গোবৰ, বোকামাটি আৰু বাঁহ! মুখা শিল্পৰ বাবে প্ৰখ্যাত মাজুলীত নিপুণ হাতৰ পৰশ পাই এই তিনি উপাদান হৈ পৰে এক শিল্প। ব্ৰহ্মপুত্ৰৰ এই নদীদ্বীপটোত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শিল্পীসকলে এই শিল্পৰ অনুশীলন কৰি আহিছে। “মুখাশিল্প আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ, আৰু সম্ভৱতঃ এই শিল্প আজিকোপতি ধৰি ৰখা আমিয়েই অন্তিমটো পৰিয়াল,” এই মন্তব্য মুখাশিল্পী অনুপম গোস্বামীৰ। সৰল আৰু বিশেষ দুয়োধৰণৰ মুখাই ইয়াত বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত পিন্ধা হয়।

“আমাৰ পৰিয়ালৰ পৰম্পৰা জীয়াই ৰখাৰ দায়িত্ব এতিয়া ময়েই লৈছো,” এইদৰে কয় ২৫ বছৰীয়া অনুপমে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁৰ পৰিয়ালে মুখাশিল্পৰ সৈতে জড়িত হৈ আহিছে আৰু এতিয়া পৰিয়ালটোৰ ৯ গৰাকী সদস্যাৰ আটাইকেইগৰাকীয়েই সেয়া হাতে-কামে কৰি আহিছে।

“বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা মাজুলীলৈ পৰ্যটক আহে আৰু স্মৃতিৰ চিন হিচাপে মুখা কিনি লৈ যায়,” এই ভাষ্য ধীৰেন গোস্বামীৰ। অনুপমৰ ৪৪ বছৰীয়া খুৰাক ধীৰেনে তেওঁলোকৰ নিজা দোকানত বিভিন্ন ধৰণৰ মুখা বিক্ৰী কৰি আহিছে। সাধাৰণ এখন মুখা ৩০০ টকাত বিক্ৰী হয় যদিও আকাৰ আৰু বিশেষ ডিজাইনলৈ চাই কিছুমান মুখাৰ দাম ১০,০০০ টকা হয়গৈ।

২০১১ চনৰ পিয়ল অনুসৰি দেশৰ সৰ্ববৃহ নদীদ্বীপ মাজুলী ‘অসমীয়া বৈষ্ণৱ সংস্কৃতি বা একশৰণ নামধৰ্ম আৰু ৬২খন সত্ৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ’।

Anupam Goswami (left) and his uncle Dhiren at Sangeet Kala Kendra, their family-owned workshop
PHOTO • Riya Behl
Anupam Goswami (left) and his uncle Dhiren at Sangeet Kala Kendra, their family-owned workshop
PHOTO • Riya Behl

নিজা ৱৰ্কশ্বপ সংগীত কলা কেন্দ্ৰত অনুপম গোস্বামী (সোঁফালে) আৰু তেওঁৰ খুৰাক ধীৰেন

Sangeet Kala Kendra consists of two workshop rooms (left) and an exhibition hall (right). These rooms are less than 10 steps away from their home
PHOTO • Riya Behl
Sangeet Kala Kendra consists of two workshop rooms (left) and an exhibition hall (right). These rooms are less than 10 steps away from their home
PHOTO • Riya Behl

সংগীত কলা কেন্দ্ৰত দুটা ৱৰ্কশ্বপৰ কোঠা (বাওঁফালে) আৰু এটা প্ৰদৰ্শনী হল (সোঁফালে) আছে। ঘৰৰ পৰা ১০ খোজমান দূৰৈত আছে ৱৰ্কশ্বপটো

বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত উপলব্ধ বোকামাটি আৰু বাঁহৰ পৰাই মুখা তৈয়াৰ কৰা হয়। ভাৰতৰ ১৯৪,৪১৩ বৰ্গ কিলোমিটাৰ আঁৱৰি থকা নদী প্ৰণালীৰ অন্যতম প্ৰধান নদী প্ৰণালী ব্ৰহ্মপুত্ৰৰ বৃহৎ নদীদ্বীপটোৱেই হৈছে মাজুলী। হিমালয় পৰ্বতমালাৰ হিমবাহৰ লগতে মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰতিবছৰে অঞ্চলটো বানৰ কবলত পৰি অহাৰ লগতে প্ৰৱল খহনীয়ায়ো নদীদ্বীপটোলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে।

এই খহনীয়াৰ ফলত মুখাশিল্পৰ সৈতে জড়িতসকলো প্ৰভাৱান্বিত হৈছে। “খহনীয়াই মুখাশিল্পৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে, মুখা তৈয়াৰ কৰিবলৈ দৰকাৰ হোৱা বোকামাটি বিচাৰি শিল্পীসকলে হাবাথুৰি খাবলগীয়া হৈছে,” ইণ্ডিয়া ডেভলপমেণ্ট ৰিভিউত এইদৰে উল্লেখ কৰিছে দেৱেন্দ্ৰ গোস্বামীয়ে। এক কুইণ্টল কুমাৰৰ মাটি কিনিবলৈ মুখাশিল্পীসকলে খৰছ কৰিবলগীয়া হয় ১৫০০ টকা। অনুপনে এই সন্দৰ্ভত কয়, ”আমি আগতে মুখাবোৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিছিলো, কিন্তু এতিয়া সেইবোৰ পাবলৈ টান হৈ পৰিছে।”

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট বা ভাওনাত এই শিল্পবিধ কিমান অপৰিহাৰ্য সেই বিষয়ে জনাইছিল দেৱেন্দ্ৰই। “কেৱল মেক-আপৰ জৰিয়তে পৌৰাণিক আখ্যানৰ চৰিত্ৰসমূহ পৰিস্ফুট কৰি তোলাতো সম্ভৱ নহয়। সেয়ে গুৰুজনাই ভাওনাত পৰিধান কৰিবলৈ মুখাৰ সৃষ্টি কৰিছিল আৰু সেয়াই আছিল এই পৰম্পৰাৰ আৰম্ভণি।”

১৬৬৩ খ্ৰীষ্টাব্দতে স্থাপিত চামগুৰি সত্ৰত গোস্বামী পৰিয়ালে সংগীত কলা কেন্দ্ৰ চলাই আহিছে। সত্ৰ হৈছে সমাজ সংষ্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপনা কৰা পৰম্পৰাগত পৰিৱেশ্য কলাৰ কেন্দ্ৰস্বৰূপ।

অনুপম গোস্বামী: 'মুখাশিল্প আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ, আৰু সম্ভৱতঃ এই শিল্প আজিকোপতি ধৰি ৰখা আমিয়েই অন্তিমটো পৰিয়াল'

ভিডিঅ টো চাওক, মাজুলীৰ মুখাশিল্প

কেইখোজমান দিলেই পোৱা যায় তেওঁলোকৰ দুটা কোঠাৰ ৱৰ্কশ্বপটো। ৱৰ্কশ্বপটোৰ এটা কোণত এখন মেজত সম্পূৰ্ণকৈ তৈয়াৰ হ’বলৈ আৰু কিছু বাকী থকা অৱস্থাত আছে এটা প্ৰকাণ্ড বাঁহেৰে নিৰ্মিত হাতীৰ মুখা।২০০৩ চনত দেৱেন্দ্ৰ গোস্বামীৰ পিতৃ কোষকান্ত দেৱগোস্বামীয়ে মুখাশিল্পলৈ আগবঢ়োৱা অনবদ্য আৱদানৰ বাবেই লাভ কৰিছিল সংগীত নাটক অকাডেমী বঁটা।

ৱৰ্কশ্বপটোৰ প্ৰদৰ্শনী হলটোৰ দেৱালত বিভিন্ন ৰং, প্ৰকাৰ আৰু আকাৰৰ মুখা গ্লাছৰ কেবিনেটত সুন্দৰকৈ সজাই থোৱা আছে। আন কিছুমান আকাৰত ডাঙৰ তথা সম্পূৰ্ণ শৰীৰৰ আকৃতিৰ মুখাবোৰ বাহিৰত ৰখা হৈছে। ভাওনা আৰু ৰাস মহোৎসৱত ব্যৱহাৰ কৰা গৰুড় পখীৰ এটা পূ্ৰ্ণাৱয়ব মুখাও দেৱেন্দ্ৰই আমাক দেখুৱাইছিল।

“২০১৮ চনত আমি আমেৰিকাৰ এটা মিউজিয়ামৰ পৰা এই গৰুড়ৰ মুখাৰ সমান ১০ খন মুখা তৈয়াৰৰ অৰ্ডাৰ লাভ কৰিছিলো। তালৈ পঠিয়াবলৈ সুবিধা হোৱাকৈ আমি ডিজাইনত কিছু সলনি কৰিবলগীয়া হৈছিল,” অনুপমে কয়।

এনেকৈয়ে সূচনা হয় উদ্ভাৱনৰ, দূৰ-দূৰণিলৈ প্ৰেৰণৰ সুবিধা হোৱাকৈ ৰি-এছেম্বল কৰিব পৰা আৰু জাপি থ’ব পৰা মুখা তৈয়াৰ কৰিবলৈকো আৰম্ভ কৰে মুখাশিল্পীসকলে। “আমি মুখা তৈয়াৰৰ ক্ষেত্ৰত কিছু নতুনত্ব আনিছো। এবাৰ এজন পৰ্যটকে বেৰত আঁৰি থব পৰা মুখা উপহাৰ হিচাপে বিচাৰিছিল, সেয়ে এই মুখা তেওঁৰ বাবেই তৈয়াৰ কৰিছিলো। সময়ৰ লগে লগে প্ৰত্যোকেই সলনি হবলৈ বাধ্য,” পৰম্পৰাক অৱমাননা কৰা বুলি কৈ অহাসকলক প্ৰত্যুত্তৰ দি এইদৰে কয় অনুপমে।

The Goswami family runs Sangeet Kala Kendra in Samaguri satra that dates back to 1663
PHOTO • Riya Behl
The Goswami family runs Sangeet Kala Kendra in Samaguri satra that dates back to 1663
PHOTO • Riya Behl

১৬৬৩ খ্ৰীষ্টাব্দতে স্থাপিত চামগুৰি সত্ৰত গোস্বামী পৰিয়ালে সংগীত কলা কেন্দ্ৰ চলাই আহিছে

Left: Photos of Dhiren Goswami’s late father, Kosha Kanta Deva Gosawami, who won the prestigious Sangeet Natak Akademi Award for his contribution to this art form.
PHOTO • Riya Behl
Right: Goutam Bhuyan, Anupam Goswami, Dhiren Goswami and Ananto (left to right) in the exhibition hall
PHOTO • Riya Behl

বাওঁফালেঃ ধীৰেন গোস্বামীৰ প্ৰয়াত পিতৃ সংগীত নাটক অকাডেমী বঁটা প্ৰাপক কোষকান্ত দেৱগোস্বামী। সোঁফালেঃ প্ৰদৰ্শনী হলত গৌতম ভূঞা, অনুপম গোস্বামী, ধীৰেন গোস্বামী আৰু অনন্ত (বাওঁফালৰ পৰা সোঁফাললৈ)

এতিয়া তেওঁলোকৰ ব্যৱসায় পৰ্যটনৰ ওপৰতে নিৰ্ভৰশীল। অনুপমে আক্ষেপেৰে কয়, “আমি আগতে উপাৰ্জনত গুৰুত্ব দিয়া নাছিলো। পৰ্যটকৰে ভৰি থকা সময়তো আমাৰ ইমানো লাভ নহয়।”

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা দিনদিয়েক পূৰ্বে পৰ্যটন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা সপ্ৰতিভ যুৱকজনে এতিয়া এইক্ষেত্ৰখনত সন্ধান কৰিছে নতুনত্বৰ। তেঁও আৰু কয়, “আমাৰ পৰম্পৰাগত এই ব্যৱসায়ক কিদৰে আগবঢ়াই নিব পাৰো তাক লৈ মোৰ বহু পৰিকল্পনা আৰু সপোন আছে, কিন্তু সেয়া বাস্তৱায়িত কৰিবলৈ মোক মূলধনৰ প্ৰয়োজন হব।”

পৰিয়ালটোৱে আগ্ৰহী যিকোনো লোককে এই শিল্প শিকাই আহিছে। “প্ৰতিবছৰে আমাৰ ইয়াত ১০ গৰাকী শিকাৰু থাকেই। কাষৰ গাঁৱৰ খেতিৰ সৈতে জড়িত পৰিয়ালৰ পৰা অহা শিকাৰুৰ সংখ্যাই বেছি। আগতে মহিলাসকলে এই শিল্পত জড়িত নহৈছিল, পিছে এতিয়া সেয়া সলনি হৈছে,” অনুপমে কয়। শিকাৰুসকলে তৈয়াৰ কৰা মুখাসমূহো ৱৰ্কশ্বপৰ প্ৰদৰ্শনী হলত বিক্ৰীৰ বাবে ৰখা হয় আৰু বিক্ৰী হ’লে তাৰ কিছু অংশ শিকাৰুসকলেও লাভ কৰে।

Left: Goutam shapes the facial features of a mask using cow dung outside the exhibition hall.
PHOTO • Riya Behl
Right: Dhiren and Goutam showing a bollywood music video three mask makers from Majuli performed in. The video has got over 450 million views on Youtube
PHOTO • Riya Behl

বাওঁফালেঃ প্ৰদৰ্শনী হলৰ বাহিৰত গৌতমে গোবৰ মিহলি মাটিৰ সহায়ত মুখা তৈয়াৰত ব্যস্ত। সোঁফালেঃ মাজুলীৰ ৩গৰাকী মুখাশিল্পীয়ে অভিনয় কৰা বলীউডৰ মিউজিক ভিডিঅ দেখুৱাইছে ধীৰেন আৰু গৌতমে। ভিডিঅ টোৰ ইউটিউবত ৪৫০ মিলিয়ন ভিউজ হৈছে

শিকাৰুসকলৰ মাজৰ এজন গৌতম ভূঞাই নতুনকৈ অহা এটি অৰ্ডাৰৰ বাবে ৱৰ্কশ্বপত মুখা তৈয়াৰত ব্যস্ত হৈ আছে। কমলাবাৰীৰ পটিয়াৰিৰ ২২ বছৰীয়া যুৱকজনৰ পৰিয়ালে নিজৰ ৮ বিঘা মাটিত খেতি কৰি চলি আহিছে। “মই ইয়াত মুখা তৈয়াৰ কৰি থকা দেখি কৌতূহলী হৈ পৰিছিলো, সেয়ে স্কুলৰ পিছত ইয়াত ময়ো শিকিবলৈ ললো। কিয়নো পথাৰলৈ মোৰ যাবলগীয়া তেনেকৈ নহয়েই,” ছাত্ৰজনে কয়।

গৌতমে এতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে নিজাববীয়াকৈয়ো মুখাৰ অৰ্ডাৰ ল’বলৈ আৰম্ভ কৰিছে। তেওঁ কয়, “মোৰ উপাৰ্জন অৰ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া মোৰ গুৰুৱে ডাঙৰ অৰ্ডাৰ লাভ কৰে তেতিয়া মই ইয়াতেই কাম কৰো।” টকাতকৈয়ো এই শিল্প আয়ত্ব কৰি আৰু বহু কিছু লাভ কৰিছে বুলি কওঁতে তেঁওৰ মুখখন উজলি উঠা দেখা গৈছিল। তেওঁ কয়, “মুখাশিল্পৰ বাবেই মই দেশৰ বহু ঠাই ফুৰিবলৈ পাইছো। আনকি বলীউডৰ মিউজিক ভিডিঅটো অভিনয় কৰিবলৈ পাইছো!”

গৌতম আৰু অনুপমে কিছুদিন পূৰ্বে বলীউডৰ মিউজিক ভিডিঅ’ এটিটো অভিনয় কৰিছে যিটোৱে নেকি ইউটিউবত ৪৫০ মিলিয়নৰো অধিক ভিউজ লাভ কৰিছে। অনুপমে ভিডিঅ’টোত আৰম্ভণিৰ শ্বটটোতেই নিজে তৈয়াৰ কৰা মুখা পৰিধান কৰি ৰাৱণৰ চৰিত্ৰত ভাও লৈছে। “আমাক ভিডিঅ’টোত কোনো ক্ৰেডিটেই নিদিলে,” ভিডিঅটোত অভিনয় কৰা আৰু কষ্টিউমত সহায় কৰা আন দুগৰাকী সহঃশিল্পীৰো কোনো নামেই উল্লেখ নাই কৰা বুলি আক্ষেপ কৰি এইদৰে কয় অনপুমে।

পাৰিৰ প্ৰাক্তন ইণ্টাৰ্ন সবজৰা আলী, নন্দিনী বৰা আৰু বৃন্দা জৈনে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সংবাদদাতাই তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Riya Behl

Riya Behl is a multimedia journalist writing on gender and education. A former Senior Assistant Editor at People’s Archive of Rural India (PARI), Riya also worked closely with students and educators to bring PARI into the classroom.

Other stories by Riya Behl
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari