সুৰজ জাত্তিৰ দাঢ়ি ঠুটিওৱাই নাছিল, তেতিয়াই তেওঁ দেউতাকক কৈছিল যে তেওঁ সেনাবাহিনীৰ জোৱান হ’ব। তেওঁৰ দেউতাক শংকৰ নিজেই সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত এগৰাকী জোৱান, পুতেকক একেদৰেই দেশৰ হকে সেৱা আগবঢ়োৱাৰ বাবে উৎসাহিত কৰিব পাৰি তেওঁ নিজেই গৌৰৱান্বিত হৈছিল।

“মোৰ ঘৰৰ পৰিৱেশটোৱেই তেনেকুৱা আছিল, গতিকে মই সেনালৈ যোৱাৰ বাদে বেলেগ চিন্তা কৰা নাছিলো,” ১৯ বৰ্ষীয় সুৰজে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ পালুচ চহৰৰ এখন প্ৰতিষ্ঠানত তেওঁৰ প্ৰশিক্ষণ চলি থকাৰ মাজতে পাৰিক কয়। “মোৰ যিমান মনত আছে, মোৰ মনলৈ আন কোনো কেৰিয়াৰৰ কথা অহা নাই।” সন্তানৰ সিদ্ধান্তত পিতৃ শংকৰ সন্তুষ্ট হৈছিল। দেউতাক এজন হৈ সন্তানৰ এনে এক সিদ্ধান্তত হয়ভৰ নিদিয়াকৈ কেনেকৈনো থাকিব পাৰি।

পিছে এটা দশকো পাৰ হ’বলৈ নাপালে, শংকৰে নিজৰ সন্তানৰ সিদ্ধান্তক লৈ দৃঢ়মনা হৈ থাকিব নোৱাৰিলে। এজন আৱেগিক আৰু গৌৰৱান্বিত পিতৃৰ পৰা তেওঁ কেইটামান বছৰ মানে সঠিককৈ ক’বলৈ গ’লে ২০২২ৰ ১৪ জুনৰ পিছৰ পৰা এজন সন্দেহবাদী পিতৃ হৈ পৰিল।

এইটো দিনতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদমেল এখন আয়োজন কৰি কয়, “অগ্নিপথ আঁচনিৰ অধীনত ভাৰতৰ ডেকা প্ৰজন্মক সেনাবাহিনীত অগ্নিবীৰ হিচাপে যোগদান কৰাৰ সুযোগ প্ৰদান কৰা হ’ব।”

এই আঁচনিৰ আগতে ভাৰতীয় সেনাবাহিনীত ২০১৫ৰ পৰা ২০২০ৰ ভিতৰত নিযুক্তিৰ বাৰ্ষিক গঢ় আছিল ৬১,০০০। ক’ভিড অতিমাৰীৰ পিছত, ২০২০ৰ পৰা নিযুক্তি বন্ধ হৈ আছিল।

অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে এক “যুৱ, অধিক সবল আৰু বহুধাবিভক্ত” শক্তি গঢ়ি তোলাৰ বাবে প্ৰায় ৪৬ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ল - আগৰ তুলনাত কম। নিযুক্তিৰ বাবে উপযুক্ত বয়স ১৭.৫ৰ পৰা ২১ নিৰ্ধাৰণ কৰা হৈছিল, য’ত সেনাবাহিনীৰ বয়স ৪ৰ পৰা ৫ বছৰ কমাই অনা হয়, চৰকাৰী বিজ্ঞপ্তিত এই কথা কোৱা হৈছে।

সেনাবাহিনীত জীৱনজোৰা কেৰিয়াৰৰ বিপৰীতে অগ্নিবীৰৰ কৰ্মকাল চাৰিবছৰীয়া, সেই কাৰ্য্যকালৰ অন্তত সেইটো বেটচত নিযুক্তি পোৱা মুঠ সৈন্যৰ ২৫ শতাংশই সেনাবাহিনীৰ নিয়মীয়া কেডাৰত চাকৰি পাব।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাওঁফালে: সুৰক্ষা বলত যোগদান দিয়াৰ বাবে চাংলি জিলাৰ পালুচ চহৰৰ যশ একাডেমিত প্ৰস্তুতি চলাই থকা অৱস্থাত ডেকা ল’ৰা-ছোৱালী। সেনাত জীৱনজোৰা কেৰিয়াৰৰ দৰে এই সেৱা নহয়, অগ্নিপথ সেৱা আঁচনি চাৰিবছৰীয়া, যাৰ অন্তত বেটচটোৰ ২৫ শতাংশই সেনাবাহিনীত নিয়মীয়া কেডাৰত নিযুক্ত হ’ব। সোঁফালে: প্ৰাক্তন সেনা তথা কুণ্ডলৰ সৈনিক ফেডাৰেচনৰ সভাপতি শিৱাজী সুৰ্য্যবংশী (নীলা পোচাকত)য়ে কয়, ‘সৈনিক হিচাপে সাজু হ’বলৈ চাৰিটা বছৰ তেনেই কম সময়’

প্ৰাক্তন সেনা তথা কুণ্ডলৰ সৈনিক ফেডাৰেচনৰ সভাপতি শিৱাজী সুৰ্য্যবংশী (নীলা পোচাকত)য়ে কয়, “সৈনিক হিচাপে সাজু হ’বলৈ চাৰিটা বছৰ তেনেই কম সময়,” তেওঁ কয়। “তেওঁলোকক কাশ্মীৰ বা আন কোনো সংঘৰ্ষপীড়িত অঞ্চলত মোতায়েন কৰিলে অনভিজ্ঞ হোৱাৰ বাবে তেওঁলোকে আন প্ৰশিক্ষিত সৈন্যক বিপদত পেলাব পাৰে। আঁচনিখনে ৰাষ্ট্ৰীয় সুৰক্ষা সংকটাপন্ন কৰিব পাৰে।”

তদুপৰি এই আঁচনিৰ অধীনত নিযুক্তি পোৱাসকলৰ বাবেও এয়া অসন্মানজনক। “অগ্নিবীৰজন কৰ্তব্যৰত অৱস্থাত ঢুকালে তেওঁলোকে আনকি ছহিদৰ মৰ্য্যাদাও নাপায়,” তেওঁ কয়। “এয়া লজ্জাজনক কথা। এজন বিধায়ক বা সাংসদে এমাহো যদি কাৰ্য্যনিৰ্বাহ কৰে, তেওঁ গোটেই কাৰ্য্যকাল সেৱা আগবঢ়োৱাজনৰ সমানেই সুবিধা পায়। তেন্তে সেনাবাহিনীৰ ক্ষেত্রত এনে বৈষম্য কিয়?”

এই আঁচনিখন ঘোষণা কৰাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেনাত ভৰ্তি হ’ব বিচৰা প্ৰাৰ্থী আৰু সেনাবাহিনীৰ প্ৰাক্তন সেনাই ইয়াৰ বিৰোধিতা কৰিছিল।

২০২৪ৰ সাধাৰণ নিৰ্বাচনত অভূতপূৰ্ব সঁহাৰি পোৱাৰ পিছত বিজেপি পৰিচালিত কেন্দ্ৰীয় চৰকাৰে উক্ত সংশোধনৰ সিদ্ধান্ত লয়। ভাৰতীয় জনতা দলে হাৰিয়ানা, পাঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান, যিকেইখনত সেনাবাহিনীত ভৰ্তি হোৱা লোকৰ সংখ্যা আটাইতকৈ বেছি, সেইকেইখন ৰাজ্যত শোচনীয়ভাৱে পৰাজিত হয়। দুটা বছৰ পাৰ হৈ যোৱাৰ পিছতো আঁচনিখনৰ প্ৰতি বিৰাগ পশ্চিম মহাৰাষ্ট্ৰত স্পষ্ট, য’ত সেনাবাহিনীত ভৰ্তি হোৱা যুৱচামৰ সংখ্যা অধিক। তাত এনে গাঁৱো আছে য’ৰ প্ৰতিঘৰ মানুহৰ এজনকৈ হ’লেও সেনাবাহিনীত আছে।

জাত্তিৰো জন্ম এনে এটা পৰিয়ালতে। তেওঁ কলা শাখাৰ স্নাতক ডিগ্ৰীৰ শেষৰটো বৰ্ষত অধ্যয়নৰত। কিন্তু তেওঁ অগ্নিবীৰ হ’বৰ বাবে তেওঁ প্ৰতিষ্ঠান এটাত নামভৰ্তি কৰাৰ পিছৰেপৰা তেওঁ পঢ়া-শুনা বাদ পৰাই দৰেই হৈছে।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত বৰ কঠোৰ অনুশীলন কৰোৱা হয়: চমু দূৰত্বৰ দৌৰ, পুছ-আপ, মজিয়াত বগুৱা বাই যোৱা আনকি দৌৰোতে এজনক বোকোচাত লৈ দৌৰা আদি কৰোৱা হয়

“মই পুৱাৰ ভাগত তিনিঘণ্টা আৰু সন্ধিয়াৰ ভাগত তিনিঘণ্টা শাৰীৰিক প্ৰশিক্ষণ কৰোঁ,” তেওঁ কয়। “বৰ ভাগৰ লাগে আৰু পঢ়িবলৈ গাত শক্তি নাথাকে। বাচনি হৈ গ’লে মই পঢ়া এৰিব লাগিব,” তেওঁ কয়।

প্ৰশিক্ষণ প্ৰতিষ্ঠানটোত তেওঁ বৰ কঠোৰ অনুশীলন কৰে: চমু দূৰত্বৰ দৌৰ, পুছ-আপ, মজিয়াত বগুৱা বাই যোৱা আনকি দৌৰোতে এজনক বোকোচাত লৈ দৌৰা আদিও কৰে। অনুশীলনৰ অন্তত তেওঁ কাপোৰ-কানি তিতি যায়, বোকা লাগি থাকে। কেইঘণ্টামানৰ পিছত তেওঁ আকৌ অনুশীলন আৰম্ভ কৰে।

এনেকৈ এবছৰ অনুশাসন মানি চলি যদি অগ্নিবীৰ হিচাপে জাত্তিৰ বাচনি হয়, তেওঁ মাহে ২১,০০০ টকা পাব, চতুৰ্থ বছৰটোত সেয়া ২৮,০০০ হ’ব। তেওঁ যদি সেই ২৫ শতাংশত সোমাব নোৱাৰে, তেন্তে তেওঁ অগ্নিবীৰ হিচাপে নিযুক্তিৰ বাবদ আঁচনিৰ অধীনত ১১.৭১ লাখ টকা লৈ ঘৰলৈ উভতিব লাগিব।

তেতিয়ালৈ তেওঁৰ বয়সো ২৩ বছৰ হ’ব, চাকৰিৰ বজাৰত তেওঁ স্নাতক ডিগ্ৰী এটা নোহোৱাকৈ সোমালে কাম পোৱাৰ সম্ভাৱনাও তেওঁৰ কমিব।

“এইটো কাৰণতে দেউতাৰ চিন্তা লাগি থাকে,” জাত্তিয়ে কয়। “তেওঁ তাতকৈ মোক আৰক্ষী বিষয়া হোৱাৰ বাবে জোৰ দি আছে।”

ভাৰত চৰকাৰে কৈছিল যে আঁচনিৰ প্ৰাৰম্ভিক বৰ্ষ ২০২২ত ৪৬,০০০ অগ্নিবীৰ নিয়োগ কৰা হ’ব, গতিকে ২০২৬ত তাৰে ৭৫ শতাংশ মানে ৩৪,৫০০ যুৱক-যুৱতীয়ে ২০ বছৰমান বয়সত ঘৰলৈ কোনো সম্ভাৱনা অবিহনে উভতিব লাগিব, আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব।

২০২৬লৈ নিযুক্তিৰ সৰ্বোচ্চ ১৭৫,০০০। পঞ্চম বছৰটোত চৰকাৰে নিযুক্তিৰ সংখ্যা ৯০,০০০লৈ বঢ়োৱাৰ লক্ষ্য হাতত লৈছে আৰু তাৰ পৰৱৰ্তী বৰ্ষত ১২৫,০০০ কৰা হ’ব।

PHOTO • Parth M.N.
PHOTO • Parth M.N.

বাওঁফালে: অগ্নিপথ আঁচনিখন ঘোষণা কৰাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেনাত ভৰ্তি হ’ব বিচৰা প্ৰাৰ্থী আৰু সেনাবাহিনীৰ প্ৰাক্তন সেনাই ইয়াৰ বিৰোধিতা কৰিছিল। সোঁফালে: প্ৰকাশ ভোৰে, তেঁৱেই পালুচত যশ একাডেমিখন চলায়, তেওঁ ভাবে যে স্নাতক ডিগ্ৰী নকৰাকৈ এনেকৈ পঢ়া আধাতে এৰি নিযুক্তি লাভৰ চাৰিবছৰ পিছত ঘূৰি আহিবলগীয়া হোৱাৰ ফলত গ্ৰামাঞ্চলত নিবনুৱা সমস্যা বাঢ়িব

সেনাৰ পোছাক পৰিধান কৰিবলৈ পোৱা সৰহভাগ ল’ৰা-ছোৱালীৰ মাক-দেউতাক কৃষি সংকটৰ সৈতে যুঁজি থকা কৃষক। বোজা বব নোৱাৰা হৈ পৰা ঋণ, উৎপাদিত শস্যৰ মূল্য হ্ৰাস, ঋণৰ সুবিধাৰ অভাৱ আৰু জলবায়ু পৰিৱৰ্তনৰ বিধ্বংসী প্ৰভাৱৰ ফলত হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিছে। বহনক্ষম সময়ৰ বাবে সুস্থিৰ আয়ৰ প্ৰয়োজন এনে কৃষক পৰিয়ালৰ সন্তানৰ বাবে অতিকৈ প্ৰয়োজন।

পালুচত যশ একাডেমিখন চলোৱা প্ৰকাশ ভোৰেয়ে ভাবে যে স্নাতক ডিগ্ৰী নকৰাকৈ এনেকৈ পঢ়া আধাতে এৰি নিযুক্তি লাভৰ চাৰিবছৰ পিছত ঘূৰি আহিবলগীয়া হোৱাৰ ফলত গ্ৰামাঞ্চলত নিবনুৱা সমস্যা বাঢ়িব। “নিযুক্তিৰ বজাৰখন এনেও সম্ভাৱনাপূৰ্ণ নহয়,” তেওঁ কয়। “তাতে আকৌ ডিগ্ৰী নাথাকিলে সমস্যা পৰিস্থিতি আৰু শোচনীয় হ’ব। চাৰি বছৰ চাকৰি কৰি উভতি অহাৰ পিছত তেওঁলোকে চ’চাইটি এখনৰ বাহিৰত বা এটিএমত প্ৰহৰী হিচাপে কাম কৰিবলগীয়া হ’ব।”

ছোৱালীয়ে কোনো তেনে যুৱকৰ লগত বিয়া হ’বও নিবিচাৰিব, তেওঁ কয়। “ছোৱালীৰ পক্ষই স্পষ্টকৈ সোধে যে ল’ৰাটোৰ স্থায়ী চাকৰি আছে নে তেওঁ ‘চাৰিবছৰীয়া সেনা জোৱান’।” কল্পনা কৰক এনে এজাক যুৱক যিয়ে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিব জানে, কিন্তু কৰিবলৈ একো কাম নাই। ভয়ংকৰ ছবি এখন মোৰ মনলৈ আহে, সেয়ে বেছি ক’ব নোখোজো।”

সেনাবাহিনীত ১৭ বছৰ চাকৰি কৰা মেজৰ হিম্মত আওহাল, যিয়ে ২০০৯ৰ পৰা চাংলিত এক প্ৰশিক্ষণ প্ৰতিষ্ঠান চলাই আহিছে, তেওঁ কয় যে আঁচনিখনে আচলতে যুৱচামক সেনাবাহিনীত যোগ দিয়াৰ ক্ষেত্রত নিৰুৎসাহ কৰিছে। “২০০৯ৰ পৰা আমাৰ ইয়াত প্ৰতিবছৰে ১,৫০০ৰ পৰা ২,০০০ ল’ৰা-ছোৱালীয়ে যোগদান কৰিছিল,” তেওঁ কয়। “অগ্নিপথ আঁচনি ঘোষণা কৰাৰ পিছত সেই সংখ্যা ১০০লৈ হ্ৰাস পাইছে। এয়া অস্বাভাৱিক।”

এনে পৰিস্থিতিত নিযুক্তি পোৱাজনে আশা কৰে যে তেওঁ সেই ২৫ শতাংশৰ ভিতৰত থাকিব - জাত্তিয়ে কৰাৰ দৰে। নাইবা ৰিয়া বেলডাৰৰ দৰে, যাৰ এক আৱেগিক কাৰণো আছে।

বেলডাৰ চাংলিৰ মিৰাজ নামে সৰু চহৰখনৰ সৰু চহৰখনৰ উপান্ত খেতিয়কৰ জীয়ৰী। সৰুৰে পৰা মোমায়েকৰ সৈতে তেওঁ খুবেই ঘনিষ্ঠ আৰু সদায় তেওঁক গৌৰৱান্বিত কৰাৰ আশা পুহি ৰাখিছে। “তেওঁ ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল,” তেওঁ কয়। “সেই সপোন তেওঁৰো আছিল, যিটো তেওঁ পুৰণ কৰিব নোৱাৰিলে। মই তেওঁক মোৰ যোগেদি সেই সপোন পুৰণ হোৱাটো বিচাৰিছিলো।”

PHOTO • Parth M.N.
PHOTO • Parth M.N.

যুৱতীয়ে সেনাত যোগদান কৰিব বিচৰা কথাত বহুতেই অৱমাননাসূচক মন্তব্য দিয়ে। ‘মই ঘূৰি আহি ছোৱালীৰ বাবে এক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ কৰিব বিচাৰো,’ ৰিয়া বেলডাৰে কয়, তেওঁ চাংলিৰ মিৰাজ নামে সৰু চহৰখনৰ উপান্ত খেতিয়কৰ সন্তান, যশ প্ৰতিষ্ঠানতে তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে

আওহালৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ৰিয়াই ছোৱালী হোৱা সত্ত্বেও সেনাত যোগদান কৰিব বিচৰা কথাটোত চুবুৰীয়াই কটাক্ষ কৰে যদিও তেওঁ সেইবোৰ কথা উপেক্ষা কৰি চলে। তেওঁক সেই লৈ কিছুমানে ঠাট্টা-মস্কৰা কৰে। “কিন্তু মোৰ কাষত মোৰ মা-দেউতাই থিয় দিছে, সেয়ে মই সিহঁতৰ কথাত মন নিদিও,” বেলডাৰে কয়।

১৯ বৰ্ষীয় ৰিয়াই স্বীকাৰ কৰে যে অগ্নিবীৰ আঁচনি তেওঁৰ বাবে আদৰ্শ হিচাপে ল’বপৰা কেৰিয়াৰ নহয়। “আপুনি দিনৰ দিনটো কঠোৰ অনুশীলন কৰিব, মানুহৰ সমালোচনা সহিব, নিজৰ শিক্ষাক লৈ ৰিস্ক ল’ব, সেনাৰ পোচাক পিন্ধিব,” তেওঁ কৈ যায়, “আৰু চাৰিটা বছৰ পিছত আপোনাৰ পৰা সেই সকলোখিনি কাঢ়ি লৈ যোৱা হ’ব, ভৱিষ্যত বুলি একো নাথাকিব। এয়া অন্যায় বুলিয়েই ক’ব লাগিব।”

অৱশ্যে চাৰিটা বছৰ পাৰ কৰাৰ পিছত কি কৰা যাব, সেই লৈ তেওঁ পৰিকল্পনা কৰি থৈছে। “মই ঘূৰি আহি ছোৱালীবোৰৰ কাৰণে এখন প্ৰতিষ্ঠান খুলিম আৰু আমাৰ কুঁহিয়াৰৰ খেতি কৰিম,” তেওঁ কয়। “চাৰিটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত স্থায়ী নিযুক্তি নাপালে মই অন্ততঃ এই কথা ক’ব পাৰিম যে মই সেনাবাহিনীত সেৱা আগবঢ়াইছো আৰু মোৰ মামাৰ সপোনটো পুৰণ কৰিছো।”

ক’লহাপুৰৰ ওম বিভুতে (১৯)য়ে বেলডাৰ দৰে একেখন প্ৰতিষ্ঠানতে প্ৰশিক্ষণ লৈ আছে, তেঁৱো একেধৰণৰ চিন্তাৰে আগবাঢ়িছে। তেওঁ অগ্নিপথ আঁচনি ঘোষণা কৰাৰ আগতেই প্ৰতিষ্ঠানটোত যোগদান কৰিছিল, আশা কৰিছিল যে তেওঁ দেশৰ প্ৰতি সেৱা আগবঢ়াব। কিন্তু দুটা বছৰ আগত তেওঁ পাঠ্যক্ৰম সলনি কৰিলে। “এতিয়া মই এজন আৰক্ষী বিষয়া হ’ব বিচাৰো,” তেওঁ কয়। “এই চাকৰিত আপুনি ৫৮ বছৰ বয়সলৈকে চাকৰিৰ নিৰাপত্তা লাভ কৰিব আৰু আৰক্ষীত যোগদান কৰা মানেও দেশৰ স্বাৰ্থত কাম কৰা। মই সেনা জোৱান হ’ব পাৰিলে ভাল পালোহেঁতেন, কিন্তু অগ্নিপথ আঁচনিৰ বাবে মই মন নেমেলিলো,” তেওঁ কয়।

বিভুতে কয় যে চাৰিটা বছৰ পিছত যে ঘূৰি আহিব লাগিব, সেই কথা ভাবি তেওঁ বৰ উদ্বিগ্ন হৈ পৰে। “ঘূৰি আহি মই কি কৰিম?” তেওঁ প্ৰশ্ন কৰে। “কোনে মোক ভাল কাম এটা দিব? মানুহ নিজৰ ভৱিষ্যতক লৈ বাস্তৱবাদী হ’ব লাগে।”

সেনাবাহিনীৰ প্ৰাক্তন জোৱান সুৰ্য্যবংশীয়ে কয় যে অগ্নিপথ আঁচনিৰ আটাইতকৈ ডাঙৰ কুফলটো হৈছে এই আঁচনিয়ে সেনাবাহিনীৰ প্ৰতি উচ্চাকাংক্ষা থকা যুৱচামৰ মাজত জাতীয়তাবোধ কম কৰিছে। “মই কিছুমান বৰ অশান্তিকৰ বাতৰি শুনিবলৈ পাইছো,” তেওঁ কয়। “যেতিয়া ল’ৰা-ছোৱালীয়ে বুজি পায় যে তেওঁলোকে সেই ২৫ শতাংশত নাথাকিব, তেওঁলোকৰ উৎসাহ নাইকিয়া হয় আৰু জ্যেষ্ঠজনৰ নিৰ্দেশ মানিবলৈ এৰে। মই তেওঁলোকক দোষ নিদিও। আপুনি কিয় নিজৰ জীৱনটো বিপদত পেলাব, কিয় আপোনাৰ তেজ-ঘাম এনে এটা সেৱাত ন্যস্ত কৰিব য’ত আপোনাক চাৰিটা বছৰৰ পিছত উলিয়াই দিয়া হ’ব? এই আঁচনিয়ে সেনা জোৱানক চুক্তিভিত্তিক শ্ৰমিকলৈ পৰিণত কৰিছে।”

অনুবাদ: পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das