পান্না জিলাত গোটেই আগষ্ট মাহটো বৰষুণ দিয়ে আছে, কেইথাবাৰো বান্ধটো ভৰ্তি হৈ পৰিছে। সেয়া পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (পিটিআৰ)ৰ গাতে লাগি পাহাৰৰ দাঁতিত অৱস্থিত।

হাতত হাতুৰী এডাল লৈ সুৰেণ আদিবাসী বান্ধটোত উপস্থিত হৈছে। তেওঁ পানীৰ সোঁত ভালকৈ নিৰীক্ষণ কৰিছে, চাইছে যাতে কোনো শিল বা জাবৰে সোঁতত ব্যাঘাত জন্মোৱা নাই। তেওঁ হাতুৰীৰে কোবাই কেইটামান শিল আঁতৰাই দিছে।

“পানী বিনা বাধাই বৈ গৈছে নে নাই, মই সেয়া চাবলৈ আহো,” তেওঁ পাৰিক কয়। “হয়, ভালদৰেই বৈ আছে,” বিলপুৰা গাঁৱৰ ক্ষুদ্ৰ খেতিয়কগৰাকীয়ে মুৰ ডুপিয়াই কয়। তেওঁ এইবুলি সকাহ পাইছে যে কেইমিটাৰমান দূৰত থকা তেওঁৰ ধানখেতিখন এতিয়া পানীৰ অভাৱত শুকাই নাযায়।

সৰু বান্ধটোৰ চাৰিওফালে চকু ফুৰাই তেওঁ কয়, “এয়া আমাৰ বাবে বৰ ডাঙৰ এটা আশীৰ্বাদ। ধান খেতি কৰিব পাৰিছো, গমধানৰো খেতি কৰিব পাৰিছো। ইয়াৰ আগতে খেতিমাটিত জলসিঞ্চনৰ ব্যৱস্থা নাছিল আৰু মোৰ এই এক একৰ মাটিত খেতিও কৰিব পৰা নগৈছিল।”

বিলপুৰা গাঁৱৰ বাসিন্দাসকলে নিজেই নিজকে দিয়া এয়া আশীৰ্বাদ, তেওঁলোকেই লাগি-ভাগি বান্ধটো নিৰ্মাণ কৰিছিল।

প্ৰায় হাজাৰমান মানুহ থকা বিলপুৰা গাওঁখন ঘাইকৈ গোণ্ড আদিবাসী (অনুসূচিত জনজাতি) খেতিয়কৰ গাওঁ, ঘৰে ঘৰে কেইটামানকৈ গৰু-ম’হ আছে। ২০১১ৰ লোকপিয়ল অনুযায়ী গাওঁখনত এটামাত্ৰ হেণ্ডপাম্প আৰু কুঁৱা আছে। ৰাজ্য চৰকাৰে জিলাখনত আশে-পাশে আৰু ভিতৰত পুখুৰী খান্দিছে, কাষে কাষে শিল পাৰি দিছে যদিও স্থানীয় লোকে কয় যে সেই জলাশয়বোৰে পানী দৰি ৰাখিবপৰা নাই, “পানী ৰূকতা নহী হ্যে (পানী নৰয়ে)।”

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: বোৱতী পানীৰ সোঁত যাতে শিল-জাবৰ আদিৰ বাবে বন্ধ হৈ নাযায় তাৰবাবে হাতুৰী লৈ বান্ধটোত উপস্থিত হৈছে সুৰেণ আদিবাসী। সোঁফালে: মহাৰাজ সিং আদিবাসীয়ে কয়, ‘আগতে ইয়াত খেতি নহৈছিল। নিৰ্মাণ ছাইটত কাম বিচাৰি মই দিল্লী আৰু মুম্বাইলৈ গৈছিলোঁ’

বান্ধটো আৰু গাওঁখনৰ মানুহখিনিৰ মাজত গাওঁবাসীৰ প্ৰায় ৮০ একৰমান মাটি আছে। “আগতে এটা সৰু নালা (জুৰি) আছিল, কেই একৰমান মাটিত খেতি কৰিবপৰা গৈছিল,” মহাৰাজ সিঙে কয়। “বান্ধটো নিৰ্মাণ কৰাৰ পিছতহে আমি আমাৰ পথাৰত খেতি কৰিব পাৰিছো।”

মহাৰাজাও বান্ধটোত উপস্থিত হৈছে। তেওঁ নিজে ঘৰত খাবলৈ গমধান, বুটৰ দাইল, চাউল আৰু মাক্কা (মাকৈ)ৰ খেতি কৰে। সেইখিনি ঠিকে আছে নে নাই চাবলৈ তেওঁ ইয়ালৈ আহিছে। খেতি ভাল হ’লে কেতিয়াবা তেওঁ কিছু শস্য বিক্ৰীও কৰে।

“এই পানী মোৰ খেতিপথাৰলৈ যায়,” তেওঁ বোৱতী পানীলৈ আঙুলিয়াই দি কয়। “আগতে ইয়াত খেতি নহৈছিল। মই দিল্লী আৰু মুম্বাইৰ নিৰ্মাণ ছাইটত কাম কৰিবলৈ গৈছিলো।” তেওঁ এটা প্লাষ্টিক কোম্পানী আৰু তাৰপাছত সূতাৰ কোম্পানী এটাতো কাম কৰিছিল।

বান্ধটো ২০১৬ত পুনৰ নিৰ্মাণ কৰাৰ পিছত তেওঁ যাবলগীয়া হোৱা নাই। খেতিৰ পৰা হোৱা উপাৰ্জনেৰে তেওঁ ঘৰখন চলাব পাৰিছে। বান্ধটোৰ পানী এতিয়া গোটেই বছৰটো থাকে আৰু গৰু-ম’হৰ বাবেও ব্যৱহাৰ হয়।

বান্ধটো পুনৰাই বন্ধাৰ সিদ্ধান্ত লোৱা হৈছিল ৰাজহুৱা এখন সভাত, নেতৃত্ব দিছিল পিপলচ্ চাযেন্স ইনষ্টিটিউট (পিএছআই) নামে এটা বেচৰকাৰী সংস্থাই। “স্থানীয় লোকৰ সৈতে কথা পাতি গম পালো যে তেওঁলোকৰ সকলোৰে মাটি আছে, কিন্তু নিয়মীয়া জলসিঞ্চনৰ ব্যৱস্থা নাই, সেয়ে তেওঁলোকে সেই মাটি ব্যৱহাৰ কৰিবপৰা নাই,” পিএছআই-ৰ ক্লাষ্টাৰ ক’অৰ্ডিনেটৰ শৰদ যাদৱে কয়।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: মহাৰাজ সিং আদিবাসীয়ে কয়, ‘আগতে এয়া এটা সৰু নালা (জুৰি) আছিল আৰু কেই একৰমান মাটিলৈকেহে পানী গৈছিল। বান্ধটো নিৰ্মাণ কৰাৰ পিছতহে আমি আমাৰ পথাৰত খেতি কৰিব পাৰিছো।’ সোঁফালে: মহাৰাজে পানীৰ সোঁত কোনফালে গৈ খেতিপথাৰত মিলিছে, সেয়া আঙুলিয়াই দেখুৱাইছে

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: শৰদ যাদৱে কয় যে ৰাজ্য চৰকাৰে কাষতে এনেকুৱাই এটা বান্ধ নিৰ্মাণৰ চেষ্টা কৰিছিল, কিন্তু তাত পানী নৰৈছিল। সোঁফালে: স্থানীয় লোকে প্ৰায়ে বান্ধটো ঠিকে আছে নে নাই চাবলৈ আহে

ৰাজ্য চৰকাৰে কেইথা (বেলগছ)ৰ হাবি এখনৰ কাষতে এটা বান্ধ নিৰ্মাণৰ চেষ্টা কৰিছিল। এবাৰ নহয়, ১০ বছৰত তিনিবাৰ বান্ধটো নিৰ্মাণ কৰা হ’ল। বাৰিষাৰ দিনত বান্ধটো খহি যাব ধৰাত বিষযা-বৰ্গই আশা এৰি উপায় নাপাই বান্ধটো সৰু কৰি পেলালে।

সৰু বান্ধটো পৰ্যাপ্ত নাছিল: “পানী কোনোমতেহে আহি পথাৰ পাইছিল আৰু গ্ৰীষ্মকালৰ আগেয়ে শুকাই গৈছিল। আমাৰ একো লাভ হোৱা নাছিল,” মহাৰাজে কয়। “কেৱল ১৫ একৰ মাটিহে খেতি কৰিবপৰা গৈছিল আৰু তেনেকৈ এবিধ খেতিহে হৈছিল।”

২০১৬ত গাঁৱৰ মানুহে সিদ্ধান্ত ল’লে যে তেওঁলোকে নিজে হাতে-কামে লাগিব লাগিব আৰু শ্ৰমদান কৰি বান্ধটো পুনৰ নিৰ্মাণ কৰিব লাগিব। “আমি মাটি কঢ়িয়ালো, খান্দিলো, শিল ভাঙিলো আৰু সেইবোৰ বান্ধত দিলো। এনেকৈ এমাহত আমি বান্ধৰ কাম শেষ কৰিলোঁ। কামত লগা প্ৰায়খিনি মানুহ আমাৰ গাঁৱৰে আছিল, ঘাইকৈ আদিবাসী আৰু অনান্য পিছপৰা শ্ৰেণীৰ লোক,” সেই কামত ভাগ লোৱা মহাৰাজে কয়।

নতুন বান্ধটো আকাৰত ডাঙৰ আৰু দুটাকৈ বান্ধ দিয়া আছে যাতে পানী সমানকৈ ওলাই যায় আৰু কোনো এটা বান্ধো নাভাঙে। বান্ধটো ঠিকে থকা বুলি নিশ্চিত হোৱা মহাৰাজ আৰু সুৰেণে তেওঁলোকৰ নিজ নিজ ঘৰলৈ উভতিল।

অনুবাদ: পংকজ দাস

Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das