাৰী সাহায্যৰ প্ৰয়োজন, নহ’লে সামাজিকভাৱে লাঞ্চনা-গঞ্জনা তেওঁলোকৰ ক্ষেত্ৰত তেনেই স্বাভাৱিক আচৰণ হৈ পৰে, আতিশয্যৰ প্ৰতি তেওঁলোক উন্মুক্ত হৈ পৰে। “এই ঘৰটোত অকলে থাকিবলৈ ভয় লাগে, দুৱাৰখন খুলিবলৈকো কেতিয়াবা সংকোচবোধ হয়,” তেওঁ কয়। “মোৰ ভনীদুজনী পৃথকে থাকে, অৱশ্যে বেছিদূৰত নাথাকে। মাতিলে ততালিকে আহে।”

অনুবাদ: পংকজ দাস

Nitya Rao

Nitya Rao is Professor, Gender and Development, University of East Anglia, Norwich, UK. She has worked extensively as a researcher, teacher and advocate in the field of women’s rights, employment and education for over three decades.

Other stories by Nitya Rao
Photographs : M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Editor : Shaoni Sarkar

Shaoni Sarkar is a freelance journalist based in Kolkata.

Other stories by Shaoni Sarkar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das