আপুনি তেওঁক পুৱা ৪ বজাতেই মাগ্গাম (তাঁতশাল)ত কাম কৰি থকা দেখা পাব৷ কাষতে যঁতৰত ব্যস্ত তেওঁৰ দুয়োটা সন্তান। ‘‘এই সকলোবোৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল’’, মিচিকিয়া হাঁহি এটি মাৰি তেওঁ এইদৰে কয়৷ ‘‘এই শাড়ীবোৰৰ কাম কৰি শেষ কৰিবলৈ আমাক বহু সময়ৰ প্ৰয়োজন হয়৷ দেখা পাইছেই হয়তো, ইয়াত কিমান অন্ধকাৰ৷’’

‘‘ইয়াত’’ বুলি কওঁতে বাসত্তৰ বৰ্গফুটৰ এটুকুৰা ঠাইৰ কথাহে কোৱা হৈছে৷ ঘৰখনত দুখন তাঁতশাল আৰু প্ৰাণী বুলিবলৈ কৃষ্ণাম্মা আৰু তেওঁৰ সন্তানদুটি৷ তাঁতশাল দুখনে ঘৰটোৰ অধিকাংশ ঠাই আগুৰি লৈছে৷ বেপাৰীয়ে কিছু কেঁচামাল ঘৰটোতেই থৈ গৈছে৷ কাম শেষ হোৱাৰ পিছত তেওঁ সংগ্ৰহ কৰিব৷ কৃষ্ণাম্মা আৰু তেওঁৰ জীয়েক অমিতাই নিজ হাতে বোৱা ধুনীয়া শাড়ীবোৰ হয়তো নিজে কেতিয়াও পৰিধান কৰিবলৈ নাপাব৷ প্ৰতিখন শাড়ীত তেওঁলোকে ৬০০ টকাকৈ লাভ কৰে৷ পুতেক পুলান্নাইও তেওঁলোকক কামত সহায় কৰে৷ ‘‘এমাহত দুখন শাড়ীহে প্ৰস্তুত কৰিব পৰা হয়গৈ৷ আজিকালি আমি মাত্ৰ এইখিনিয়েই কাম পাওঁ৷’’ তেওঁলোকৰ কামৰ কোনো ধৰা-বন্ধা সময় নাথাকে৷ কাৰণ বিজুলীৰ লুকা-ভাকু আৰু মাজে-মাজে যন্ত্ৰ অচল হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কাম লেহেমীয়া হৈ পৰে। অনন্তপুৰ জিলাৰ সুব্ৰয়নপল্লি গাঁৱৰ এয়াই কাহিনী৷

PHOTO • P. Sainath

অননন্তপুৰৰ ঘৰত নিজৰ দুই সন্তান অমিতা আৰু পুলান্নাৰ সৈতে কৃষ্ণাম্মা

‘‘যেতিয়াই’’ কাৰেণ্ট আহে, আমি তেতিয়াই কামত ধৰিবলগীয়া হয়’’, কৃষ্ণাম্মাই এইদৰে কয়৷ তেওঁ নিজেও কাম কৰাৰ লগতে আনখন শালত কাম কৰি থকা সন্তানদুটিকো সহায় কৰিবলগীয়া হয়৷ তাৰোপৰি ঘৰৰ আনবোৰ কাম আছেই৷ মাজে-মাজে তেওঁ দিন হাজিৰাৰ কাম কৰে যদিও দিনটোত ২৫ টকাতকৈ অধিক নাপায়৷ ‘‘ছোৱালী অৱস্থাতেই মই কিছু বোৱা-কটাৰ কাম শিকিছিলো’’, তেওঁ কয়৷ ইয়াৰ মাজতে বহু সময় থিয় হৈ কাম কৰি থকাৰ বাবে আৰু ল’ৰা-ছোৱালীদুটাকো কামত সহায় কৰি দি থকাৰ বাবে তেওঁৰ ভৰিও ফুলি গৈছে৷ ল’ৰা-ছোৱালী দুয়োটাই স্কুললৈ যোৱা বাদ দিছে৷ ১৪ বছৰীয়া পুলান্নাই ৪ কিলোমিটাৰ দূৰৈৰ স্কুললৈ যাব নোৱাৰে আৰু ১৫ বছৰীয়া অমিতাই পঢ়িবলৈ মন থাকিলেও মাকক কামত সহায় কৰিবলগীয়া হোৱাৰ বাবে স্কুললৈ যোৱা বাদ দিছে৷

বিগত ১৪ বছৰত দেশত যি লক্ষাধিক কৃষকে আত্মহত্যা কৰিছে, সেই কৃষকবোৰৰ মাজৰ এগৰাকীৰ দুৰ্ভৰ্গীয়া পত্নী এই কৃষ্ণাম্মা৷ দেশৰ ভিতৰতে অনন্তপুৰত সৰ্বাধিক সংখ্যক কৃষকে আত্মহত্যা কৰিছে৷ ৬০,০০০ টকাৰে চাৰে তিনি একৰ খেতিমাটিত চাৰিটাকৈ ব’ৰৱেল বহুওৱাৰ পিছত বিফল হৈ কৃষ্ণাম্মাৰ গিৰিয়েক নেথী শ্ৰীনিৱাসুলুয়ে ফাঁচী লগাই আত্মহত্যা কৰিছিল৷ ‘‘ঋণদাতাসকলে ইয়ালৈ আহি মোৰ পৰা টকা খোজে’’, কৃষ্ণাম্মাই এইদৰে কয়৷ ‘‘মই দিব নোৱাৰো, ক’ৰ পৰা টকা পাম? চৰকাৰৰ পৰাও তেওঁৰ মৃত্যুৰ পিছতো কোনো ধৰণৰ অনুদান লাভ নকৰিলো৷’’ খেতি-বাতিত কৃষ্ণাম্মাৰ বিশ্বাস নাই৷ ‘‘খেতিত আমাৰ যথেষ্ট লোকচান হৈছে৷’’ তেওঁৰ অনুশোচনা বা দুখ প্ৰকাশ কৰি থকাৰ বাবেও সময় নাই৷ কাৰণ, যিকোনো মূল্যৰ বিনিময়ত তেওঁ এতিয়া এটা পৰিয়ালৰ ভৰণ-পোষণ কৰিব লাগিব।

চিন্না মুস্তুৰু গাঁৱত পাৰ্বতী মাল্লাপ্পাই চিলাইৰ স্কুল এখন আৰম্ভ কৰিছে৷ এই অসাধাৰণ মহিলাগৰাকীয়ে ২০০৩ত তেওঁৰ স্বামীক আত্মহত্যাৰ বিৰুদ্ধে পৰামৰ্শ দিছিল৷ তেওঁ কৈছিল যে গোটেই গাঁওখনেই ধাৰত ডুবি আছে, তেওঁ যাতে ঋণদাতাৰ হেঁচাত পৰি হতাশ নহয়৷ তথাপিও ঋণদাতাৰ চাপ সহ্য কৰিব নোৱাৰি দুগ্গালা মাল্লাপাই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ পিছতে পাৰ্বতীয়ে কৰ্ণাটকৰ বেলাৰীত থকা মাকৰ ঘৰলৈ ঘূৰি যাবলৈ সিদ্ধান্ত লৈছিল৷ পাৰ্বতীয়ে তাতে থাকি তিনিগৰাকী জীয়েক বিন্দু (৪ বছৰ), বিদি (৭ বছৰ) আৰু দিব্যা (৯ বছৰ)ক শিক্ষিত কৰাৰ সিদ্ধান্ত লৈছিল৷ উল্লেখ্য যে দশম শ্ৰেণী উত্তীৰ্ণ পাবৰ্তী গাঁওখনৰ ভিতৰতে এগৰাকী উচ্চশিক্ষিত মহিলা৷

PHOTO • P. Sainath

পাৰ্বতী মাল্লাপ্পাই নিজে চিলাইৰ কাম শিকিছে আৰু তিনিগৰাকী জীয়েকক শিক্ষিত কৰাৰ সিদ্ধান্ত লৈছে

পাৰ্বতীয়ে নিজৰ ১২ একৰ ভূমি পানীৰ দামত লীজত দি চিলাইৰ কাম শিকাৰ সিদ্ধান্ত লৈছিল৷ ‘‘মই সৰু থাকোঁতে চিলাইৰ কিছু কাম কৰিছিলো৷ তেতিয়াই এই কাম কৰিব পাৰিম বুলি মই অনুভৱ কৰিছিলো’’, তেওঁ এইদৰে কয়৷ এয়া একপ্ৰকাৰৰ দিন হাজিৰা কামৰ দৰেই লাগিছিল কিয়নো তেওঁ মাল্লাপ্পাৰ ঋণো শুজিবলগীয়া হৈছিল৷ ইয়াৰ বাবে তেওঁ লাভ কৰা ক্ষতিপূৰণৰ ধন আৰু ঘৰৰ পোহনীয়া জন্তুকে ধৰি অন্যান্য সামগ্ৰীও বিক্ৰী কৰিবলগীয়া হৈছিল৷ তাৰোপৰি তিনিগৰাকী কিশোৰী কন্যাৰ সৈতে অকলে জীৱন নিৰ্বাহ কৰাটোও তেওঁৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছিল৷ ডাঙৰ জীয়েক দুজনী পঢ়া-শুনাত ভাল৷ এজনীয়ে বিজ্ঞানৰ পৰীক্ষাত ৫০ৰ ভিতত ৪৯ পাইছে৷ পাৰ্বতীৰ লক্ষ্য হ’ল ‘‘জীয়েককেইজনীয়ে যিমানলৈ পঢ়িব পাৰে সিমানলৈ পঢ়োৱা’’৷

চিলাইৰ কামেই কিয়? তেওঁ গাঁওখনত চকু ফুৰাইছিল৷ ‘‘আমাৰ ইয়াত প্ৰায় ৮০০ টা পৰিয়াল আছে৷ প্ৰায় প্ৰতিটো পৰিয়ালতে এজনীকৈ ছোৱালী আছে৷ এইটো সঁচা যে চিলাইৰ কাম কৰি মই মাত্ৰ কেইটামানহে টকা পাওঁ৷ কিন্তু এইটোও সঁচা যে ইয়াত চিলাইৰ কাম শিকোৱাৰ অৱকাশ আছে৷ যদি ১০ শতাংশ পৰিয়ালেও তেওঁলোকৰ ছোৱালীক চিলাইৰ কাম শিকিবলৈ পঠিয়ায়, তেতিয়াও মই চম্ভালিব পৰাকৈ শিক্ষাৰ্থী মোৰ বাবে হৈ যায়’’, তেওঁ এইদৰে কয়৷ এনেদৰে তেওঁ দুটা চিলাই মেচিন যোগাৰ কৰি ‘‘স্কুল’’খন আৰম্ভ কৰিছে৷ ‘‘মোৰ ছোৱালীকেইজনী স্কুলত থকাৰ সময়ত মই যথেষ্ট কাম কৰিব পাৰো৷ সিহঁতবোৰ স্কুলৰ পৰা অহাৰ পিছত হুলস্থুল আৰম্ভ হৈ যায়’’, তেওঁ এইদৰে কয়৷

‘‘তেওঁৰ সাহস অদম্য’’, অনন্তপুৰৰ ৰুৰেল ডেভেলপমেণ্ট ট্ৰাষ্টৰ ইক’লজি চেণ্টাৰৰ সঞ্চালক মাল্লা ৰেড্ডীয়ে এইদৰে কয়৷ এই ছোৱালীবোৰৰ শিক্ষাত সহায় কৰা সংস্থাটোৰ সৈতে তেওঁ জড়িত৷ ‘‘তিনিজনী ছোৱালীৰ সৈতে অকলে থকা আৰু প্ৰত্যাহ্বানসমূহৰ অকলশৰীয়াকৈ মুখামুখি হোৱাটো সাধাৰণ কথা নহয়৷ কিন্তু তেওঁ এয়া হেলাৰঙে সম্পন্ন কৰিছে৷ আৰু তেওঁ সন্তানকেইটিৰ ভৱিষ্যত উজ্বল হোৱাৰ সপোন দেখিছে৷ জীৱনটোক লৈ তেওঁৰ এয়েই আশা৷’’

জিলাখনৰ শ শ পাৰ্বতী আৰু কৃষ্ণাম্মাৰ কাহিনী প্ৰায় একেই৷ বহুতৰে ঋণৰ ধন পৰিশোধ কৰিবলৈ পোহনীয়া জন্তু, মাটি পৰ্যন্ত বিক্ৰী গৈছে, কিন্তু এতিয়াও ঋণমুক্ত হোৱা নাই৷ বহুতৰে সন্তানে স্কুললৈ যোৱা বাদ দিছে৷ বহুতে হাঁড় ভঙা শ্ৰম কৰিও প্ৰাপ্য ধনখিনি পোৱা নাই৷ হয়তোবা তেওঁলোকে ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োজন নিশ্চিতি কাৰ্যসূচীৰ অধীনত কাম পালে অধিক উপাৰ্জন কৰিব পাৰিলেহেঁতেন৷ অঞ্চলটোত বৰ্ধিত এই আত্মহত্যাৰ ঘটনাই পৰিয়ালবোৰক দুৰ্ভিক্ষ আৰু হতাশাৰ গভীৰ কুঁৱাৰ ভিতৰলৈ থেলি দিছে৷ কিছুমান পৰিয়ালত এটাতকৈও অধিক আত্মহত্যাৰ ঘটনা ঘটা দেখা গৈছে৷ লক্ষাধিক পৰিয়ালে এতিয়াও পৰিস্থিতিৰ সৈতে যুঁজি আছে যাতে পৰৱৰ্তী প্ৰজন্মই এই দুখ সহ্য কৰিবলগীয়া নহয়৷ পাৰ্বতী মাল্লাপ্পাই কোৱাৰ দৰে, ‘‘এয়া আমাৰ সন্তানবোৰৰ বাবে৷ আমাৰ সময় পাৰ হৈছে৷’’

এই প্ৰৱন্ধ টোৰ মূল সংস্কৰণ দি হিন্দুত ২৬ জুন ২০০৭ তাৰিখে প্ৰকাশিত হৈছিল৷

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder